তাত্ত্বিক পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন

তাত্ত্বিক পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন চমু বিৱৰণ -

আজিৰপৰা প্রায় এশ ত্ৰিশ বছৰ আগতে প্ৰবাদ পুৰুষ তথা তাত্ত্বিক পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল ১৮৭৯ খৃষ্টাব্দৰ ১৪ মাৰ্চ তাৰিখে জাৰ্মানীৰ উইটেনবাৰ্গ অঞ্চলৰ উলম চহৰত।পিতৃ হাৰমেন আইনষ্টাইন আছিল এজন ব্যৱাসায়ী।আৰু মাতৃ আছিল পাউলিন আইনষ্টাইন।উপযুক্ত বয়ষলৈ আইনষ্টাইনৰ যেতিয়া মাত ফুটা নাছিল তেতিয়া পিতৃ আৰু মাতৃৰ যথেষ্ট চিন্তিত হৈছিল ।
প্ৰায় ন বছৰ বয়ষলৈকে এলবাৰ্ট আইনষ্টাইনৰ সলসলীয়াকৈ কথা ক'ব পৰা নাছিল ।১৮৮৫ চনত আইনষ্টাইনক মিউনিক কেথ'লিক স্কুলত নামভর্তি কৰি দিছিল ।ছাত্ৰ জীৱনত আইনষ্টাইন মুঠতে মেধাবী নাছিল ।পৰীক্ষাত তেওঁ সদায়ে কম নম্বৰ পাইছিল ।আনকি তেওঁ জুৰিখত পলিটেকনিকৰ বাছনি পৰীক্ষাতো প্ৰথমবাৰ সফল হব পৰা নাছিল ।
 ১৮৮৮ চনত তেওঁ মিউনিক লুইপ'ল্ড জিমনেচিয়ামত মাধ্যমিক শিক্ষাগ্ৰহণ কৰে । এবাৰ দেউতাকে শিশু আইনষ্টাইনক এদাল চুম্বকশলা উপহাৰ দিছিল। তেওঁ এই কথা অনুভৱ কৰিব পাৰিছিল যে চৌদিশে শূন্য হ'লেও নিশ্চয় কিহবাই শলাদালক বান্ধি ৰাখিছে ।
১৮৯৪ চনত, এলবাৰ্টৰ দেউতাকৰ কাৰখানাটো বন্ধ হৈ যোৱাত নতুন ভাগ্যৰ সন্ধানত তেওঁলোকৰ পৰিয়াল মিউনিখৰ পৰা ইটালিৰ মিলানলৈ যায়, তাৰ কিছুমাহৰ পিছত পাভিয়ালৈ গমন কৰে। ১৮৯৫ চনত তেওঁ উচ্চ শিক্ষাক বাবে জুৰিখলৈ আহিছিল।চুইজাৰলেণ্ডৰ জুৰিখত থকা এখন আন্তজার্তিক নামৰ পলিটেকনিকত স্কুলত শিক্ষা গ্ৰহণ কৰি ১৯০১ চনত ডিপ্ল'মা গ্ৰহণ কৰে ।
১৯০৩ চনৰ ৬ জানুৱাৰীত এলবাৰ্টে তেওঁৰ একালৰ স্কুলৰ সহপাঠী মিলেভা মাৰিটচ্‌ৰ লগত বিবাহ হৈছিল কিন্তু তেওঁৰ বৈবাহিক জীৱন সুখকৰ নাছিল ।
১৯১৪ চনৰ পৰা পাঁচ বছৰ বেলেগে বেলেগে থকাৰ পাছত ১৯১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল।
 ১৯১৯ চনৰ ২ জুনত আইনষ্টাইনে এলছা লৱেন্থেল নামৰ এগৰাকী মহিলাক বিয়া কৰাইছিল ।১৯৩৬ চনৰ ডিচেম্বৰ মাহত এলছা আইনষ্টাইন মৃত্যু হয়।
'গেছৰ গভীৰ তত্ত্ব বিষয়ত গৱেষণাৰ বাবে জুৰিখ বিশ্ববিদ্যায়য়ে তেওঁক ১৯০৪ চনত ডি ফিল উপাধি প্ৰদান কৰিছিল ।
১৯০৯ চনত ৬ জুলাইত জুৰিখ বিশ্ববিদ্যায়ত সহকাৰী অধ্যাপক পদত নিযুক্তি লাভ কৰিছিল ।
১৯১২ চনত জুৰিখ পলিটেকনিকৰ তাত্ত্বিক পদাৰ্থ বিজ্ঞানৰ অধ্যাপকৰ পদত নিযুক্তি পাইছিল ।
প্ৰথম বিশ্বযুদ্ধ ইতিমধ্যে শেষ হৈছে। পৃথিৱী জুৰি তেতিয়া কেৱল সদ্যসমাপ্ত হোৱা যুদ্ধখনৰে চৰ্চা; কিন্তু এই সকলোবোৰ চিন্তা তল পেলাই ১৯১৯ চনৰ ৭ নৱেম্বৰ তাৰিখে ইংলেণ্ডৰ ’দ্য টাইমচ’ কাকতে লিখিলে,-’It is the discovery of a whole continent of new scientific ideas. It is the greatest discovery in connection with gravitation since Newton enumerated his principles.”
১৯২১ চনত তাত্ত্বিক পদাৰ্থ বিজ্ঞানলৈ অবদান বিশেষকৈ আলোক বিদ্যুত পৰিঘটনাৰ বাবে পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল ।
১৯৩৩ চনত আমেৰিকালৈ গৈ প্ৰিন্সটনৰ ইনষ্টিটিউট অব এডভান্সড্ ষ্টাডিজ'ৰ অধ্যাপকৰ পদত নিযুক্তি হৈছিল ।
১৯৩৬ চনৰ ১৫ জানুৱাৰীত তেওঁ আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে।১৯৩৯ চনত পাৰমাণৱিক বোমা নিৰ্মাণ কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিকলৈ আবেদন কৰিছিল ।
জীৱনৰ শেষ কালছোৱাত তেওঁ আন এটা বৈজ্ঞানিক সত্য উদঘাটন কৰি নাম দিয়ে-’The unified Field Theory’। আইনষ্টাইনৰ গৱেষণাৰ আহিলা আছিল এডাল পেঞ্চিল আৰু কাগজ আৰু সত্যবোৰ উদঘাটন কৰিছিল সেই কাগজত পেঞ্চিল টুকুৰাৰে অংক কৰি। আন কোনো যন্ত্ৰপাতিয়েই তেওঁৰ নাছিল।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেখেতৰ সেই পাৰমাণৱিক বোমাত হিৰোচিমা আৰু নাগাছাকিৰ লক্ষাধিক নিৰীহ লোকৰ প্রাণহানি কৰিছিল ।
এই দৃশ্যই আইনষ্টাইনক মৰ্মাহত কৰিছিল ।সেয়ে তেখেতে ১৯৪৫ চনত পৰমাণু শক্তি মানুহৰ ধ্বংশ কাৰ্যত ব্যৱহাৰ নকৰিবৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিলৈ অনুমতি কৰি পত্র প্রেৰণ কৰিছিল ।
আইনষ্টাইনে বিশ্বাবাসীলৈ এৰি থৈ যোৱা পদাৰ্থ বিজ্ঞানৰ অনবদ্য অৱদানৰ বাবে তেখেতক বিজ্ঞানী জগতৰ এগৰাকী প্ৰবাদ পুৰুষ হিচাপে আখ্যা দিয়া হৈছে ।আইনষ্টাইনে ভাৰতীয় বিজ্ঞানী সত্যেন্দ্ৰ নাথ বসুৰ 'প্ৰেংক সূত্র আৰু কোৱান্টা প্ৰকল্প '' জামান ভাষালৈ অনুবাদ কৰিছিল ।ভাৰতৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে আইনষ্টাইনে সত্যৰ প্ৰকৃতিৰ বিষয়েও আলোচনা কৰিছিল আৰু বাপুজীৰ অহিংসা পন্থাক প্ৰশংসা আৰু সমৰ্থন কৰিছিল ।
    ১৯৫৫ খ্ৰীষ্টাব্দত ১৮ এপ্ৰিল তাৰিখে হৃদৰোগৰ ফলত ৭৬ বছৰ বয়সত তাত্ত্বিক পদাৰ্থ বিজ্ঞানী এলাবাৰ্ট আইনষ্টাইন মৃত্যু হয় ।

শ্ৰদ্ধা কোঁৱৰ

Comments

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

অসমীয়া লোক সাহিত্য -