আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ খ্ৰীষ্টান মিছনেৰী সকলৰ অৱদান আছিল অতি উল্লেখযোগ্য ।মিছনেৰীসকলে অসমীয়া ভাষা ভাষী লোকসকলৰ বাবে অসমীয়া অভিধান অনুবাদ ৰচনা কৰিছিল। ইংৰাজ ৰাজত্ব কালত ১৮২৬ খৃঃৰ সময়ত অসমৰ ৰাজনৈতিক পৰিৱর্তন ঘটিছিল আৰু অসমীয়া সাহিত্যৰো বিষয়বস্তু, ভাষা সাহিত্য এক গভীৰ সংকটত পৰিছিল ।
ইংৰাজ সকলে অসম দেশ শাসন কৰিবলৈ লোৱাৰ পাছৰেপৰা অসমৰ শাসন চলোৱাত তেওঁলোকক সহায় কৰিবলৈ বংগদেশৰ পৰা কিছুসংখ্যক বঙালী ভাষি লোক কৰ্মচাৰী হিচাপেলৈ আহিছিল।অসমত বঙালী চাকৰিয়াল বোৰে ইংৰাজ শাসন সকলকক বুজাই দিছিল যে অসমীয়া সুকীয়া ভাষা নহয়, বঙালী ভাষাৰে এটা গ্ৰাম্য ৰূপ মাথোন ৷ ইংৰাজ শাসকলকলে বঙালী ভাষা মতে অসমীয়া ভাষাৰ বিৰোধিতা কৰি ১৮৩৬ চনত অসমীয়া ভাষাটো অসমৰ পঢ়াশালি আৰু আদালতত মাতৃ ভাষা বহিষ্কাৰ কৰি সেই ঠাইত বঙলা ভাষাৰ প্ৰয়োগ কৰিছিল ।
১৮৩৭ চনৰ আইন অনুসৰি ভাৰত সকলো স্থানীয় চৰকাৰে আন ভাষাৰ সলনি স্থানীয় মাতৃভাষা স্কুল, আদালতত চলাই কিন্তু অসমত এই আইনকে উলংঘা কৰা হৈছিল । যাৰ ফলত নিজ জন্মভূমিতেই অসমীয়া ভাষা হ'ল এলাগী আৰু বাহিৰৰ বঙলা ভাষা হ'ল সুৱাগী।
বৃটিছ অসম ৰাজ্য লোৱাৰ পিছত কমিছনাৰ জেনেৰেল জেনকিনছন উপদেশ মতে ১৮৩৬ চনৰ পৰা ১৮৩৭ চনত নেথান ব্ৰাউন, লেকিংচনৰ ওলিভাৰ. টি. কেট্ভাৰ, ডঃ মাইলছ ব্ৰনছন আদি ভালেমান কেইগৰাকী আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীয়ে চাহাব সপৰিয়ালে অসমলৈ আহিছিল আৰু অসমত খৃষ্ট ধৰ্ম প্ৰচাৰ কৰিবলৈ যত্ন কৰিছিল ।অসমবাসীৰ মাজত তেওঁ নিজ নিজ ভাষা ইংৰাজী এৰি অসমৰ অসমীয়া ভাষাত খৃষ্ট ধৰ্ম প্ৰচাৰ কৰিবলৈ যত্ন কৰিলে তদুপৰি তেওঁলোকে ইংৰাজী ভাষাৰে অসমীয়া ভাষাৰ ব্যাকৰণ আৰু অভিধান ৰচনা প্ৰণয়ন কৰিছিল । ৰবিছন চাহাবে ১৮৩৯ খৃঃত ইংৰাজীতে ' A Grammar of the assamese language, ১৮৪৬ খৃঃত ডঃ নেথান ব্ৰাউনে ' Grommatical Notices on The assamese sse language. আৰু ১৮৬৭ খৃঃত শব্দ সন্নিবিষ্ট কৰি অসমীয়া আৰু ইংৰাজী অভিধান লিখি কৰি প্ৰকাশ কৰিছিল।১৮৪০ খৃঃত শ্ৰীমতী কট্টৰে ইংৰাজী অসমীয়া ' vocabulary and phrases ' নামৰ অভিধান প্ৰকাশ কৰিছিল ।
১৮৪০ খৃঃত শ্ৰীমতী কট্টৰে ইংৰাজী অসমীয়া ' vocabulary And phrases ' নামৰ অভিধান প্ৰকাশ কৰিছিল ।মিছনেৰীসকলে অসমত খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰি অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰি ব্যাকৰণ অভিধান আদি ৰচনা কৰি যি প্ৰচেষ্টা চলাইছিল সেই প্ৰচেষ্টাত তেওঁলোকে আগবাঢ়ি গ'ল।
প্ৰশাসন মফাট মিলছে ১৮৫৩ খৃঃত তেওঁ Report on the province of Assam -ত মত প্ৰকাশ কৰিছে যে অসমত অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষা চলোৱাৰ কোনো যুক্তি নাছিল । ১৮৫৫ খৃষ্টাব্দত মিছনেৰীসকলৰ উদ্যোগতেই আনন্দৰাম ঢেকিয়াল ফুকনে ' A few remarks on the Assamese language ' নামৰ পুস্তিকা এখন প্ৰণয়ন কৰি অসমীয়া ভাষাৰ স্বকীয়তা দাঙি ধৰিছিল ।
অৱশেষত ১৮৭৩ খৃষ্টাব্দত আইন প্ৰণয়ন কৰি ইংৰাজ চৰকাৰে অসমৰ পঢ়াশালি আৰু আইন আদালতত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ বাধা হৈছিল ।
মিছনেৰীসকলে অসমীয়া সাহিত্য উন্নতি ' অৰুনোদই ' আলোচনী প্ৰকাশ কৰিছিল ।অৰুনোদই আলোচনীখন ১৮৪৬ খৃষ্টাব্দত জানুৱাৰী মাহত পোন প্ৰথমে শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ পাইছিল ।
মিছনেৰীসকলে অসমীয়া ভাষাত ভালেমান গ্ৰন্থ অনুবাদ কৰিছিল ।১৮৪৮ খৃষ্টাব্দত ডঃ নাথান ব্ৰাউনে নিউচেষ্টামেন্টৰ অসমীয়া ভাঙনি ' আমাৰ ত্ৰানকৰ্তা যীশুখৃষ্টৰ নতুন নিয়ম' আৰু ১৮৫৪ খৃষ্টাব্দত বাইবেলৰ মেথিউ (methew), লিউক (luke) মাক্স আদি চাৰিটা খণ্ড ভাঙনি ' খ্ৰীষ্টৰ বিৱৰণ ' আৰু ' শুভ যাত্ৰা (বাৰ্তা) ' প্ৰকাশ কৰিছিল । ১৮৪৮ খৃষ্টাব্দত ডঃ নাথান ব্ৰাউনৰ প্ৰসিদ্ধ ' অসমীয়া ভাষাৰ ব্যাকৰণ ' প্ৰকাশ হৈছিল । ১৮৪৩ খৃষ্টাব্দত তেওঁ ৰেভাৰেণ্ড কাট্টাৰৰ লগ লাগি ' অৰুনোদই ' কাকত ৰচনা কৰিছিল ।
      ব্ৰাউনৰ পত্নী এলিজা ব্ৰাউনেও অসমীয়া ভাষাৰ ল'ৰা ছোৱালীৰ উপযোগীকৈ সাধুকথাৰ পুথি, গণনা পুথি ৰচনা আৰু তেওঁ ' ভূগোলৰ বিৱৰণ ' প্ৰকাশ কৰিছিল ।
চাহাব ডঃ মাইলচ্ ব্ৰনছনে অসমীয়া আৰু ইংৰাজী অভিধান উপৰি তেওঁ বাইবেলৰ ভালেমান স্তুতি মূলক গীত অসমীয়ালৈ অনুবাদ কৰিছিল । অসমলৈ আহি ডঃ মাইলচ্ ব্ৰনছনে অসমীয়া ধৰ্ম প্ৰচাৰ, শিক্ষা প্ৰচাৰ আদি কাম কৰিছিল । ডঃ মাইলচ্ ব্ৰনছন তেওঁ পঢ়াশালি আৰু আদালতৰ পৰা খেদা খোৱা অসমীয়া ভাষাক ঘুৰাই আনি প্ৰতিষ্ঠা কৰা আন্দোলনৰ প্ৰধান নেতা আছিল । তেওঁ ১৮৭৬ খৃষ্টাব্দত ' যাবলৈ মোৰ সত যোৱা নাই, মোৰ হিয়া অসমতে থাকি যাব ' বুলি এওঁ অসমৰ পৰা বিদায় লৈছিল ।
১৮৭৬ খৃষ্টাব্দত আমেৰিকা পৰা আহি এ.কে. গাৰ্নিয়ে শিৱসাগৰত ধৰ্মযাজক হিচাপে থাকি অৰুনোদই কাকতৰ সম্পাদনা কৰিছিল। ইয়াৰ উপৰি এ.কে.গাৰ্নিয়ে এলোকেশী বেশ্যাৰ বিষয় (১৮৭৭), কানি বেহেৰুৱাৰ কথা (১৮৭৮), পুৰণি নিয়ম,ৰুথ আৰু যোচেফৰ কাহিনী(১৮৮১) কামিনী কান্তৰ চৰিত্র (১৮৭৭) ইত্যাদি কেবাখনো পুথি অসমীয়াত ৰচনা কৰিছিল ।

১৯০৫ খৃষ্টাব্দত গাৰ্নিয়ে ' দিপ্তী ' নামে এখন মাহেকীয়া আলোচনীৰ ছটা সংখ্যা প্ৰকাশ কৰিছিল ।
এওঁলোকৰ উপৰি মিছনেৰীসকলে বাইবেলৰ সাধু, জাত্ৰিকৰ যাত্ৰা, মাউৰী ছোৱালী, আফ্রিকাৰ কোঁৱৰ, আমেৰিকা আৱিষ্কাৰ, ইংৰাজী অসমীয়া শব্দকোষ, ফুলমনি আৰু কৰুণাৰ কাহিনী আদি পুথি অসমীয়া ভাষাত প্ৰকাশ কৰিছিল । আনকি মিছনেৰীসকলে বহুতো খ্ৰীষ্টধৰ্মীয় 'স্তুতি গীত 'ৰচনা কৰি থৈ গ' ল।
মিছনেৰীসকলে অসমীয়া ভাষাত আলোচনী, গ্ৰন্থ প্ৰকাশ কৰা উপৰি তেওঁলোকে অসমীয়া নতুন নতুন শব্দমালা বৰঙণি দি গ' ল। মিছনেৰীসকল ইংৰাজীভাষী হোৱা কাৰণে অসমীয়া ভাষাত বহুতো নতুন আভিধানিক আৰু বৈয়াকৰণিক ৰুপত প্ৰৱেশ ঘটিছিল ।
মিছনেৰীসকলে তেওঁলোকৰ সাহিত্য সৃষ্টিত যোগেদি অসমীয়া সাহিত্য লৈ যথেষ্ট বৰঙণি আগবঢ়াই থৈ গ'ল আৰু অসমীয়া সাহিত্য, অসমীয়া ভাষা তেওঁলোকৰ ওচৰত চিৰঝণী হৈ থাকিব।২ । আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

১৯০৫ খৃষ্টাব্দত গাৰ্নিয়ে ' দিপ্তী ' নামে এখন মাহেকীয়া আলোচনীৰ ছটা সংখ্যা প্ৰকাশ কৰিছিল ।
এওঁলোকৰ উপৰি মিছনেৰীসকলে বাইবেলৰ সাধু, জাত্ৰিকৰ যাত্ৰা, মাউৰী ছোৱালী, আফ্রিকাৰ কোঁৱৰ, আমেৰিকা আৱিষ্কাৰ, ইংৰাজী অসমীয়া শব্দকোষ, ফুলমনি আৰু কৰুণাৰ কাহিনী আদি পুথি অসমীয়া ভাষাত প্ৰকাশ কৰিছিল । আনকি মিছনেৰীসকলে বহুতো খ্ৰীষ্টধৰ্মীয় 'স্তুতি গীত 'ৰচনা কৰি থৈ গ' ল।
মিছনেৰীসকলে অসমীয়া ভাষাত আলোচনী, গ্ৰন্থ প্ৰকাশ কৰা উপৰি তেওঁলোকে অসমীয়া নতুন নতুন শব্দমালা বৰঙণি দি গ' ল। মিছনেৰীসকল ইংৰাজীভাষী হোৱা কাৰণে অসমীয়া ভাষাত বহুতো নতুন আভিধানিক আৰু বৈয়াকৰণিক ৰুপত প্ৰৱেশ ঘটিছিল ।
মিছনেৰীসকলে তেওঁলোকৰ সাহিত্য সৃষ্টিত যোগেদি অসমীয়া সাহিত্য লৈ যথেষ্ট বৰঙণি আগবঢ়াই থৈ গ'ল আৰু অসমীয়া সাহিত্য, অসমীয়া ভাষা তেওঁলোকৰ ওচৰত চিৰঝণী হৈ থাকিব।








Comments

  1. ধুনীয়া। এটা অনুৰোধ আছিল। যদি বেয়া নাপায়, অসমীয়া ভাষাৰ আত্ম প্ৰতিষ্ঠাৰ সংগ্ৰাম সম্পৰ্কে আলোচনা এটা কৰিব চোন।

    ReplyDelete

Post a Comment

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

অসমীয়া লোক সাহিত্য -