অসমীয়া লোক সাহিত্য -

অসমীয়া লোক সাহিত্য -

সাহিত্য বুলিলে পোনেই কবিতা, নাটক গল্প উপন্যাস আদি লিখিত গ্ৰন্থৰ বিষয়ে মনলৈ আহে যদিও এনে গ্ৰন্থ সৃষ্টি হোৱাৰ বহুকালৰ পূৰ্বে অৰ্থাৎ লিপিৰ উদ্ভৱ হোৱাৰ বহু আগৰেপৰা জনসাধাৰণৰ মাজত প্ৰচলিত এক প্ৰকাৰ সাহিত্য চলিছিল সেয়া হ'ল লোক সাহিত্য ।
কেতিয়া পৰা অসমত লোক সাহিত্যৰ প্ৰচলন আৰম্ভ হৈছিল, কোনেও কব নোৱাৰে । লোক সাহিত্য আদিম যুগৰে পৰা নিৰক্ষৰ লোকৰ দ্বাৰা মুখে মুখে ৰচিত আৰু প্ৰচলিত হৈ আহিছে ।
বিশ্বৰ আন আন দেশৰ লোক সাহিত্যৰ দৰে অসমীয়া লোক সাহিত্য অতি প্ৰাচীন কালৰে পৰা নিৰক্ষৰ জনজাতি মাজত ৰচিত আৰু প্ৰচলিত হৈ আহিছে । ভাব অনুভূতিৰ আৰু ৰচনা প্ৰণালীৰ সৰলতাই লোক সাহিত্যৰ ঘাই বৈশিষ্ট্য । লোক সাহিত্যৰ গীত মাতবোৰৰ লগতে সভ্যতাৰ ভীষণ শত্ৰুতা । আধুনিক কাব্য ৰ লগত সহজতা সৰলতাৰ বৈশিষ্ট্যৰ বাবেই গীত সাহিত্যৰ অমিল দেখিবলৈ পোৱা যায় ।
লোক সাহিত্যৰ মানৱ জীৱনৰ সুখ দুখ, আশা আকাংক্ষা, ঘৃণা প্ৰশংসা, হা হুতাশা আদি বিভিন্ন অনুভূতি,হৃদয়ৰ প্ৰতি স্পন্দন, দেহ ভংগীমাৰ প্ৰকাশ, কৰুণতা, মনৰ চঞ্চলতা, সামাজিক চিত্ৰ, প্ৰকৃতিৰ বিচিত্র ৰূপ আদি প্ৰকাশ পাইছে ।
যুগ যুগ ধৰি অসমীয়া জনসাধাৰণৰ স্মৃতিৰ ওপৰত নিৰ্ভৰ কৰি লোক সাহিত্য জীয়াই আছে ।
ড০ প্ৰফুল্ল দত্ত গোস্বামীৰ মতে - জন সাহিত্যৰ পটভূমি হৈছে গাওঁ আৰু পথাৰ, তাৰ প্ৰেৰণা হৈছে জনসাধাৰণৰ সুখ দুখ, আশা নিৰাশা, কাম কাজ, প্ৰেম বিৰহ ।বিশেষ এটা সামাজিক আৱেষ্টনী লৈহে এইবিলাকৰ সৃষ্টি হয় ।
পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে তেওঁৰ অসমীয়া সাহিত্যৰ চানেকী ত গীতিযুগ বুলি অসমীয়া সাহিত্যৰ প্ৰচীনতম কালটোক নিৰ্দেশ কৰিছিল । এই যুগটো তেওঁ খ্ৰীষ্টীয় ৬০০ ৮০০ অব্দৰ ভিতৰত ধৰিছিল ।
অসমীয়া লোক সাহিত্যৰ প্ৰধানকৈ বিষয় বস্তু আৰু ৰচনা ৰীতিৰ ফালৰ পৰা তিনিটা ভাগত ভাগ কৰিব পাৰি - ক।লোক গীত,
খ।ফকৰা যোজনা আৰু সাথঁৰ পটন্তৰ আৰু
গ। সাধুকথা
লোক গীত - লোকগীতত অসমীয়া সাহিত্য অতিশয় চহকী । জন জীৱনৰ সুখ দুখ, হৰ্ষ বিষাদ আদি লোক গীত বোৰৰ প্ৰাণৰ কথা । সাহিত্যৰ দৃষ্টিভংগীৰে চালে লোকগীতবোৰ অধিক মূল্যবান । এই গীতবোৰৰ গাঁৱলীয়া মানুহে জন্মৰপৰা মৃত্যু লৈকে পালন কৰা বিভিন্ন ধৰ্ম - কাৰ্য, আচাৰ - অনুষ্ঠান আদি সম্বন্ধ আছে ৷ লোকগীতবোৰক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি - ক। অনুষ্ঠান মূলক -যিবোৰ লোকগীত অসমীয়া সমাজত বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আছে আৰু সেই অনুষ্ঠান সমূহৰ উদযাপনৰ সময়ত গাঁৱৰ বাবে ৰচিত হৈছিল সেই লোকগীতক অনুষ্ঠানমূলক লোকগীত বোলা হয়।যেনে- বিয়ানাম, বনগীত, বিহুগীত, সুবচনীৰ গীত, অপেচৰী সবাহৰ গীত, লখিমী সবাহৰ গীত, মহোহো গীত আদি ৷
খ। আখ্যানমূলক -আখ্যানমূলক গীত সমূহৰ বিষয়বস্তু হৈছে কোনো একোটা কাহিনী বা কিছুমান কাল্পনিক আখ্যান । এই আখ্যানমূলক লোকগীতবোৰক ইংৰাজী 'বেলাড' বোলে । এইবিধ গীততো অসমীয়া ভাষা চহকী।এই গীতবোৰ বীৰত্ব ব্যঞ্জক বা আদি ৰসাত্মক কাহিনী, দুঃসাহসিক ঘটনা আদিও বৰ্ণিত হয়।কিন্তু কৰুণ ৰসেই এনে গীতৰ প্ৰধান সুৰ।
অসমীয়া আখ্যানমূলক লোকগীত সমুহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি - ক।বুৰঞ্জীমূলক - বুৰঞ্জীমুলক গীতসমূহ ভিতৰত নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত, গৌৰীনাথ সিংহৰ গীত, বৰফুকন গীত, মনিৰাম দেৱানৰ গীত আদি উল্লেখযোগ্য ।কিছুমান সম্পূর্ণ কিন্তু বেছিভাগেই অসম্পুৰ্ণ ৰূপত পোৱা যায় । ইয়াৰ ভিতৰত নাহৰৰ গীত প্ৰাচীনতম কাৰণ নাহৰ ডেকা খোৰাৰাজাৰ (১৫৫২ চনৰ পৰা ১৬০৩) কুঁৱৰী এগৰাকীৰ তোলনীয়া ল 'ৰা আছিল।মনিৰাম দেৱানৰ গীত অৰ্বাচীন ।বৰফুকনৰ গীতৰ বাহিৰে বাকীবোৰ গীত সম্পূর্ণৰূপে সংগৃহীত হোৱা নাই ।তথাপিও কৰুণ ৰসেৰে সিক্ত প্ৰতিটো গীততে ঐতিহাসিক ব্যক্তিজনাৰ প্ৰতি সহানুভূতি প্ৰকাশ পোৱা গৈছে।বুৰঞ্জীমুলক গীতবোৰ প্ৰায়ে কৰুণ ৰসাত্মক ।
খ। কিম্বদন্তি বা জনশ্ৰুতিমূলক -ফুলকোঁৱৰৰ গীত, জীৱন নাগাভৰুৰ গীত, ময়নামতীৰ গীত, মণিকোঁৱৰৰ গীত, কমলা কুঁৱৰীৰ গীত আদি কিংবদন্তি বা জনশ্ৰুতিমূলক গীত অন্তভুক্ত ।এই গীতসমূহ মাজেদি মনোৰঞ্জন কাহিনী একোটা বৰ্ণিত হৈছে ।এই জনশ্ৰুতিমূলক গীতৰ ৰচনাকাল নিৰ্ণয় কৰা টান যদিও জনাগাভৰুৰ গীতেই বোধকৰোঁ প্ৰাচীন ।শংকৰদেউ ৰজাৰ পুতেক ফুলকোঁৱৰে ঘোঁৰাৰে গৈ বৰবৰুৱাৰ জীয়েক কাঁচনমতীক বিয়া কৰায়। ষোল বছৰ বয়সত জলকুঁৱৰীয়ে মণিকোঁৱৰক হৰণ কৰি পানীৰ তললৈ নিয়ে। মণিকোঁৱৰৰ পুতেক ফুলকোঁৱৰে কাঠৰ ঘোঁৰাৰে মালিনীৰ ফুলনিলৈ যায় আৰু তাতে মালিনীৰ সহায়ত ৰজাৰ জীয়েক পঁচেতুলীক বিয়া কৰায়। দুটি ল'ৰা ওপোজাৰ পাছত ফুলকোঁৱৰক বগা হাতীয়ে নি ৰজা পাতে।পঁচেতুলীক সাউদে নিয়ে। অৱশ্যে অৱশেষত আটাইৰে মিলন হয়।
এই গীতসমূহ অসমৰ সংস্কৃতি আৰু আহোম ৰাজত্বৰ এটি আভাস পোৱা যায় ।
গ।কাল্পনিক - এই গীতসমূহৰ কৰুণ ৰস প্ৰধান আৰু প্ৰোষিতভৰ্তৃকা নায়িকাৰ প্ৰিয় বিৰহৰ বৰ্ণনা পোৱা যায় । এই গীতসমূহৰ ভিতৰত কন্যা বাৰমাহী, দুবলা শান্তিৰ গীত, মধুমতী গীত, শান্তি বাৰমাহী গীত, জয়ধন বণিয়াৰ গীত আদি । 
৩। বিবিধ বিষয়ক বা কৰ্মবিষয়ক গীত -বিবিধ বিষয়ক গীত ভিতৰত নাওখেল, ধাইনাম, নিচুকনি গীত, কামৰূপৰ বৰশীবোৱা গীত, মহখেদা, নাঙেলী গীত, গৰখীয়া গীত, হাউখেলৰ গীত, গোৱালপাৰা অঞ্চলৰ চটকা গীত, জুনা গীত, বহুৰঙী গীত, মৈষাল গীত আদি বহু ধৰণৰ গীত অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত আছে ।
পুৰনি গীতৰ মাজতো আধুনিক ছাপ নপৰাকৈ থকা নাই । নিচুকনি গীতৰ প্ৰভাৱ বৈষ্ণৱ সাহিত্যতো পৰিছে । মাধৱদেৱৰ বহু বৰগীত আৰু শ্ৰীধৰ কন্দলিৰ ' কাণখোৱা' ত ইয়াৰ প্ৰভাৱ মন কৰিবলগীয়া ।নিচুকনি গীত হ 'ল সৰু ল'ৰা ছোৱালী ওমলোৱা আৰু নিচুকুওৱা গীত ।
নাওখেলৰ গীতবোৰ বিশেষকৈ নামনি অঞ্চলৰ। নাৱৰীয়া সকলে শ্ৰম লাঘৱ আৰু উৎসাহ বঢ়াবৰ বাবে বঠাৰ ছেৱে ছেৱে তাল মিলাই সমস্বৰে মন ৰঙাবলৈ এই গীতবোৰ গোৱা হয়। এই গীতবোৰৰ কোনো নিদিৰ্ষ্ট বিষয়বস্তু নাই।এই গীত প্ৰভাৱ বৈষ্ণৱ সাহিত্যৰ সাউদ বণিজলৈ যোৱা, কৃষ্ণই ৰাধাক যমুনা পাৰ কৰি নিয়া আদি কথাৰ বৰ্ণনা আছে । মলুৱাৰ গীতত অসমীয়া শিপিনীৰ প্ৰিয় বস্তু নেওঠনী, যঁতৰ, তাঁত শাল আদি উল্লেখ পোৱা যায় ।
        লোকগীত দৰে ফকৰা যোজনা আৰু সাথঁৰ পটন্তৰ আদি অসমীয়া লোক সাহিত্যৰ বহুমূলীয়া সম্পদ । অসমীয়া মানুহৰ মুখে মুখে অতি পুৰণি কালৰে পৰা প্ৰচলিত হৈ অহা ফকৰা যোজনা আৰু প্ৰবচন বোৰো লোক সাহিত্যৰে এটি প্ৰধান ভাগ ।
ফকৰা যোজনাৰ ভাষাৰ সম্পদ । ফকৰা যোজনাৰ এফালে ভাষা চহকী কৰে আৰু আনফালে ভাষাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ কাৰণ ফকৰা যোজনাৰ একোটা সুকীয়া অন্তৰ্নিহিত অৰ্থ থাকে । একোটা বিশেষ ভাবৰ নিৰ্দ্দেশক আৰু বাহক । যোজনাত এটা কথা বুজোৱাৰ নিমিত্তে আন এটা লগত তুলনা দিয়া হয়।যোজনাক পটম্তৰো বুলি কোৱা হয় । যেনে - নদীৰ বন নাই খান্দে আৰু পোতে, বিষয়াৰ বন নাই ভাঙে আৰু পাতে' , "তিনি গধূলি তৰিছে তাঁত, উজটিত ছিঙিছে পৈয়েকৰ দাঁত", "বালিলৈ খিপাত সুগ্ৰীৱলৈকো সেই একে পাত। "
পুৰণি কালত মানুহক ঠাট্টা মস্কৰা কৰিবলৈ ফকৰা যোজনাৰ ৰচিত কৰা হৈছে ।
             সাধুকথা - অসমৰ বিভিন্ন ৰূপত অসমীয়া মানুহৰ মুখে মুখে অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত সাধুকথাসমূহৰ অসমীয়া লোক সাহিত্যৰেই অন্তভূৰ্ক্ত কৰি লোৱা হয় । সাধুকথাৰ কাহিনীত অলৌকিকতাই প্ৰাধান্য লাভ কৰিছে ।সাধুকথা কওঁতাৰ নিজা ভংগী আছে সেই ভংগীৰে ক' লেহে তাৰ বৈশিষ্ট্য প্ৰকাশ হয়। সাধুকথা মানুহৰ দৰে এই চৰিত্র সমূহ মাজতো স্নেহ, মৰম, অসূয়া, ধূৰ্তালি আদি ভাব দেখিবলৈ পোৱা যায় । তেজীমলা, তুলা আৰু তেজা আদি সাধু কৰুণ ৰসাত্মক আৰু টেটোনা, কুকুৰীকণা জোঁৱাই, আদি সাধু সমূহ ধেমেলীয়া বিধৰ। পৰ্বত, নৈ, গছ গছনি, জীৱ জন্তু, চৰাই চিৰিকটি আদি প্ৰাকৃতিক সম্পদ সমূহৰ উৎপত্তি সম্বন্ধেও অলেখ সাধু আছে । পঞ্চতন্ত্ৰ, হিতোপদেশ, ঈছপৰ সাধু আদি গ্ৰন্থ অসংখ্য সাধুকথাৰে ভৰপূৰ ।
      অসমৰ লোক সাহিত্য অতিশয় চহকী।জাতিৰ ভাৱ অনুভূতি, আশা আকাংক্ষা হৰ্ষ বিষাদ, প্ৰেম, বিৰহ, জাতীয় আদৰ্শ আদি লোক সাহিত্যৰ মাজত নিহিত হৈ আছে । অসমীয়া লোক সাহিত্যৰ জন্ম আৰু তাৰ মাজতেই ৱিৱৰ্ত্তন আৰু পৰিবৰ্দ্ধন ।ইয়াৰ প্ৰসাৰে অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিক নিশ্চয় দুগুণে মহীয়ান কৰি তুলিছে ।



Comments

Post a Comment

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -