Posts

প্ৰকাশিত লেখা অনুগল্প

Image
সম্প্ৰীতিৰ এনাজৰী ৰচনা - হিৰণ দাস (সহঃ শিক্ষয়িত্ৰী) ৰোহিনী কুমাৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয় সংগ্ৰাহিকা - শ্ৰদ্ধা কোঁৱৰ দেউৰী নৈখনৰ নাম সোণাই। খৰালিকালত লাৱনি নৈ খনে ধীৰ স্থিৰ গতিত বৈ থাকে। আকৌ বাৰিষা কালত নৈ খনে ভৰ যৌৱন হৈ চঞ্চলা ৰূপ ধাৰণ কৰি তীব্ৰ বেগেৰে গতি কৰে। যেন কালৈকো ৰ'বলৈ সময় নাই। কিন্তু এই তীব্ৰ বেগী সোণায়ে দুয়োপাৰে খেতি পথাৰ বোৰত আজলি ভৰাই চতিয়াই থৈ যায় পলসৰ চেকুৰা। এই নৈখনৰপৰা কিছু নিলগত সংখ্যা লঘু মুছলমান অধ্যুষিত এখন কৃষিজীৱী গাঁও । গাওঁ খনৰ নাম ডবকা। আকৌ আনটো পাৰত খেতি পথাৰৰ পৰা কিছু দূৰত শাল গছেৰে ভৰি থকা এটা অঞ্চল। তাৰ কাষেৰে অকাই পকাই যোৱা সৰু ঠেক ৰাস্তাটোৰে গ'লে হিন্দু বসতি প্ৰধান দেওশাল গাওঁ খন পায়। নৈৰ ওপৰত থকা সাঁকোখনেই হ'ল দুয়োখন গাঁৱৰ সংযোগ স্থল।   দেওশল গাঁৱৰ বাস কৰা গৰীৱ পৰিয়ালৰ ল'ৰা সনত। সনতৰ বয়স ছয় বছৰ হওতে দেউতাকে সনত আৰু ঘৈনীয়েকক এৰি এই পৃথিৱীৰ পৰা চিৰবিদায় লয়। মাকে গাঁৱৰে ইঘৰ সিঘৰত কাম কৰি দুয়োৰে ভাত মুঠি কোনোমতে যোগাৰ কৰে। এদিন সনতক ওচৰৰ প্ৰথমিক বিদ্যালয়ত নাম লগাই দিলে। মাকে গাঁৱৰে মধ্যবিত্ত ঘৰৰ ল' ৰাৰ পুৰণি কাপোৰ খুজ...

অসমীয়া লোক সাহিত্য -

অসমীয়া লোক সাহিত্য - সাহিত্য বুলিলে পোনেই কবিতা, নাটক গল্প উপন্যাস আদি লিখিত গ্ৰন্থৰ বিষয়ে মনলৈ আহে যদিও এনে গ্ৰন্থ সৃষ্টি হোৱাৰ বহুকালৰ পূৰ্বে অৰ্থাৎ লিপিৰ উদ্ভৱ হোৱাৰ বহু আগৰেপৰা জনসাধাৰণৰ মাজত প্ৰচলিত এক প্ৰকাৰ সাহিত্য চলিছিল সেয়া হ'ল লোক সাহিত্য । কেতিয়া পৰা অসমত লোক সাহিত্যৰ প্ৰচলন আৰম্ভ হৈছিল, কোনেও কব নোৱাৰে । লোক সাহিত্য আদিম যুগৰে পৰা নিৰক্ষৰ লোকৰ দ্বাৰা মুখে মুখে ৰচিত আৰু প্ৰচলিত হৈ আহিছে । বিশ্বৰ আন আন দেশৰ লোক সাহিত্যৰ দৰে অসমীয়া লোক সাহিত্য অতি প্ৰাচীন কালৰে পৰা নিৰক্ষৰ জনজাতি মাজত ৰচিত আৰু প্ৰচলিত হৈ আহিছে । ভাব অনুভূতিৰ আৰু ৰচনা প্ৰণালীৰ সৰলতাই লোক সাহিত্যৰ ঘাই বৈশিষ্ট্য । লোক সাহিত্যৰ গীত মাতবোৰৰ লগতে সভ্যতাৰ ভীষণ শত্ৰুতা । আধুনিক কাব্য ৰ লগত সহজতা সৰলতাৰ বৈশিষ্ট্যৰ বাবেই গীত সাহিত্যৰ অমিল দেখিবলৈ পোৱা যায় । লোক সাহিত্যৰ মানৱ জীৱনৰ সুখ দুখ, আশা আকাংক্ষা, ঘৃণা প্ৰশংসা, হা হুতাশা আদি বিভিন্ন অনুভূতি,হৃদয়ৰ প্ৰতি স্পন্দন, দেহ ভংগীমাৰ প্ৰকাশ, কৰুণতা, মনৰ চঞ্চলতা, সামাজিক চিত্ৰ, প্ৰকৃতিৰ বিচিত্র ৰূপ আদি প্ৰকাশ পাইছে । যুগ যুগ ধৰি অসমীয়া জনসাধাৰণৰ স্মৃতিৰ ওপৰ...

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান - আধুনিক অসমীয়া ভাষা সাহিত্যলৈ খ্ৰীষ্টান মিছনেৰী সকলৰ অৱদান আছিল অতি উল্লেখযোগ্য ।মিছনেৰীসকলে অসমীয়া ভাষা ভাষী লোকসকলৰ বাবে অসমীয়া অভিধান অনুবাদ ৰচনা কৰিছিল। ইংৰাজ ৰাজত্ব কালত ১৮২৬ খৃঃৰ সময়ত অসমৰ ৰাজনৈতিক পৰিৱর্তন ঘটিছিল আৰু অসমীয়া সাহিত্যৰো বিষয়বস্তু, ভাষা সাহিত্য এক গভীৰ সংকটত পৰিছিল । ইংৰাজ সকলে অসম দেশ শাসন কৰিবলৈ লোৱাৰ পাছৰেপৰা অসমৰ শাসন চলোৱাত তেওঁলোকক সহায় কৰিবলৈ বংগদেশৰ পৰা কিছুসংখ্যক বঙালী ভাষি লোক কৰ্মচাৰী হিচাপেলৈ আহিছিল।অসমত বঙালী চাকৰিয়াল বোৰে ইংৰাজ শাসন সকলকক বুজাই দিছিল যে অসমীয়া সুকীয়া ভাষা নহয়, বঙালী ভাষাৰে এটা গ্ৰাম্য ৰূপ মাথোন ৷ ইংৰাজ শাসকলকলে বঙালী ভাষা মতে অসমীয়া ভাষাৰ বিৰোধিতা কৰি ১৮৩৬ চনত অসমীয়া ভাষাটো অসমৰ পঢ়াশালি আৰু আদালতত মাতৃ ভাষা বহিষ্কাৰ কৰি সেই ঠাইত বঙলা ভাষাৰ প্ৰয়োগ কৰিছিল । ১৮৩৭ চনৰ আইন অনুসৰি ভাৰত সকলো স্থানীয় চৰকাৰে আন ভাষাৰ সলনি স্থানীয় মাতৃভাষা স্কুল, আদালতত চলাই কিন্তু অসমত এই আইনকে উলংঘা কৰা হৈছিল । যাৰ ফলত নিজ জন্মভূমিতেই অসমীয়া ভাষা হ'ল এলাগী আৰু বাহিৰৰ বঙলা ভাষা হ'ল সুৱাগী। ...

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ অসমীয়া সাহিত্য প্ৰতিভা -  মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰেই মাধৱদেৱো আছিল বহুমুখী প্ৰতিভাৰ সম্পন্ন মহাপুৰুষ ।অসমীয়া সাহিত্যৰ বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত শংকৰদেৱৰ পিছতেই এইজনা ব্যক্তিয়ে স্থান লাভ কৰিছিল ।।মহাপুৰুষ মাধৱদেৱ আছিল শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী শিষ্য । গুৰুজনাই তেওঁক ' বঢ়ৰ পো' বুলি সম্বোধন কৰিছিল। বহুমুখী প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ আছিল একেধাৰে ধৰ্ম প্ৰচাৰক শাস্ত্ৰৱেত্তা,সুগায়ক, কবি, নাট্যকাৰ আৰু গীতিকাৰ আছিল ।বৈষ্ণৱ ধৰ্মত শৰণ লোৱাৰ আগতে মাধৱদেৱ ঘোৰ শাক্ত লোক আছিল । নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্রত শংকৰদেৱৰ প্ৰধান সহায়ক আছিল মহাপুৰুষ মাধৱদেৱ।মাধৱদেৱে গুৰুজনাৰ আদেশ লৈ গুৰু নিৰ্দেশিত ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত বিজয় নিচান উত্তোলন কৰিছিল । মহাপুৰুষ মাধৱদেৱকে মহাপুৰুষ শংকৰদেৱে অসম নৱ বৈষ্ণৱ ধৰ্মৰ পৰৱৰ্তী গুৰু হিচাপে স্থান দিছিল ।বৈষ্ণৱ সাহিত্য সৃষ্টিৰ ক্ষেত্রত তেওঁৰ অৱদান আছিল অসামান্য ।তেওঁৰ জীৱনৰ প্ৰধান বৈশিষ্ট্য আছিল গুৰুভক্তি।   ১৪১১ শক অৰ্থাৎ ১৪৮৯ খৃষ্টাব্দত বৰ্তমান উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত কাচিকটা নৈৰ পাৰত হৰশিঙা বৰ...

কেইবিধমান ঔষধি গছৰ পাতৰ উপকাৰিতা

কেইবিধমান ঔষধি গছৰ পাতৰ উপকাৰিতা - ১। শেৱালি ফুলৰ পাত - শেৱালি গছৰ ফুল পাত দুয়োবিধেই উপকাৰী ।ইয়াৰ কোমল পাত তেলত ভাজি নাইবা তপত খোলাত ভাজি ভাতৰ লগত খাব পাৰি। কুমলীয়া পাত চোবাই খাব পাৰি। পেটৰ কাৰনে ই বেছ উপকাৰী। শেৱালি ফুলৰ শুকাই ৰাখি মাছ লগত খাৰৰ আঞ্জা খাব পাৰি । ২। মৰাপাট-মৰাপাট কোমল পাত মানুহে আঞ্জা কৰি খায়। ই পেটৰ কাৰনে বিশেষকৈ পেলুৰ কাৰণে ভাল। মৰাপাট পুৰঠ পাতবোৰ শুকাই অসমীয়া মানুহে শুকুতা তৈয়াৰ কৰে। বেছি জ্বৰ উঠিলে বা জ্বৰ মূৰত উঠিলে মূৰত বা কপালত শুকুতা পানীত তিয়াই মোহাৰি ভৰণ বা পটি লগাই দিব লাগে। পানীত তিয়াই চেপি লৈ তেল নিমখ সানি চাটনি হিচাপেও খায়। ই পেলু দমনৰ কাম কৰে। ৩।নিমপাত (মহানিম পাত) - মহানিম পাত এবিধ উপকাৰী ঔষধ।পেট ঠাণ্ডা কৰি ৰখাৰ বাবে আৰু পেলু দমন কৰাৰ বাবে ই উপকাৰী। তেল বা তপৰ খোলাত ভাজি ভাতৰ লগত খাব পাৰি । চুলি আৰু ছালৰ বাবেও নিমপাত উপকাৰী। নিমপাতৰ ৰসেৰে মূৰ চুলি ধূলে চুলি ক'লা হয়। তদুপৰি ই ওকণি মৰা ঔষধ। নিমপাতৰ ৰসেৰে গা ধুলে চৰ্মৰোগ ভাল হয়।নিমৰ ডালেৰে দাঁত মাজিলে দাঁতৰ আলু ভাল থাকে। নিমপাত শুকাই কাপোৰৰ মাজত আৰু শুকান খোৱা বস্তুত থ'লে পোক পৰুৱাই...

নাৰী

নাৰী নিৰ্যাতন আৰু ইয়াৰ ভয়াবহতা ✍ শ্ৰদ্ধা কোঁৱৰ দেউৰী জ্ঞানবিজ্ঞান আৰু প্রযুক্তিৰ দিশেৰে বিশ্বই অভূতপূৰ্ব উন্নতি সাধন কৰিলেও এতিয়াও কিছু কিছু নৈতিক আৰু মনস্তাত্ত্বিক সমস্যা মানৱ সমাজক পীড়া দিয়ে । তাৰে এটা হৈছে নাৰী নিৰ্যাতন। বিশ্বৰ মূঠ জনসংখ্যাৰ প্রায় অৰ্ধেক নাৰী আৰু সমাজৰ উন্নয়নত তেওঁলোকৰ অৱদান অনস্বীকাৰ্য। কিন্তু তাৰপিছতো সাধাৰণভাৱে তেওঁলোকে শান্তি, নিৰাপত্তা আৰু অধিকাৰৰ দিশেৰে এতিয়াও পুৰষৰ সমকক্ষ নহয়। জাতিসংঘ মানবাধিকাৰ কমিচনৰ সাম্প্রতিক ৰিপোৰ্টত ( ৪ এপ্রিল ) কোৱা হৈছে যে বিশ্বৰ দৰিদ্র জনগণৰ ৭০ শতাংশই নাৰী আৰু মাত্র এক শতাংশ নাৰীৰ নিজস্ব মালিকানাত সম্পত্তি আছে। এই প্রতিবেদনটিয়ে প্রমাণ কৰে যে, নাৰীসকল কোনোভাৱেই পুৰুষৰ সমান অধিকাৰ পোৱা নাই। ইয়াৰ ওপৰিও দুখজনকভাৱে বিশ্বৰ অধিকাংশ দেশত বিভিন্ন প্রক্রিয়াত নাৰীসকল নিৰ্যতিত হৈছে। জাতিসংঘ মহাসচিব বেন কি মুনে কেইদিনমানৰ আগত নাৰী নিৰ্যাতন বিৰোধী দিৱসত প্রতিশ্রুতি দিছিলি যে, ২০১৫ চনত এই ধৰণৰ নিৰ্যাতনৰ বিৰুদ্ধে জাতিসংঘ সংগ্রাম জোৰদাৰ কৰিব আৰু নাৰীসকলৰ ওপৰত যৌন নিপীড়নৰ বিৰুদ্ধেও তীব্র প্রতিৰোধ গড়ি তোলা হ'ব। বিগত ২৫ ফেব্রুৱাৰীত জাতিসংঘত অ...