নাৰী

" নাৰী ''
----------------
✍ :- শ্ৰদ্ধা কোঁৱৰ দেউৰী

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে কৈছিল-"A man educated Only he is educated, but a woman educated her whole family educated '' অৰ্থাৎ এজন মানুহ শিক্ষিত হ'লে তেতিয়া নিজেই শিক্ষিত হয়, কিন্তু যদি এজনী নাৰী শিক্ষিত হয় তেন্তে তেওঁৰ গোটেই পৰিয়ালটো শিক্ষিত হয়।
সঁচাকৈয়ে বৰ তাৎপর্যপূর্ণ কথা । নাৰী প্ৰকৃতিৰ এক অপূৰ্ব সৃষ্টি । নাৰী মমতাময়ী, নাৰী কৰুণাময়, নাৰী মহিয়সী । এখন সমাজত পুৰুষৰ শিক্ষাৰ যিমান প্ৰয়োজন, নাৰীৰ বাবেও শিক্ষাৰ সিমানে প্ৰয়োজন ।
অতীজৰেপৰা মানৱ সমাজৰ নানা উত্থান পতন,সমস্যা সমাধানৰ মূলতে নাৰী। মানৱ জীৱন, সাহিত্য সংস্কৃতি, ধৰ্ম, দেশ তথা সমাজৰ
প্ৰগতিত নাৰীয়ে এক সুকীয়া ভূমিকা পালন কৰি অহা দেখা যায় ।
প্ৰাচীন কালৰে পৰা নাৰীৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ । পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণনে ' woman in Hindu Society ' শীৰ্ষক প্ৰবন্ধত এনেদৰে উল্লেখ কৰিছে - '' অতীতত ভাৰতীয় নাৰীৰ স্থান আছিল । নাৰীৰ বাবে শিক্ষা অতি আৱশ্যকীয় বুলি গণ্য কৰা হৈছিল ।ব্ৰাহ্মণ সমাজত ছোৱালীক বৈদিক শিক্ষা দিয়া হৈছিল আৰু ক্ষত্ৰিয় সমাজৰ ছোৱালীক ধনু কাঁড়ৰ ব্যৱহাৰ শিকোৱা হৈছিল । মেগেস্থেনিছৰ টোকাত সম্ৰাট চন্দ্ৰগুপ্তৰ নাৰী দেহৰক্ষীৰ উল্লেখ পোৱা যায় ।অৱশ্যে সেই নাৰী ভাৰতীয় নাছিল । প্ৰাচীন ভাৰতৰ মুকলি বিশ্ববিদ্যালয়ত ল'ৰা ছোৱালীয়ে একেলগে শিক্ষা লাভ কৰিছিল । অত্ৰেয়ীয়ে বাল্মিকীৰ অধীনত ৰামৰ পুত্ৰদ্বয় লব কুশৰ সৈতে একেলগে অধ্যয়ন কৰিছিল । ছোৱালীৰ ক্ষেত্ৰত সংগীত, নৃত্য, চিত্ৰকলাৰ দৰে সুকুমাৰ কলাৰ শিক্ষাদান বিশেষ উৎসাহিত কৰা হৈছিল।

 মধ্যযুগৰ অসমীয়া সমাজ অত্যন্ত ৰক্ষণশীল অৱস্থাত আছিল সেই সময়ত নাৰীসকল প্ৰায় ঘৰতে আবদ্ধ হৈ থাকিবলগা হৈছিল । পুৰুষৰ দৰে নাৰীৰ অলৈ তলৈ যোৱা স্বাধীনতা নাছিল ।সেই সময়ৰ সমাজ ব্যৱস্থাত জ্যেষ্ঠ জনক সোধা মেলা নকৰাকৈ আনকি কনিষ্ঠ পুৰুষ সকলেও নিজ ইচ্ছাৰে অলৈ তলৈ যোৱাৰ স্বাধীনতা উপভোগ কৰিব পৰা নাছিল ।ক'ৰবালৈ যাবলগা হ'লে পুতেকে বাপেকৰপৰা, ভায়েকে ককায়েৰপৰা অনুমতি লৈহে যাব পাৰিছিল ।পুৰুষৰ ক্ষেত্ৰত এনে অৱস্থা চলি থকা সমাজ ব্যৱস্থাত নাৰীৰ স্থান যে আৰু অধিক বন্ধনমুক্ত আছিল সেয়া আৰু নক'লেও হ'ব ।কিন্তু এনে বন্ধনমুক্ত সমাজ ব্যৱস্থাৰ মাজতো নৱ বৈষ্ণৱ ধৰ্মৰ মাজেদিয়েই অসমীয়া নাৰী সমাজলৈ বন্ধন মুক্তিৰ এছাটি মৃদুমলয়া প্ৰবাহিত হোৱাৰ কথা আমাৰ চকুৰ আগত দাঙি ধৰে ।বৈষ্ণৱ ধৰ্মৰ ইয়ো এটা অন্যতম সামাজিক বৈশিষ্ট্য বুলি উনুকিয়াব পাৰি ।নাৰীসকলে সকলোৰ দিশতে পুৰুষৰ সমানে আগবাঢ়ি যোৱা দেখিবলৈ পোৱা যায় ।

বিভিন্ন ক্ষেত্ৰত পাৰদর্শিতা প্ৰদর্শন কৰাৰ পিছতো মহিলা সকলক সম অধিকাৰ আৰু সুবিচাৰৰ পৰা বঞ্চিত কৰি অহা হৈছে ।পৰিয়াল বিলাকে ল' ৰাতকৈ ছোৱালীক শিক্ষা লাভৰ কম সুবিধা দিয়ে।আনকি বহু পিতৃ মাতৃয়ে ছোৱালীক স্কুলৰ পৰা উলিয়াই আনি ঘৰুৱা কামত লগায়।নাৰীসকলৰ স্বাস্থ্যৰ যত্ন পুৰুষতকৈ কম লোৱা হয়।নাৰীসকলে দীঘলীয়া সময়ৰ বাবে কষ্টসাধ্য কামবোৰ কৰিবলগীয়া হয় ৷ সিমানতো পুৰুষে তেওঁলোকক কামৰ স্বীকৃত নিদিয়ে।সাম্প্রতিক সময়ত নাৰীৰ বিৰুদ্ধে নিৰ্যাতন আশংকাজনকভাৱে বৃদ্ধি পাইছে ।
এটা জাতিৰ ভাগ্য সেই জাতিৰ শিশু শয্যাতে গঢ় দিয়া হয় ।সকলো নাৰীয়েই বা মাতৃয়ে নিজৰ সন্তানক ভাল আহাৰ, ভাল আশ্ৰয় আৰু স্বাস্থ্যৰ যোগান দিবলৈ আপ্ৰাণ চেষ্টা কৰে ৷ কিন্তু এজনী মাতৃৰ পক্ষে তেওঁৰ সন্তানক উচ্চমানৰ শিশুৰ যত্নৰ যোগান দিয়া অসম্ভব যদি তেওঁ নিজেই দুখীয়া, নিৰক্ষৰ, নিস্তেজ আৰু স্বাস্থ্যহীন হয়।পৰিষ্কাৰ পানী আৰু পায়খানাৰ ব্যৱস্থা নথকা অস্বাস্থ্যকৰ লেতেৰা অঞ্চলত বাস কৰা এজনী মাতৃয়ে তেওঁৰ সন্তানৰ সুস্বাস্থ্যৰ নিশ্চিতি দিব নোৱাৰে । এজনী দুখীয়া মাতৃয়ে স্বাস্থ্য সেৱা বিভাগ বা সমাজৰ পৰা প্ৰয়োজনীয় সহায় অবিহনে কেতিয়াও এটা সুস্থ পৰিবেশত তেওঁৰ সন্তানক ভাগ্যৰ গঢ় দিব নোৱাৰে ।

নাৰীয়ে দুৰ্গা, কালী, সৰস্বতী, দেৱী সকলো। নাৰী হিচাপে ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ, জয়মতী, কনকলতা,মাদাৰ টেৰেছা, সৰোজিনী নাইডু, মূলাগাভৰু, ইন্দিৰা গান্ধী আদিয়ে দেশৰ বাবে সক্রিয় ভূমিকা পালন কৰি গৈছে ।
নাৰী বাবে সৃষ্টিও হয় আৰু নাৰীৰ বাবে ধ্বংসও হ'ব পাৰে । এই পৃথিৱীত নাৰীয়ে কৰিব নোৱাৰা কাম একো নাই । নাৰীয়ে সন্তানক লালন পালন কৰি ডাঙৰ দীঘল কৰি ঘৰৰ সমস্ত দায়িত্ব মূৰ পাতি লৈ যি ধৈর্য দেখুৱাব পাৰে, তাক লৈ কোনোও অস্বীকাৰ কৰিব নোৱাৰি ।
নাৰীয়ে আধ্যাত্মিক চিন্তা চৰ্চাৰ মাজেৰে নিজৰ মনক সংস্কাৰমুখী কৰি জনকল্যাণকামী কামবোৰৰ দায়িত্ব লৈ সমাজখনক শাৰীৰিক, মানসিকভাবে এক উচ্চ স্তৰলৈ যোৱাটোও বৰ্তমান কালৰ নাৰী সমাজৰ এটা নৈতিক দায়িত্ব ।এখন দেশৰ নাৰীসকল শিক্ষিত হ'লেহে দেশৰ সৰ্বাংগীন উন্নতি হব ৷ কিয়নো এগৰাকী মাতৃ জন্মদাত্ৰী হোৱাৰ লগতে দেশৰ প্ৰথম শিক্ষাদাত্ৰীও।মাতৃ গৰাকী শিক্ষিত নহ'লে সন্তানক সুপথেৰে পৰিচালনা কৰিবলৈ অসমৰ্থ হ'ব।নাৰী যেতিয়া শিক্ষিত হ'ব, তেতিয়া তেওঁ আনকো তেনে শিক্ষা দিবলৈ আগবাঢ়ি যাব ।এতিয়া নাৰীৰ স্থান ঘৰৰ চাৰিসীমাৰ মাজত আবদ্ধ হৈ থকা নাই । পুৰুষৰ সমানে নাৰীয়েও সকলো দিশতে পাৰদর্শিতা দেখুৱাই আহিছে ।
স্ত্রী পুৰুষৰ শিক্ষিতৰ হাৰত এতিয়াও ব্যৱধান আছে।এই ব্যৱধান যেতিয়া আঁতৰি যাব তেতিয়া নাৰীসকলে পুৰুষৰ সমানে আগবাঢ়ি যাব ।তেতিয়াই নাৰীসকলে এখন সুস্থ সমাজ গঢ়াৰ আগভাগ ল'ব পাৰিব ।
বৰ্তমান কালত অসমৰ স্ত্ৰী পুৰুষৰ সমানে সকলো ক্ষেত্ৰত আগ বাঢ়িব পাৰিছে।ইয়াৰ একমাত্র কাৰণ স্ত্ৰী শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰ ।

Comments

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

অসমীয়া লোক সাহিত্য -