সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্য চমু বিৱৰণ -
শ্ৰদ্ধা কোঁৱৰ দেউৰী

অসমীয়া সাহিত্যৰ একনিষ্ঠ সাধনা কৰি কোনোৱে যদি অসমীয়া ভাষা সাহিত্যৰ জয়দ'ল বান্ধি গৈছে - সেইজনেই হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ।তেওঁ নতুন অসমীয়া নতুন দিগন্তত, পুৰণি পৃথিৱীক ন দৃষ্টিৰে চাই অসমীয়া ভাষা সাহিত্যৰ পুৰণি ভঁৰালটোক নতুন সৃষ্টিৰে বিনন্দীয়া কৈ সজাই থৈ গৈছে ।লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যৰ জীৱনৰ দৰে ছাত্ৰ জীৱন আৰু কৰ্ম্ম জীৱনো আছিল বৈচিত্র্যপূৰ্ণ।আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। গীত,তত্বমূলক সাহিত্য, হাস্যৰস টোপোলা, কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা সাহিত্য , ধৰ্ম্ম তত্বমূলক সাহিত্য, সাধুকথা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। তেওঁৰ অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱৰ জীৱনীকাহিনী অসমীয়া সমাজৰ মাজত প্ৰচাৰ কৰি তথাতথি আধুনিক শিক্ষিত সকলৰ মন সেইফালে ঢাল খুৱাইছিল ।
     ১৮৬৪ খ্ৰীষ্টাব্দৰ কাতি মাহৰ লক্ষ্মীপূৰ্ণিমাৰ ৰাতি নাৱৰ বুকুত লক্ষ্মীনাথ বেজবৰুৱা জন্ম হৈছিল ।পিতৃ আছিল দীননাথ বেজবৰুৱা বৃটিছ আমোলৰ আগছোৱাৰ এজন মুঞ্চিল।
১৮৮৬ চনত শিৱসাগৰৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ উচ্চ শিক্ষাৰ বাবে লক্ষ্মীনাথ বেজবৰুৱা কলিকতালৈ যায় ।কলিকতাৰ চিটি কলেজত পঢ়ি তাৰপৰাই বি এ পৰীক্ষাত উত্তীৰ্ণ হয় ৷ তাৰ পিছত বেজবৰুৱাই এম. এ আৰু আইন অধ্যয়ন কৰিছিল যদিও শেষত এৰিব লগা হয় ৷এই দুটা পৰীক্ষা দিয়া পিছত তেওঁ হাকিম মুঞ্চিল হ'লহেঁতেন নাইবা উকীল হ'লহেঁতেন ।কিন্তু বিধাতাৰ বিধান আছিল সুকীয়া ।ইংৰাজ চৰকাৰে তেওঁক মুন্সিফ্ পদ যাচিছিল যদিও তেওঁ তাক প্ৰত্যাখ্যান কৰি স্বাধীনতা প্ৰয়াসী উচ্চ মনৰ পৰিচয় দিছিল ।
১৮৯১ চনত বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ হেমেন্দ্ৰনাথ ঠাকুৰৰ কন্যা প্ৰজ্ঞাসুন্দৰী দেৱীৰ লগত বিবাহ পাশত আৱদ্ধ হয় ।ইয়াৰ পিছত তেওঁ বিখ্যাত অসমীয়া সদাগৰ ভোলানাথ বৰুৱাৰ লগত ব্যৱসায়ত নামে।পিছত ৱাৰ্ড নামৰ ইংৰাজী কোম্পানী এটাৰ লগত কিছু দিন কাৰবাৰ চলায়।অৱশেষত তেওঁ উৰিষ্যাৰ সম্বলপুৰত নিজাকৈ কাঠৰ কাৰবাৰ কৰে।
   কলিকতাত থকা কালতে তেওঁ 'জোনাকী ' আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভা" প্ৰতিষ্ঠাপনত আগভাগ লৈছিল ৷ জোনাকী কাকতৰ জৰিয়তে অসমীয়া সাহিত্যত একশ্ৰেণীৰ সাহিত্যকৰ সৃষ্টি হৈছিল আৰু অসমীয়া ভাষাই এটা নতুন ৰূপ পাইছিল ।জোনাকী লোপ পোৱাৰ পিছত বেজবৰুৱাই অকলেই 'বাঁহী' নামৰ কাকতখন উলিয়াইছিল ।তেওঁ একাধাৰে কবি নাট্যকাৰ, হাস্যৰসিক, গদ্য শিল্পী, বংগলেখক, সাংবাদিক সমালোচনক, পুৰণি সাহিত্যৰ ৰসজ্ঞ সমালোচনক আৰু শিশু সাহিত্যৰ অন্যতম জনক, অসমীয়া ভাষা বিদ্বেষী সগলৰ কাৰণে মূৰ্তিমান কালান্তক সদৃশ আছিল ।কিন্তু সকলোবোৰ দিশতকৈ প্ৰতাৱশীল আছিল তেওঁৰ ব্যক্তিত্ব ।
বেজবৰুৱাই নাটক, উপন্যাস, কবিতা, সাধুকথা, চুটিগল্প, বংগৰচনা, তথাপূৰ্ণ আলোচনা আদি বিবিধ ৰচনাৰে অসমীয়া সাহিত্যক চহকী কৰি থৈ গৈছে ।সামগ্রিক ভাৱে সাধাৰনতে দুটা কথা এই ৰচনাবোৰত স্পষ্ট ভাৱে দেখা পোৱা যায় ।প্ৰথমটো হ'ল অকৃত্ৰিম দেশাত্মবোধ আৰু দ্বিতীয়টো হ ল সংস্কাৰৰ মাজেদি উদগতিৰ প্ৰেৰণা ।
তেওঁৰ সাহিত্যক জীৱন আৰম্ভ হৈছিল "লিতিকাই "নাটক ৰচনা পৰাই ।তেওঁৰ এই নাটক প্ৰথম বছৰ জোনাকীত প্ৰকাশ হৈছিল ৷ তাৰ পিছত ক্ৰমে কামৰ কৃতিত্ব লভিবৰ সংকেত (১৯০৩), কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা (১৯০৪), পদুমকুঁৱৰী উপন্যাস (১৯০৫), সুৰভি গল্প সংগ্ৰহ (১৯০৯), কৃপাবৰ বৰুৱাৰ ওভতনি (১৯০৯), দীননাথ বেজবৰুৱাৰ জীৱন চৰিত, শংকৰদেউ(১৯১২),পাঁচনি নাট(১৯১৩), জোনবিৰি গল্প সংগ্ৰহ(১৯১৩), বুঢ়ী আইৰ সাধু, সাধু কথা কুঁকি, ককাদেউতা আৰু নাতি ল'ৰা, জুনুকা, জয়মতী, বেলিমা ,শংকৰদেৱ মাধৱদেৱ(১৯১৪), বাখৰ(১৯১৪), চক্রধ্বজ সিংহ (১৯১৫), ভাগৱত কথা, কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি (১৯১৫) ইত্যদি ৰচনা কৰিছিল ।তেওঁৰ পিতৃ দীননাথ বেজবৰুৱাৰ জীৱন চৰিত - ডাঙৰীয়া দীননাথ বেজবৰুৱা 'গ্ৰন্থখনি সোণত সুৱগা চৰোৱা এখনি মহৎ গ্ৰন্থ ।' বৰবৰুৱাৰ বুলনি 'নামেৰে বেজবৰুৱাৰ নতুন প্ৰবন্ধ সংগ্ৰহ, কেহোঁকলি নামৰ চুটিগল্পৰ সংকলন আৰু জীৱন সোঁৱৰণ, দিনলেখা, (diary), পত্রলেখা, আদি মৰণোত্তৰ প্ৰকাশ পাইছিল ।
লক্ষ্মীনাথ বেজবৰুৱাৰ বিৰল ৰচনাৰাজিৰ বাবে ' ৰসৰাজ ' আৰু সাহিত্যৰ কাণ্ডাৰী হৈ সাহিত্য ৰচনাৰ পথ নিৰ্দেশ কৰাৰ বাবে 'সাহিত্যৰথী' উপাধি লাভ কৰিছিল ।
তেওঁৰ নাটকৰ অন্তৰ্গত গীতসমূহৰো সুকীয়া এটি সৌন্দর্য আছে ।ৰোমান্টিক কবিতাৰ অনুভূতিশীলতা, ভাব-প্ৰৱণতা আৰু প্ৰকাশৰ আতিশয্য আদি গুণ তেওঁৰ প্ৰেম অনুৰাগমূলক কবিতা দেখিব পোৱা যায় ।তেওঁৰ স্বদেশপ্ৰেম মূলক কবিতাকেইটিত আক্ষেপ নাই নৈৰাশ্য নাই, অৱসাদ নাই ।

অসমীয়া সমাজৰ দোষ ক্ৰটি বোৰ দূৰদৰ্শী আৰু উপাৰমনা বেজবৰুৱাৰ চকুত বৰকৈ পৰিছিল ।তেওঁৰ অতীত গৌৰৱময় কাহিনীয়ে অসমীয়া জাতিক উদ্বুদ্ধ কৰিছিল ।জাতীয় গৌৰৱত চিৰ গৌৰৱান্বিত বেজবৰুৱা চিৰদিন আশাবাদী আছিল আৰু তেওঁৰ আমাক শুনাই গৈছে -

" আমি অসমীয়া নহওঁ দুখীয়া; কিহৰ দুখীয়া হ'ম।
বাজক দবা, বাজক শঙ্খ, বাজক মৃদং খোল
অসম আকৌ উন্নতি পথত জয় আই অসম বোল ।"
বেজবৰুৱাই জীৱনৰ অন্তিম সময়খিনি সম্বলপুৰ, বৰোডা, বোম্বাই, নাগপুৰ আদি বিভিন্ন ঠাইত কটোৱাৰ । জন্মভূমিৰ প্ৰতি তেওঁৰ এনে অকৃত্ৰিম আৰু বিমল ভালপোৱা আছিল ।
সূদুৰ সম্বলপুৰৰ হাবিৰ মাজত থাকিও বেজবৰুৱাই শয়নে সপোনে মাতৃভূমিৰে মংগল কামনা কৰি দূৰৰপৰা ৰিং মাৰি অসমীয়া জাতিক সাৱধান বাণী শুনাই মাতৃভূমিৰ সেৱাত ব্ৰতত ব্ৰতী হবলৈ অনুপ্ৰেৰণা যোগাইছিল ।
সাহিত্যৰাথী লক্ষ্মীনাথ বেজবৰুৱা ১৯৩৮ চনৰ মাৰ্চ মাহৰ ২৬ তাৰিখে ডিব্ৰুগড় চহৰত থকা জী-জোৱাইৰ ঘৰত বেজবৰুৱাৰ ইহলীলা সম্বৰণ কৰে ।
পুন শেষত তেওঁৰ ভাষাতে কওঁ -
"বাজক দবা বাজক শঙ্খ বাজক মৃদং খোল ।
অসম আকৌ উন্নতি পথত জয় আই অসম বোল ।"


Comments

  1. আপোনাৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লৈছো🙏🙏🙏🙏। আপোনাৰ ব্লগৰ লিখনীসমূহ উচ্চ মানসম্পন্ন, কিন্তু আপোনাৰ ব্লগৰ থীম আকৰ্ষণীয় নহয়।

    ReplyDelete

Post a Comment

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

অসমীয়া লোক সাহিত্য -