ভোগেশ্বৰী ফুকননী

শ্বহীদ ভোগেশ্বৰী ফুকননী  -

ভোগেশ্বৰী ফুকননী আছিল এগৰাকী দেশপ্ৰেমিক, স্বাধীনতা সংগ্ৰামী আৰু শ্বহীদ ।১৯৮০ চনত নগাঁৱৰ সম্ভ্ৰান্ত আহোম পৰিয়াল এটিত ভোগেশ্বৰী ফুকননীৰ জন্ম হৈছিল ।তেওঁৰ দেউতাকৰ নাম আছিল আত্মাৰাম বুঢ়াগোহাঞি আৰু মাকৰ নাম আছিল নীলেশ্বৰী বুঢ়াগোহাঞি ।ভোগেশ্বৰ ফুকনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ।তেওঁলোকৰ ছয়জন পুত্ৰ সন্তান আৰু দুগৰাকী কন্যা সন্তান জন্ম হৈছিল৷ ষাঠি বছৰ বয়সলৈ ভোগেশ্বৰী ফুকননীয়ে শান্তিময় ঘৰুৱা জীৱন যাপন কৰিছিল যি সময়ত তেওঁৰ জীৱনে এটা নতুন গতি লৈছিল।তেওঁ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল৷ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতে দেশত বৃটিচ শাসনৰ বিৰুদ্ধে বহু বছৰ অহিংস যুঁজ কৰিছিল ৷ ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল আৰু হাজাৰ হাজাৰ মানুহ ৰাস্তা লৈ ওলাই আহিছিল ৷ জাতিৰ এনে সময়ত ভোগেশ্বৰী ফুকননী অলস হৈ ববি থাকিব পৰা নাছিল ৷ তেওঁ লৰা ছোৱালী আৰু নাতিসকলক লৈ আন্দোলনত যোগ দিছিল।ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে তেখেত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল৷
ভোগেশ্বৰী ফুকননী বৰহমপুৰত আন্দোলনৰ মহিলা প্ৰথম শাখাৰ নেত্রী আছিল।তেওঁ ইমান উদ্দীপনাময়ী আছিল যে অধিকতকৈ অধিক মানুহে আগ্ৰহেৰে আন্দোলনত যোগদান কৰিছিল ৷ ১৯৪২ চনৰ ১৬ ছেপ্টেম্বৰত বৃটিচ চৰকাৰে বৰমহপুৰৰ স্বেচ্ছাসেৱী প্ৰশিক্ষণ ছাউনীবোৰত নিষেধাজ্ঞা আৰোপ কৰিছিল আৰু স্বেচ্ছাসেৱী সকলক বন্দী কৰিছিল ৷
এই কাৰ্যত প্ৰতিবাদত ১৯৪২- ৰ ১৮ ছেপ্টেম্বৰত বৰহমপুৰত এক ৰাজহুৱা সমাবেশ আয়োজন কৰা হৈছিল ৷ শ শ জনতা তাত গোট খাইছিল ।মিঃ প্ৰতাপ চন্দ্ৰ শৰ্মাই মিটিঙৰ সভাপতিত্ব কৰিছিল ।সেই সময়তে জুমটোক ছত্ৰভঙ্গ দিয়াৰৰ বাবে এদল মিলিটাৰী তালৈ আহিছিল ।সিহঁতে মিঃ প্ৰতাপ চন্দ্ৰ শৰ্মাক বন্দী কৰিছিল ।
সেই মুহূৰ্ততে প্ৰায় দুশ পঞ্চাশজনীয়া মুক্তি যুঁজাৰুৰ ডাঙৰ দল এটা তাত উপস্থিত হৈছিল ৷ এই দলটোৰ ভোগেশ্বৰী ফুকননী আৰু ৰত্নমালা ফুকনৰ দ্বাৰা পৰিচালিত হৈছিল ।
কমাণ্ডাৰ মিঃ ক্লাৰ্কৰ অধীনত বৃটিচ বাহিনীয়ে মুক্তিযোদ্ধা সকলক ৰখাইছিল।মিঃ ক্লাৰ্কে বলপূৰ্বক ভাৱে ৰত্নমালাৰ পৰা পতাকাখন নিবলৈ চেষ্টা কৰিছিল ৷ অৱশেষত টনা-আজোৰাত ৰত্নমালা মাটিত পৰি গৈছিল। ৰত্নমালা আৰু ত্ৰিৰংগ পতাকাৰ এনে অপমান কৰা দেখি
ভোগেশ্বৰী ফুকননী নীৰৱে থাকিব পৰা নাছিল ৷ তেওঁৰ পতাকাখনৰ মাৰিডালেৰে মিঃ ক্লাৰ্কক কোবাৱা আৰম্ভ কৰিছিল ।মিঃ ক্লাৰ্ক অচেতন হৈ পৰিছিল । কেইমিনিটমানৰ পিছত তেওঁ সুস্থ হৈছিল আৰু তেওঁ বৰ উপলুঙা কৰা বুলি অনুভৱ কৰিছিল ৷ সেইবাবে, খঙতে তেওঁ পিষ্টল লৈছিল আৰু নিচেই ওচৰৰপৰা ভোগেশ্বৰী ফুকননীক গুলী কৰিছিল ৷
ভোগেশ্বৰী ফুকননী ৰত্নমালাৰ কোলাত পৰিছিল আৰু সংজ্ঞাহীন হৈছিল ৷ দুদিন পিছত ১৯৪২ চনৰ ২০ চেপ্তেম্বৰত নিজা বাসভৱনত তেওঁ শেষ নিশ্বাস কাঢ়িছিল ।এইদৰে ভাৰতৰ স্বাধীনতাৰ হকে তেওঁ নিজৰ জীৱন পাত কৰিছিল ।
স্বাধীনতা আন্দোলনত মৃত্যুবৰণ কৰা বাবে ভোগেশ্বৰী ফুকননীক ছহীদ সন্মান দিয়া হৈছিল৷

⚫ শ্ৰদ্ধা কোঁৱৰ দেউৰী 

Comments

  1. জন্ম চনটো শুদ্ধ কৰি দিব লৈ অনুৰোধ জনালোঁ 🙏।

    ReplyDelete

Post a Comment

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

অসমীয়া লোক সাহিত্য -