বিজ্ঞানী তথা ৰাষ্ট্ৰপতি ডঃ আব্দুল কালাম


বিজ্ঞানী তথা ৰাষ্ট্ৰপতি ডঃ আভুল পাকিৰ জয়নুলআবেদিন আব্দুল কালাম :-

২০০২ চনত ২৫ জুলাই তাৰিখে ভাৰতৰ সব্বোর্চ সাংবিধানিক পদত প্ৰথমবাৰৰ বাবে ভাৰত গণৰাজ্যৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল ।তেতিয়া তেওঁৰ বয়স আছিল ৭০ বছৰ ৯ মাহ ১০ দিন। তেওঁ ভাৰতীয় মূলমন্ত্ৰ বসুধৈৱ কুতুম্বকমৰ সমৰ্থক আছিল ।তেওঁ সুযোগ্য বিজ্ঞানী হোৱা লগতে চিন্তক তথা সত্যনিষ্ঠ ব্যক্তি আছিল ।তেওঁ এগৰাকী একেধাৰে ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, লিখক, শিল্প -সংস্কৃতিপ্ৰেমী, ৰসগ্ৰাহী আৰু সাহিত্যৰ সাধক আছিল । আনকি তেওঁ ' মিচাইলমেন ' ৰূপে প্ৰসিদ্ধ আছিল ।
১৯৩১ চনত ১৫ অক্টোবৰত দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম চহৰত এটা মধ্যবিত্ত তামিল পৰিয়ালত ড° কালান জন্মগ্রহণ কৰিছিল ।ড° কালামৰ সম্পূর্ণ নাম আছিল - ডঃ আভুল পাকিৰ জয়নুলআবেদিন আব্দুল কালাম (avul pakirjainulabedin Abedin kalam )।
তেওঁৰ দেউতাক জৈনুলআবেদিন আড়ম্বৰহীন এজন উদাৰ ব্যক্তি আছিল । তেওঁ কোনো অানুষ্ঠানিক শিক্ষা নাছিল আনকি তেওঁ ধন সম্পত্তি থকা ব্যক্তি নাছিল । মাতৃ আছিয়াম্মা এগৰাকী আদৰ্শ গৃহিণী আছিল।আছিয়াম্মা এটা মানী বংশৰ জীয়ৰী।
ৰামেশ্বৰম মন্দিৰৰ মুখ্য পূজাৰী লক্ষ্মণ শাস্ত্রী আৰু জৈনুলআবেদিনৰ মাজত ঘনিষ্ঠ বন্ধুত্ব আছিল।লক্ষ্মণ শাস্ত্রীৰ লৰা ৰমানন্দ শাস্ত্রী অব্দুল কালামৰ খুব ভাল বন্ধু আছিল । নিজৰ মাক আৰু আইতাকৰ পৰা কালামে ৰামায়ণৰ কাহিনী আৰু হজৰত মহম্মদৰ কাহিনী শুনিছিল, কালাম স্পৃহনীয় আছিল সেইসময়ত মানৱ মস্তিষ্কই ধৰ্মৰ নামত কোনো ধৰণৰ বিভাজনৰ ৰেখা অংকিত কৰাৰ পক্ষত নাছিল ।
ড ° কালামৰ পিতৃৰ কেইখনো নাও আছিল ।তেওঁ দেউতাকে মাহমৰীয়াক ভাৰাত নাও বোৰ দিছিল ।
দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্ত হৈছিল ।দেশ স্বাধীনতা ফালে আগবাঢ়িছিল ।কালামৰে ৰামনাথপুৰমৰ শ্বাটজ হাইস্কুলত নামভর্তি কৰে ।পণ্ডিত ইয়াদুৰাই চলমনৰ পৰা তেওঁ যথেষ্ট প্ৰেৰণা পাইছিল ।পণ্ডিত চলমনে কালামহঁতক প্ৰায়ে কৈছিল সফল হ'বলৈ জীৱনৰ ইচ্ছা আস্থা আৰু আশাৰ প্ৰয়োজনীয়তা । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫০ চনত ইন্টাৰমেদিয়েট পঢ়িবলৈ তিৰুচিৰাপল্লীৰ চেন্ট যোচেফ কলেজত নামভৰ্তি কৰিছিল ।তাৰপৰা বিজ্ঞান বিভাগ স্নাতক ডিগ্ৰী লাভ কৰি মাদ্ৰাছ ইনষ্টিটিউট অফ টেকনলজি (এম আই টি )ত নামভৰ্তি কৰি তেওঁ ১৯৫৪ চনত এৰোনেটিকেল ( বৈমানিক )ইঞ্জিনিয়াৰিং উপাধি লাভ কৰিছিল ৷ ১৯৫৮ চনত আব্দুল কালাম ডি. টি. ডি. এণ্ড পি. ত জেষ্ঠ্য সহায়ক বৈজ্ঞানিক পদত নিয়োগ হয়।
১৯৬২ চনত ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰত নিযুক্তি লাভ কৰিছিল ।তৎকালীনভাৱে তেওঁক ৰকেট প্ৰক্ষেপণ কৰাৰ প্ৰশিক্ষণ ল'বৰ বাবে ছ-মাহৰ বাবে আমেৰিকাৰ নাচা (নেচনেল এৰোনাটিকচ্ এণ্ড স্পেছ এডমিনিষ্ট্ৰেশন) লৈ পঠোৱা হৈছিল ।তাত লৈংগলে ৰিচাৰ্চ চেন্টাৰ, বৰ্জীনিয়া ৰাজ্যৰ পৰা প্ৰশিক্ষণ লৈ তেওঁ সোনকালে ভাৰতলৈ উভতি আহিল ।১৯৬৩ চনৰ ২১ নবেম্বৰ তাৰিখে নাচাৰ দ্বাৰা নিৰ্মিত ভাৰতৰ প্ৰথম ৰকেট ' নাইক অপাচী ' উৰোৱা হৈছিল ।
১৯৬৩ চনৰ পৰা ১৯৮২ চনলৈ তেওঁ ভাৰতীয় মহাকাশ সংগঠনত বিভিন্ন পদত কাৰ্য্য কৰিছিল ।১০ আগষ্ট, ১৯৭৯ চনত এচ এল বি - ৩ ( চেটেলাইট লঞ্চ বিকিল)ৰ প্ৰথম ব্যৱহাৰিক পৰীক্ষণ হৈছিল ।এই চাৰিটা পৰ্যায়ত সোত্তৰ টন ওজনৰ ৰকেট আছিল।প্ৰথম পৰ্যায়ত সফলতাৰে কাৰ্য সম্পন্ন কৰিছিল কিন্তু তেওঁৰ দ্বিতীয় পৰ্যায়ত নিয়ন্ত্রণৰ বাহিহৈ সমুদ্রত পৰিছিল ।
১৯৮০ চনৰ ১৮ জুলাই তাৰিখে শ্ৰীহৰিকোটৰ পৰা এচ. এল. বি - ৩ প্ৰক্ষেপ কৰি দুই মিনিটত " ৰোহিণী " পৃথিৱীৰ নিম্ন কক্ষত স্থাপিত হৈছিল । তেওঁৰ এই কৰ্ম জীৱনৰ ১৯ টা বছৰ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ কামত ব্যয় কৰিছিল । ১৯৮১ চনত গণতন্ত্র দিৱসৰ শুভ ক্ষণত ড° আব্দুল কালামক ' পদ্মভূষণ ' সম্মানেৰে সম্মানিত কৰা হৈছিল ।
১৯৮২ চনত তেওঁ ভাৰতৰ মিছাইন উন্নয়ন প্ৰকল্পত কাম কৰিবলৈ আৰম্ভ কৰিছিল ৷১৯৮৩ চনৰ ২৭ জুলাই তাৰিখে ভূমি পৰা ভূমিত আঘাত কৰিব পৰা ' অগ্নি ' প্ৰক্ষেপাস্ত্ৰৰ পৰীক্ষাত সফল হৈছিল । ইয়াক পৃথিৱী আৰু টেক্টকেল কো'ব ভিকেল ' ত্ৰিশূল ' নামাকৰণ কৰা হৈছিল । আব্দুল কালামে মাটিৰ পৰা আকাশত আঘাত হানিব পৰা প্ৰতিৰক্ষা প্ৰণালীক ' আকাশ' আৰু ' ট্ংকৰোধী মিচাইল প্ৰকল্পক ' নাগ ' নাম দিয়া হৈছিল ।১৯৮৫ চনৰ ১৬ চেপ্টেম্বৰ তাৰিখে শ্ৰীহৰিকোটাৰ পৰা ' ত্ৰিশূল' মিচাইলক উৰোৱা হৈছিল ।১৯৮৮ চনৰ ২৫ ফেব্ৰুৱাৰীত পৃথিৱীৰ প্ৰক্ষেপণ কৰা হৈছিল । ই ভৱিষ্যৰ মিচাইলৰ আধাৰ আছিল ।

ড° কালামৰ তত্ত্বাৱধানতে ১৯৯৮ চনত ভাৰতে এলানি পাৰমাণৱিক বোমাৰ পৰীক্ষা মূলক বিস্ফোৰণ ঘটাইছিল ।
১৯৯২ চনত তেওঁক প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈজ্ঞানিক পৰামৰ্শদাতা হিচাপে নিয়োগ কৰা হৈছিল ।১৯৯৯ চনৰ নবেম্বৰৰ পৰা ২০০১ চনৰ নৱেম্বৰ মাহলৈ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ মুখ্য বৈজ্ঞানিক পৰামৰ্শদাতা হিচাপেও কাম কৰিছিল ।
১৯৯০ চনত ভাৰত চৰকাৰে তেওঁক ' পদ্মবিভূষণ ' আৰু ১৯৯৭ চনত সব্বোর্চ নাগৰিকৰ সম্মান ' ভাৰত ৰত্ন ' সন্মানেৰে বিভূষিত কৰা হৈছিল । তদুপৰি তেওঁৰ আঠাইশ খনৰো অধিক বিশ্ববিদ্যালয়ে তেওঁক ডি. এছ. চি ( D. Se. Doctor of Science ) উপাধি প্ৰদান কৰিছিল ।
২০০২ চনত ২৫ জুলাইত ৰামেশ্বৰমৰ সন্তান ৰাষ্ট্ৰপতি পদ শুৱনী কৰিছিল ।২০০৭ চনৰ ২৫ জুলাইলৈকে তেওঁ ভাৰতৰ্ষৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল ।
 তেওঁ তামিল ভাষাত ভালেখিনি কবিতা ৰচনা কৰিছিল ।তাৰে ১৭ তা কবিতা ইংৰাজীলৈ অনুবাদ কৰি তেওঁ এখন সংকলন প্ৰকাশ কৰিছিল ।my journey ' নামৰ এই কবিতা সংকলন খন ১৯৯৪ চনত প্ৰকাশ পাইছিল ।তেওঁৰ প্ৰকাশিত ইংৰাজী গ্ৰন্থকেইখনৰ নাম - ' India 2020; A Vision for the new Millennium ', Wing of fire; An Autobiography; Ignited minds - unleashing the power withing India ' ।
তেওঁ এজন আশাবাদী,উচ্চাকাংক্ষী আৰু কঠোৰ পৰিশ্ৰমী ব্যক্তি আছিল ।তেওঁ মনক কোনো ধৰণৰ নিৰাশাক ঠাই ল'বলৈ নিদিছিল ।তেওঁ দেশৰ যুৱসমাজক উদ্দেশ কৰি কৈছিল যে সংকীর্ণ আৰু তুচ্ছ লক্ষ্য স্থিৰ কৰি আগুৱাই যোৱাটো এটা অপৰাধ । কিন্তু তেওঁ পৰিশ্ৰম অথলে যোৱা নাছিল ।তেওঁ সময়ৰ কাম সময়ত সমাধা কৰিছিল ।ড° আব্দুল কালামে নিজৰ মাক দেউতাকৰ পৰা সততা, আত্ম অনুশাসন, বিশ্বাস আৰু কৰুণাৰ উত্তৰাধিকাৰ লাভ কৰিছিল ।
ড° আব্দুল কালাম ২০১৫ চনৰ ২৭ জুলাই তাৰিখে Livable Planet earth বিষয়ত আই আই এম শ্বিলঙত বক্তৃতা প্ৰদান কৰি থাকোঁতে কালামৰ হাৰ্ট এটেক হয়। গুৰুতৰ অৱস্থাত তেওঁক বেথানী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।কালামক সুস্থ কৰি তুলিবলৈ চেষ্টা কৰা পাছতো হৃদয়ন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ইহলীলা সম্বৰণ কৰে ।

Comments

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

অসমীয়া লোক সাহিত্য -