মাধবদেৱ সাহিত্যৰ প্ৰতিভা
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ অসমীয়া সাহিত্য প্ৰতিভা - ✍ শ্ৰদ্ধা কোঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰেই মাধৱদেৱো আছিল বহুমুখী প্ৰতিভাৰ সম্পন্ন মহাপুৰুষ ।অসমীয়া সাহিত্যৰ বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত শংকৰদেৱৰ পিছতেই এইজনা ব্যক্তিয়ে স্থান লাভ কৰিছিল ।।মহাপুৰুষ মাধৱদেৱ আছিল শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী শিষ্য । গুৰুজনাই তেওঁক ' বঢ়ৰ পো' বুলি সম্বোধন কৰিছিল। বহুমুখী প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ আছিল একেধাৰে ধৰ্ম প্ৰচাৰক শাস্ত্ৰৱেত্তা,সুগায়ক, কবি, নাট্যকাৰ আৰু গীতিকাৰ আছিল ।বৈষ্ণৱ ধৰ্মত শৰণ লোৱাৰ আগতে মাধৱদেৱ ঘোৰ শাক্ত লোক আছিল । নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্রত শংকৰদেৱৰ প্ৰধান সহায়ক আছিল মহাপুৰুষ মাধৱদেৱ।মাধৱদেৱে গুৰুজনাৰ আদেশ লৈ গুৰু নিৰ্দেশিত ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত বিজয় নিচান উত্তোলন কৰিছিল । মহাপুৰুষ মাধৱদেৱকে মহাপুৰুষ শংকৰদেৱে অসম নৱ বৈষ্ণৱ ধৰ্মৰ পৰৱৰ্তী গুৰু হিচাপে স্থান দিছিল ।বৈষ্ণৱ সাহিত্য সৃষ্টিৰ ক্ষেত্রত তেওঁৰ অৱদান আছিল অসামান্য ।তেওঁৰ জীৱনৰ প্ৰধান বৈশিষ্ট্য আছিল গুৰুভক্তি। ১৪১১ শক অৰ্থাৎ ১৪৮৯ খৃষ্টাব্দত বৰ্তমান উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত কাচি...