মহীয়সী নাৰী হেলেন কেলাৰ

মহীয়সী নাৰী হেলেন কেলাৰ -

 হেলেন কেলাৰ এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী আছিল ।
১৮৮০ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালত জন্মগ্রহণ কৰে। হেলেন কেলাৰ তেওঁ জন্মতে সুস্থ, সবল স্বাভাবিক শিশুৰ দৰেই আছিল । হেলেন কেলাৰ দেউতাক এজন সামৰিক বিষয়া আছিল ।জন্মৰ ডেৰ বছৰ পিছত হোৱা মেনিনজাইটিছ ৰোগত ভুগি হেলেন কেলাৰে কথা কোৱা শক্তি, দৃষ্টি আৰু শ্ৰৱন শক্তি হেৰুৱাই পেলাইছিল । বাধাগ্ৰস্ততাই মানুহক অক্ষম কৰিব নোৱাৰে বুলি হেলেনৰ দেউতাকে বুজিছিল । হেলেন কেলাৰৰ আনুষ্ঠানিক শিক্ষা ৮ বছৰ বয়সত আৰম্ভ কৰিছিল ।১৯০৪ চনত তেওঁ ৰেডক্লিফ কলেজৰ পৰা সন্মান সহকাৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ।হেলেন কেলাৰই একমাত্ৰ বাক অৰু শ্ৰৱণ শক্তিবিহীন ব্যক্তি আছিল ।তেওঁৰ প্ৰথম কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ।
১৮৭৬ চনত টেলিফ ন যন্ত্ৰ আৱিষ্কাৰ কৰিছিল ।তেওঁ ওঁঠ স্পৰ্শ কৰি মানুহৰ মনত ভাব বুজা কৌশল আয়ত্ত কৰিছিল আৰু মূক, বধিৰসকলক এই কৌশল শিকোৱাত সহায় কৰিছিল ।দেউতাক লগত হেলেন কেলাই আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ ওচৰলৈ গৈছিল ।গ্ৰাহাম বেলে চুলিভান নামৰ শিক্ষয়িত্ৰী এজনীক হেলেন কেলাৰক শিকোৱাৰ দায়িত্ব পালন কৰিব দিছিল।চুলিভানক আলেকজেণ্ডাৰ গ্ৰাহাম বেলে ওঁঠ চুই কথা বুজাৰ কৌশল শিকাইছিল ।চুলিভানে ওঁঠৰ কঁপনিৰ পৰা কথা বুজাৰ কৌশল হেলেন কেলাৰক শিকাইছিল । সেইবাবে তেওঁ ওঁঠ স্পৰ্শ কৰি ভাষা বুজিবলগীয়া হৈছিল ।অভিভাৱক আৰু তেওঁৰ নিজৰ যত্নৰ ফলত হেলেন কেলাৰক বাধাগ্ৰস্ততাই অক্ষম কৰি ৰাখিব পৰা নাছিল ৷ হেলেন কেলাৰৰ উদাহৰণে প্ৰমাণ কৰি দেখুৱাইছিল যে শাৰীৰিক বাধাগ্ৰস্ততাই মানুহক অক্ষম কৰি তুলিব নোৱাৰে। যত্ন আৰু একাগ্ৰতাৰে সেই বাধাগ্ৰস্ততা আঁতৰাই সক্ষম হ'ব পাৰিছিল ।হেলেন কেলাৰ শাৰীৰিকভাৱে বাধাগ্ৰস্ততা আছিল যদিও আন বাধাগ্ৰস্তসকলৰ বাবে চিন্তা কৰিছিল।তেওঁলোকৰ বাবে বহুতো অনুষ্ঠান পাতিছিল।
১৯৫৪ চনৰ বিশেষ দিনৰ জনবহুল সভাখনত পণ্ডিত জৱাহৰলাল নেহৰুৱে ভাষণ দি আছিল । হেলেন কেলাৰে সেই ভাষণত পণ্ডিত জৱাহৰলাল নেহেৰুৰ ওঁঠ স্পৰ্শ কৰিছিল ।
চুলিভানৰ আদৰ্শ লৈ হেলেন কেলাৰে অৱহেলিত আৰু বাধাগ্ৰস্ততাসকলৰ উন্নতিৰ কাৰণে গোটেই জীৱন উচৰ্গা কৰিছিল ।তেওঁলোকৰ শিক্ষা, সংস্থাপন আৰু উন্নতি বাবে কাৰ্যপন্থা হাতত লৈ দেশ বিদেশ ভ্ৰমণ কৰি অনুষ্ঠান অনুষ্ঠান গঢ়াৰ বাহিৰেও মানৱ জাতিৰ কল্যাণৰ অৰ্থে কেইবাখনো মূল্যবান গ্ৰন্থ ৰচনা কৰিছিল । হেলেন কেলাৰৰ কেইখনমান গ্ৰন্থ হ'ল - চুলিভানৰ জীৱনী, মোৰ জীৱন কাহিনী, মোৰ ধৰ্ম, মধ্য সোঁত আদি ৰচনা কৰিছিল ।
নিজ প্ৰচেষ্টাৰ ফলত শাৰীৰিক বাধাগ্ৰস্ত লোকে বিশ্ববৰেণ্য হ'ব পৰাৰ উদাহৰণ হেলেন কেলাৰ।
তেওঁৰ ১৯৬৮ চনত ৮৮ বছৰত বয়সত মহীয়সী হেলেন কেলাৰ শেষ নিশ্বাস ত্যাগ কৰে ।



Comments

Post a Comment

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

অসমীয়া লোক সাহিত্য -