সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা

সুধাকন্ঠ ভূপেন হাজৰিকা চমু বিৱৰণ -
⚫শ্ৰদ্ধা কোঁৱৰ দেউৰী
ড° ভূপেন হাজৰিকাৰ অসম তথা ভাৰতৰ এগৰাকী একেধাৰে সু গায়ক,কবি, গীতিকাৰ, সুৰকাৰ, গদ্যকাৰ, শিক্ষাবিদ, চিত্ৰ পৰিচালক, সংগীত পৰিচালক, বোলছবি পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু আলোচনীৰ সম্পাদক তথা নিৰ্ভীক বক্তা। ড° ভূপেন হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী আছিল ।
১৯২৬ চনৰ ৮ ছেপ্তেম্বৰ তাৰিখে শদিয়াত ড° ভূপেন হাজৰিকা জন্ম হৈছিল ।তেখেতৰ পিতৃ আছিল নীলকান্ত হাজৰিকা পেছাত এজন শিক্ষক আৰু মাতৃ আছিল শান্তিপ্রিয়া হাজৰিকা।তেওঁৰ শৈশৱপাৰ হৈছিল গুৱাহটীত ।
ড° হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল।
তেওঁৰ জীৱনৰ প্ৰথমটো সংস্কৃতিক খোজ পেলাইছিল ১৯৩০ চনৰ ৩০ অক্টোবৰত কটন কলেজিয়েট হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত ।এই প্ৰথম খোজটোতেই যেন তেওঁৰ প্ৰতিভাৰ উমান পাইছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই।তেওঁৰ গীতৰ কন্ঠেৰে নিগৰি অহা " জয় জয় যাদৱ জলনিধি জাধৱ ধাতা " শীৰ্ষক বৰগীতটি শুনি এটি চুমা আৰু আশীৰ্বাদ লাভ কৰিছিল ।লাহে লাহে তেওঁৰ প্ৰতিভাৰে সকলোৰে প্ৰসংশা বুটলিছিল। তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে জ্যােতিপ্ৰসাদ আগৰৱাল, বিষ্ণুপ্রসাদ ৰাভা আদি ব্যক্তিৰ সান্নিধ্য লৈ অহাৰ তেওঁৰ সুযোগ পাইছিল ।তেওঁলোকৰ সান্নিধ্যতে ষষ্ঠ শ্ৰেণীত কলিকতালৈ গৈ ' ছেনোলা মিউজিকেল প্ৰভাক্টছ কোম্পানীত ' জয়মতী ' পালানাটৰ গীত ৰেকৰ্ডিং কৰিবলৈ সুযোগ লাভ কৰিছিল ।ৰেকৰ্ডিং কৰাৰ এই দিনটোৰপৰাই যেন জ্যােতি-বিষ্ণু -ফণী এই ত্রিমূৰ্ত্তিৰ স্নেহধন্য ভূপেন হাজৰিকাৰ অঘোষিত সাংস্কৃতিক জয়যাত্রা আৰম্ভ হৈছিল ।জ্যােতি - বিষ্ণু ৰাভাই স্বৰচিত "উলাহতে নাচিবাগি হ'লি বিয়াকুল" আৰু "কাষতে কলচী লৈ" গীত দুটিও বাণীবদ্ধ কৰোৱায়।
১৯৩৭ চনত তেওঁৰ তেজপুৰত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক লৈ ৰচনা কৰিছিল তেওঁৰ জীৱনৰ প্ৰথমটো গীত- '' কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান নামৰে সুৰতে আনন্দত নাচিছিল বৰদোৱা থান মোৰ গুৰু ঐ পৱিত্র বৰদোৱা থান "
১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী ছবিৰ নেপথ্য গায়ক হিচাবে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে।
 তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে ।তাৰ পাছত বাৰাণসীত থাকোতে তেওঁ ৰণদাচৰণ উকীলৰ "স্কুল অৱ আৰ্টছ "ত চিত্ৰাংকনৰ শিক্ষাও লৈছিল।১৯৪৪ চনত ৰাজনীতি বিজ্ঞানৰ উপৰি দৰ্শন বিষয়তো সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে ।ইয়াৰ পিছত তেওঁ ১৯৪৬ চনত বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰাই ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে গুৱাহাটীৰ বি বৰুৱা কলেজত ছমাহ অধ্যাপনা কৰিছিল ।১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত,উক্ত অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হৈছিল। ১৯৪৯ চনত চেপ্তেম্বৰ মাহত ডক্টৰেট ডিগ্রীৰ গৱেষণামূলক অধ্যয়নৰ বাবে আমেৰিকালৈ যাত্ৰা কৰিছিল ।তেওঁ আমেৰিকা গমনৰ মূল উদ্দেশ্য কাৰণ আছিল গৱেষণা কৰা।তাতে তেওঁৰ পল উইট আৰু ব্ৰানছ নামৰ দুগৰাকী পণ্ডিতৰ তত্ত্বাৱধানত গৱেষণা আৰম্ভ কৰিছিল যদিও তেওঁ যথেষ্ট অৰ্থ সংকটত ভুগিছিল । তেওঁ আজৰি সময়ত লিফট চলাই চাৰি ডলাৰকৈ আৰ্জিছিল ।
১৯৫০ চনৰ ১ আগষ্ট তাৰিখে নিউয়ৰ্কত ড° হাজৰিকা উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহ পাশত আবদ্ধ হয়।তেওঁলোকৰ বিয়াৰ পিছত সাংসাৰিক জীৱন তেনেই চুটি আছিল।১৯৫২ চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয়। ১৯৬৩ চনত তেওঁলোকৰ বিচ্ছেদ হয়।
১৯৫২ চনত তেওঁ ডক্টৰেট ডিগ্রী লৈ পুনৰ স্বদেশলৈ প্ৰত্যাবৰ্তন কৰিছিল ।তেওঁৰ গৱেষণা মূল উদ্দেশ্য বিষয় আছিল Role of Mass Communication in India’s Adult Education (ৰোল অফ মাছ কমুনিকেচন ইন ইণ্ডিয়াছ আডালত এডুকেচন) ।তেখেতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচিত্ৰৰ ভূমিকা অধ্যয়নৰ বাবে লিছ্‌ল ফেল'শ্বিপ লাভ কৰিছিল।
১৯৫৪ চনত জালুকনিবাৰীত গুৱাহাটী বিশ্ববিদ্যালয় মুকলি কৰা দিনা তেওঁ নিজে লিখা ৰচনা কৰা, নিজে সুৰ দি সৃষ্টি কৰিছিল-" জিলিকাব লুইতৰে পাৰ" এই বিখ্যাত সংগীতটো।
তেওঁৰ গীতত সমাজৰ সকলো স্তৰৰ লোকৰ, বিভিন্ন কৰ্মক্ষেত্ৰতৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ জীৱন সংগ্ৰামৰ বিষয়ে প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায় ।
ড০ ভূপেন হাজৰিকাই বহুকেইখন চলচ্চিত্র সংগীত পৰিচালনা কৰিছিল ।পৰৱৰ্তীকালত কল্পনা লাজমী পৰিচালিত 'এক পল ', ৰুদালিৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল ।১৯৯৩ চনত তেওঁ চলচ্চিত্র জগতত সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা (১৯৯২ চনৰ বাবে )লাভ কৰিছিল ।২০০৯ চনত ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ সন্মান " একাডেমী ফেল'শ্বীপ" আৰু "সংগীত ৰত্ন " লাভ কৰিছিল ।
একেটা বছৰতে তেওঁ অসম চৰকাৰ ফালৰপৰা " অসম ৰত্ন (২০০৯)" বঁটা লাভ কৰে ইয়াৰ উপৰিও তেওঁ পদ্মশ্ৰী(১৯৭৭), পদ্মভূষণ(২০০১), শ্ৰীমন্তশঙ্কৰদেৱ বঁটা(১৯৮৭),ইন্দিৰা গান্ধী বঁটা (১৯৮৭), সংগীত নাটক একাডেমী বঁটা, লটি ঘটি (১৯৬৬), চামেলী মেম চাব (১৯৭৬), লতা মংগেশকাৰ বঁটা(২০০১), লুইতৰত্ন, দেশৰত্ন আদি বিভিন্ন বঁটা লাভ কৰিছিল ।
ড ভূপেন হাজৰিকা সৰ্বকালৰ এজন শ্রেষ্ঠ অসমীয়া ।তেওঁৰ গীতত প্ৰতিফলিত হৈছে মানুহৰ হৃদয়ৰ বিভিন্ন আশা আকাংক্ষা, সুখ দুখ, আবেগ অনুভূতি ইত্যাদি বিষয়।কিডনীৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ড° হাজৰিকাই ৫ নৱেম্বৰ ২০১১ চন মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ।ড° হাজৰিকাৰ মৃত্যুৰ সময়ত প্ৰিয়ম্বদা পেটেল অ'টাৱাত আছিল।ড° ভূপেন হাজৰিকা আজি তেওঁ কায়িকভাৱে আমাৰ মাজত নাই কিন্তু চিৰকাল আমাৰ বুকুৰ মাজত থাকিব ।


Comments

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

অসমীয়া লোক সাহিত্য -