মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ অৱদান --
" জয় গুৰু শংকৰ সৰ্ব্বগুণাকৰ
যাকেৰি নাহিকে উপাম,
তাহেৰি চৰণকু বেণু শত কোটি
বাৰেক কৰোঁহো প্ৰমাণ ।"
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বহুমুখী প্ৰতিভাৰ আকৰ স্বৰূপ ।মাধৱদেৱৰ ভাষাত মহাপুৰুষ শংকৰদেৱ আছিল - " সৰ্ব গুণাকৰ যাকেৰি নাহি উপমা ।' মহাপুৰুষ শংকৰদেৱে ধৰ্ম প্ৰচাৰ,শিক্ষা,চিত্ৰবিদ্যা, সমাজ সংস্কাৰ, সাহিত্য সৃষ্টি, সংগীত অভিনয় সকলো বিষয়তে অসমীয়া জাতি আৰু অসমীয়া ভাষা সাহিত্যক জীৱনী শক্তি প্ৰদান কৰি থৈ গৈছে ।
অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শঙ্কৰদেৱৰ ১৩৭১ শক, ইংৰাজী ১৪৪৯ খ্ৰীষ্টাব্দত আহিন মাহৰ শুক্লা দশমী তিথিত নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰীত জন্ম হৈছিল ৷ শৈশৱতে তেওঁ পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধা দেৱীক হেৰুওৱাত বুঢী মাক খেৰসূতী আইৰ আদৰ যত্নেৰে লালিত পালিত হৈ ধূলি ধেমালিৰ আনন্দ মধুৰ দিনবোৰ লগৰীয়া লগত অতিবাহিত কৰিছিল আনন্দ বিভোৰ হৈয়ে ।মহেন্দ্র কন্দলীৰ টোলত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল ।তেওঁৰ ছাত্ৰ জীৱনৰ প্ৰতিভাৰ অৱিস্মৰণীয় স্বাক্ষৰ বহন কৰিছে এইফাকি মনোৰম অথচ ভাব গম্ভীৰ ভগৱৎস্তোত্ৰই -
কৰতল কমল কমলদল নয়ন।
ভৱদৱ দহন গহন বন শয়ন ।।
খৰতৰ বৰশত হতদশ বদন।
খৰচৰ নগধৰ ফনধৰ শয়ন ।।
নপৰ নপৰ পৰ সতৰত গময়।
সভয় মভয় মম হৰশত তয়।।
জগ দঘ মপ হৰ ভৱ ভয় তৰণ ।
পৰ পদ লয় কৰ কমলজ নয়ন ।।
শিক্ষা সাং কৰাৰ পিছত কিছুদিন ভূঞা ৰাজ্যৰ দায়িত্বও বহন কৰিবলগা হৈছিল। কিন্তু ধৰ্ম সংস্থাপনৰ বাবেই যাৰ অৱতাৰ, তেওঁৰ ৰাজকাৰ্য, ভোগ বিলাসে বন্দী কৰি ৰাখিব নোৱাৰে।সকলো জলাঞ্জলি দি তেওঁ একনিষ্ঠ ভাৱে শাস্ত্ৰ চৰ্চ্চা আৰু আধ্যাত্মিক সাধনাত নিমগ্ন হৈ পৰে।
১৪৭০ চনত তেওঁ সূৰ্যৱতীক বিয়া কৰাই সাংসাৰিক জীৱন আৰম্ভ কৰে।এটি কন্যা এৰি সূৰ্যৱতী ঢুকোৱাত শ্ৰীমন্ত শংকৰদেৱৰ মনত বৈৰাগ্য জন্মে।
তেওঁ দুবাৰকৈ তীৰ্থ ভ্ৰমণ কৰি নানা সাধু, সম্ত, মহম্তৰ লগত ধৰ্মালোচনা কৰি তেওঁ প্ৰৱৰ্তিত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছিল ।তেওঁ গৃহী আছিল ।দুবাৰকৈ বিবাহ বন্ধনত আবদ্ধ হৈছিল ।কিন্তু তেওঁ অনাসক্ত গৃহী আছিল ।তেওঁৰ ধৰ্মত গৃহী আৰু গৃহত্যাগীৰ সমান স্থান আছিল ।
১২ বছৰ কাল ভাৰতবর্ষৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰি অতিবাহিত কৰে।তীৰ্থ ভ্ৰমণৰ জৰিয়তে তেওঁ ভাৰতবর্ষৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় আচাৰ, ৰীতি নীতি আৰু ভাষা সংস্কৃতিৰ জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছিল ।
গাৰ্হস্থ্য ধৰ্ম পালন কৰিও মানুহে ভগৱানৰ কৰুণা লাভ কৰিব পাৰে --
" বলি নিগদতি যদুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
কিনো কৃপা মোক কৰিলাহা নাৰায়ণ ।
দেৱৰ দুৰ্ল্লভ অতিশয় ৰাম ৰাম ৰাম ৰাম ৰাম
গৃহতে থাকিয়া দেখিলোঁ তযু চৰণ ।"
দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণৰ অন্তত মহাপুৰুষ জনাই অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ পাতনি মেলে আৰু মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱবৈষ্ণৱ ধৰ্মৰ ফলতে অসমৰ জাতীয় জীৱনৰ এক বৈপ্লৱিক পৰিবৰ্তন ঘটিল।ধৰ্মত অৱলম্বন কৰিয়ে তেওঁ অসমীয়া জাতি গঠন কৰাৰ লগতে অসমীয়া সাহিত্য সংস্কৃতিৰো স্বৰ্ণ সৌধ নিৰ্মাণ কৰি থৈ গৈছে ।
তেওঁ ছকুৰি বৰগীত আৰু চিহ্ন যাত্ৰা,কালীয় দমন, হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, বলিছলন,কুৰুক্ষেত্ৰ, পত্নীপ্ৰসাদ,ৰাম বিজয়, পাৰিজাত হৰণ, কেলি গোপাল আদি নাট ৰচনা কৰি ইয়াৰ প্ৰভাৱেৰে অসমীয়াৰ ধৰ্মীয় জীৱন মহীয়ান কৰি থৈ গৈছে ।গীত, নাট, পৰিৱেশনৰ অংগস্বৰূপে খোল, তাল, ডবা, কাঁহ, শংখ, মদংগ আদিৰ সৃষ্টি কৰি সংস্কৃতিৰ ভৰালোঁ চহকী কৰি থৈছে ।তেওঁ ধৰ্ম প্ৰচাৰৰ প্ৰেৰণাতে কীৰ্তন ৰচিত হৈছে ।কীৰ্তন অসমীয়া জাতিৰ বেদ।সৃষ্টিতত্ত্ব, ভক্তি তত্ত্ব, মূক্তিৰ বাণী - সামাজিক জীৱনধাৰাৰ মূৰ্তিমান ছবি কীৰ্তনৰ বুকুতে নিহিত আছে ।
গুৰু জনাই অসমত সত্ৰ, নামঘৰ স্থাপন কৰি নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল ।ধৰ্ম প্ৰচাৰৰ বাহক হিচাপে তেওঁ সাহিত্য ৰচনা কৰিছিল ।তেওঁ ৰচিত নামপুথি, কীৰ্তন ঘোষা সাহিত্যক প্ৰতিভাৰ উজ্জল নিদর্শন আৰু অসমীয়া সাহিত্য মন্দিৰৰ এগছি উজ্জল বন্তিস্বৰূপ।শংকৰদেৱ আছিল এগৰাকী ধৰ্ম প্ৰৱৰ্তক, সু সাহিত্যিক, সমাজ সংস্কাৰক, নাট্যকাৰ, অভিনেতা, নৃত্য বিশাৰদ, সংগীতজ্ঞ আৰু সুনিপুণ চাৰুকলা শিল্পী।মহাপুৰুষ জনাই হ'ল - অসমীয়া নাট্য সাহিত্যৰ জনক।
মহাপুৰুষ জনাই ১১৯ বছৰীয়া পৰিপূৰ্ণ জীৱন যাপন কৰি কোচবিহাৰৰ ভেলা মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে অসমীয়া সমাজখন আটক ধুনীয়াকৈ সজাই পৰাই, বৈষ্ণৱ ধৰ্মৰ মহিমাৰে পৱিত্র কৰি, ভাষা সাহিত্য, সংস্কৃতিৰ বৰঘৰ শুৱনি কৰি, অসমীয়াৰ কন্ঠত গৌৰৱৰ, গৰিমাৰ জয়মালা পিন্ধাই থৈ গ'ল।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা সাহিত্যৰাজিক ৰচনা ৰীতি -ৰূপ অনুসৰি ছটা ভাগত ভগাব পাৰি -
১। কাব্য - হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিছলন, অমৃত মথন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ ।
২। ভক্তিতত্ত্ব প্ৰকাশক সংগ্ৰহ - ভক্তিপ্ৰদীপ, ভক্তি ৰত্নাকৰ (সংস্কৃত),নিমি নৱসিদ্ধ সংবাদ আৰু অনাদি পাতন ।
৩।অনুবাদমূলক -ভাগৱত ১ম, ২য় ৬ষ্ঠ (অজামিল উপাখ্যান মাত্র )৮ম(বলিছলন, অমৃত মথন), ১০ম, ১১শ, ১২শ স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ ।
৪।অংকীয়া নাট- পত্নীপ্ৰসাদ, কালিয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়।
৫।গীত - বৰগীত, ভটিমা আৰু টোটয় আৰু চপয়।
৬। নাম প্ৰসংগ -কীৰ্তন আৰু গুণমালা ।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা বিৰচিত কাব্য সমূহৰ ভিতৰত প্ৰধান হ'ল - হৰিচন্দ্ৰ উপাখ্যান আৰু ৰুক্মিণী হৰণ ।'হৰিচন্দ্ৰ উপাখ্যান 'প্ৰথম ৰচনা ।হৰিচন্দ্ৰ উপাখ্যান কাব্যৰ মূল বিষয়বস্তু, মাৰ্কণ্ডেয় পুৰণাৰ ৭ ম ৮ম অধ্যায় পৰা লৈছে ।ইয়াৰ মূল কাহিনী - হৰিচন্দ্ৰ ৰজাই গনেশক পূজাৰ আগভাগ নিদি বিষ্ণুক পূজা কৰাত কেনে দুৰ্গতি ভোগ কৰিব লগীয়া হৈছিল আৰু অৱশেষত গনেশ পূজা নকৰি কেৱল বিষ্ণুক পূজা কৰাৰ বাবেই যি হৰিচন্দ্ৰৰ স্বৰ্গ লাভ হ'ল ।গুৰু জনাই বিষ্ণুৰ শ্ৰেষ্ঠত্ব আৰু তেওঁৰ পূজিলে যে আন দেৱতাক পূজাৰ প্ৰয়োজন নাই সেই কথা ইয়াত প্ৰতিপন্ন কৰিছে ।
ৰুক্মিণী হৰণ কাব্যৰ মূল কাহিনী হৰিবংশ পুৰণা আৰু ভাগৱতৰ পৰা লোৱা হৈছে ।
এই কাব্যখনত শ্ৰীকৃষ্ণ আৰু বাস্তৱতাৰ পৰশ থকা চৰিত্র সৃষ্টি, হাস্য ৰস পৰিৱেশ আৰু অসমীয়া সমাজৰ চিত্ৰই কাব্যখন উপভোগ্য কৰি তুলিছে ।
ভক্তি আৰু তত্বমূূলক গ্ৰন্থসমূহৰ ভিতৰত তেওঁ ' ভক্তি ৰত্নাকৰ ' গ্ৰন্থখন সংস্কৃত ভাষাত ৰচিত ।ইয়াত শ্ৰৱন, কীৰ্তন, অৰ্জন, বন্দন আদি নৱবিধা ভক্তিৰ কথা উল্লেখ কৰি গৈছে ।ন-বিধা ভক্তিৰ ভিতৰত শ্ৰৱন কীৰ্তনকে উচ্চ স্থান প্ৰদান কৰিছে ।ইয়াত ভাগৱত, ভক্ত আৰু ভক্তিধৰ্মৰ শ্ৰেষ্ঠতাও প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰিছে ।
শ্ৰীমন্ত শংকৰদেৱ অসমীয়া নাট্যসাহিত্যিক জনক।তেখেতৰ আগতে কোনো প্ৰকাৰ নাটক ৰচিত হোৱাৰ প্ৰমাণ পোৱা নাযায় ।নাট্য সাহিত্য বৈষ্ণৱ আন্দোলনৰ ফল।নাটবোৰৰ ভাষা সংস্কৃত নহয়, কিন্তু কথিত ভাষাও নহয়,ব্ৰজাৱলী ভাষাত ৰচিত ।এই গ্ৰন্থখন পাছত ৰামচৰণ ঠাকুৰে অসমীয়া পদলৈ ভাঙনি কৰিছিল ।
'অনাদি পাতন'ৰ মূল বিষয়বস্তু ভাগৱতৰ তৃতীয় স্কন্ধ আৰু বামন পুৰাণৰপৰা লোৱা হৈছে ।ইয়াত সৃষ্টি, স্থিতি, প্ৰলয় আদিৰ বিৱৰণ বৰ্ণনা পোৱা যায় ।
'নিমি নৱসিদ্ধ সংবাদৰ ' বিষয়বস্তু ভাগৱতৰ একাদশ স্কন্ধৰ পৰা লোৱা হৈছে ।ইয়াত আধ্যাত্মিক আৰু ভক্তিভাবৰ কথা উল্লেখ কৰি গৈছে ।
শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থৰ ভিতৰত 'দশম'খনেই শ্ৰেষ্ঠ।মূল দশম স্কন্ধৰ নব্বৈটা অধ্যায় ।ইয়াতে গুৰুজনাই ঊনপন.... অধ্যায় সাৱলীলভাৱে অনুবাদ কৰে।শংকৰদেৱৰ অনূদিত অংশটোক আদি দশম বোলা হয়।তেওঁৰ আনখন অনূদিত গ্ৰন্থ হ'ল উত্তৰাকাণ্ড ৰামায়ণ ।এই অনুবাদ কাৰ্যতো শংকৰদেৱে স্বকীয় প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে ৷
কীৰ্তন ঘোষা মহাপুৰুষৰ সাহিত্যিক কীৰ্তিস্তম্ভ ।অসমত নৱবৈষ্ণৱ ধৰ্মৰ মহাপুৰুষ জনাৰ কীৰ্তন ঘোষা প্ৰতি আদৰ সাদৰ জনপ্রিয় আছে।বতমানৰ কীৰ্তন ২৭ টা স্বয়ংপূৰ্ণ খণ্ডৰ সমষ্টি ।
আকর্ষণীয় বিষয়বস্তু আৰু মনোৰম প্ৰকাশে ছন্দৰ বৈচিত্র্য আৰু লালিত্যই, ভাব উজ্জীৱিত, ভক্তি কীৰ্তন খনক ল'ৰা, ডেকা আৰু বুঢ়া সকলো সকলো শ্ৰেণীৰ লোকৰে সমাদৰ কৰে।
জ্ঞাননাথ বৰাদেৱৰ ভাষাত কীৰ্তনত হৰ্ষবিষাদ, প্ৰেম - বিৰহ, ক্ৰোধ - ক্ষমতা, আদিয়ে জুমুৰি পাতিছে, ইয়াত নৱৰসৰ মিলন হৈছে ।
গুণমালা পুথিখনত গুৰু জনাৰ বৰ্ণনা শক্তিৰ পৰিচয় পোৱা যায় ।ভাগৱতৰ সাৰ পৰা সংগ্ৰহ কৰা ছয় আখৰীয়া কুসুমমালা ছন্দত ৰচনা কৰা ৩৩৭ টা পদৰ অকণমান গ্ৰন্থ।
বৈষ্ণৱ ধৰ্মক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ উদ্দেশ্য গুৰু জনাই গীত ৰচনাত হাত দিছিল ।গীতসমূহ দুটা ভাগত বিভক্ত কৰিছে - বৰগীত আৰু ভটিমা ।বিষয়বস্তুৰ মহত্বৰ, ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযমে মহাপুৰুষে ৰচিত এই গীতসমূহক সমসাময়িক আন শাস্ত্ৰীয় সুৰযুক্ত গীতৰপৰা পৃথক কৰিছে ।বৰগীত মহাপুৰুষৰ অন্যতম অভিনৱ অৱদান ।' বৰগীত 'নামকৰণ অৱশ্যে মহাপুৰুষে কৰা নাই, পৰবর্তী বৈষ্ণৱ ভক্তইহে মহাপুৰুষ দুজনে ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক উক্ত আখ্যা দিয়ে।
ওখ, নৈতিক আৰু আধ্যাত্মিক ভাবৰ ওপৰত প্ৰতিষ্ঠিত বাবে ডঃ কাকতিয়ে বৰগীতবোৰক Noble Numbers, বুলিছে। কালিৰাম মেধিয়ে Songs Celestial আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই Holy Songs বুলি আখ্যা দিছে ।
ভটিমা হ'ল এক প্ৰকাৰ প্ৰশস্তি বা গুণগৰিমা প্ৰকাশক গীত ।প্ৰকাশভংগীৰ গাম্ভীৰ্য ইয়াৰ বিশেষ লক্ষণ।ভটিমাসমূহৰ তিনি ভাগত ভগাব পাৰি - ১। নাট ভটিমা ২।দেৱ ভটিমা আৰু ৩।ৰাজ ভটিমা ।তাৰ লগত মাধৱদেৱে ' গুৰু ভটিমা ' সংযোগ কৰি চাৰি শ্ৰেণীৰ ভটিমাৰ পৰস্পৰা সৃষ্টি কৰে।
প্ৰতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালাদেৱৰ ভাষাষে ক'ব পাৰি, " সাহিত্যৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ, সাহিত্য ৰাজ্যৰ ৰজা শংকৰদেৱ, সমাজ গঢ়োতা শংকৰদেৱ, সমাজৰ নেতা শংকৰদেৱ ।"
অসমৰ কলা সংস্কৃতিৰ গুৰু জনাই ধৰ্ম, সমাজ, সাহিত্য, ভাষা সংস্কৃতি, ৰীতি নীতি, কলা, সংগীত, শিক্ষা আদি বিভিন্ন ক্ষেত্ৰত বহুমূলীয়া অৱদান দি আমাৰ জাতীয় জীৱনক উন্নত আৰু মহীয়ান কৰি থৈ গৈছে ।
✍ শ্ৰদ্ধা কোঁৱৰ

সোন্দৰ
ReplyDeleteসোন্দৰ
ReplyDeleteসোন্দৰ (best)
ReplyDeleteসুন্দৰ
ReplyDeleteসুন্দৰ
ReplyDeleteধন্যবাদ
ReplyDeleteমহাপুৰুষ শংকৰদেৱে ৰচনা কৰা প্ৰথম গ্ৰন্থ কোন খন?
ReplyDeleteবহুত সুন্দৰ আৰু ভাষাও কি যে মধুৰ
ReplyDeleteসুন্দৰ ভাষা ।
ReplyDeleteসুন্দৰ।আৰু অধিক বিস্তৃত পৰিসৰত আলোচিত হ'লে ভাল হ'ব
ReplyDeleteসুন্দৰ
ReplyDeleteঅতি সুন্দৰ 🙂
ReplyDeleteভাল হৈছে।।
ReplyDeleteসুন্দৰ ,,,,,,,
ReplyDeleteধুনীয়া হৈছে
ReplyDeleteশঙ্কৰদেৱে ৰচনা কৰা প্ৰথম গ্ৰন্থ খনৰ নাম কি ? জনাবছোন
ReplyDelete