মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ অসমীয়া সাহিত্য প্ৰতিভা -

 মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰেই মাধৱদেৱো আছিল বহুমুখী প্ৰতিভাৰ সম্পন্ন মহাপুৰুষ ।অসমীয়া সাহিত্যৰ বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত শংকৰদেৱৰ পিছতেই এইজনা ব্যক্তিয়ে স্থান লাভ কৰিছিল ।।মহাপুৰুষ মাধৱদেৱ আছিল শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী শিষ্য । গুৰুজনাই তেওঁক ' বঢ়ৰ পো' বুলি সম্বোধন কৰিছিল। বহুমুখী প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ আছিল একেধাৰে ধৰ্ম প্ৰচাৰক শাস্ত্ৰৱেত্তা,সুগায়ক, কবি, নাট্যকাৰ আৰু গীতিকাৰ আছিল ।বৈষ্ণৱ ধৰ্মত শৰণ লোৱাৰ আগতে মাধৱদেৱ ঘোৰ শাক্ত লোক আছিল । নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্রত শংকৰদেৱৰ প্ৰধান সহায়ক আছিল মহাপুৰুষ মাধৱদেৱ।মাধৱদেৱে গুৰুজনাৰ আদেশ লৈ গুৰু নিৰ্দেশিত ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত বিজয় নিচান উত্তোলন কৰিছিল । মহাপুৰুষ মাধৱদেৱকে মহাপুৰুষ শংকৰদেৱে অসম নৱ বৈষ্ণৱ ধৰ্মৰ পৰৱৰ্তী গুৰু হিচাপে স্থান দিছিল ।বৈষ্ণৱ সাহিত্য সৃষ্টিৰ ক্ষেত্রত তেওঁৰ অৱদান আছিল অসামান্য ।তেওঁৰ জীৱনৰ প্ৰধান বৈশিষ্ট্য আছিল গুৰুভক্তি।
  ১৪১১ শক অৰ্থাৎ ১৪৮৯ খৃষ্টাব্দত বৰ্তমান উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত কাচিকটা নৈৰ পাৰত হৰশিঙা বৰাৰ ঘৰত গোৱিন্দগিৰী ভূঞাৰ পত্নী মনোৰমাৰ গৰ্ভত মাধৱদেৱৰ জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি আৰু মাতৃ আছিল মনোৰমা ।
মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল ঊৰ্বশী। এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল ৰাম দাস।
ৰংপুৰ জিলাত বাল্য শিক্ষা সম্পন্ন কৰে।
১৫২২ চনত শাক্ত মাধৱদেৱ বেলগুৰিত বৈষ্ণৱ শংকৰদেৱৰ সংস্পৰ্শ লৈ আহি তেওঁ উগ্র বৈষ্ণৱ হয়।
১৫৪৬ চনত শংকৰদেৱে আহোম ৰাজ্য এৰি নৰনাৰায়ণৰ কামৰূপ ৰাজ্য লৈ যাওঁতে মাধৱদেৱো তেওঁৰ লগতে যায়।মাধৱদেৱে বৰপেটা অঞ্চল পাই পোনতে বাৰাদিত ৰয় পিছত গণককুছিত ঘৰ এৰি লৈ তাৰপৰা শংকৰদেৱৰ থানালৈ অহা যোৱা কৰি থাকে। শংকৰদেৱৰ দৰে তেওঁ আদিকাণ্ড ৰামায়ণ, প্ৰায়খিনি বৰগীত আৰু ভটিমা, ভক্তি ৰত্নাৱলী ৰ কিছু অংশ আৰু 'অৰ্জুন ভঞ্জন 'চোৰ ধৰা, নামঘোষা, পিম্পৰা গুচোৱা, ভোজন বিহাৰ, কোটোৰা খেলা, আদিকৈ কেবাখনো নাট ৰচনা কৰি অসমীয়া ধৰ্মীয় জীৱন প্ৰণয়ন কৰি থৈ গৈছে । তেওঁ শ্ৰেষ্ঠ কৃতি হ'ল ' নামঘোষা ' । মাধৱদেৱৰ দ্বাৰা স্থাপিত সত্ৰ হ'ল বৰপেটা আৰু সুন্দৰীদিয়া ।
শংকৰদেৱৰ দ্বিতীয়বাৰ পুৰী ভ্রমণৰ সময়ত তেওঁ প্ৰধান সংগী আছিল ।১৫৬৮ চনত এওঁৰ ওপৰত পন্থৰ সৰ্বভাৰ দি শংকৰদেৱ বৈকুণ্ঠী হয়।
কোচবিহাৰত তেওঁ 'ৰাজসূয়, কাব্য, নামঘোষা, ৰচনা সম্পূর্ণ আৰু ' নাম মালিকা' গ্ৰন্থ ভাঙনি কৰে ।চৰিত্ৰপুথিত মাধৱদেৱে 'নৃসিংহ যাত্ৰা, গোৱৰ্দ্ধন যাত্ৰা' আৰু ৰাম যাত্ৰা নামে তিনিখন নাট ৰচনা কৰি অভিনয় কৰি দেখুৱাইছিল ।মাধৱ দেৱে কোচবেহাৰত ' ৰাজসূয় ' কাব্য আৰু ' নামঘোষা ' ৰচনা সম্পূর্ণ কৰি 'নাম মালিকা ' গ্ৰন্থ ভাঙনি কৰিছিল ।ইয়াৰ দ্বাৰা চৰিত্ৰ পুথি পৰা জানিব পাৰি যে মাধৱদেৱে ' নৃসিংহ যাত্ৰা ', ' গোৱৰ্দ্ধন যাত্ৰা 'আৰু ' ৰাসযাত্ৰা ' নামেৰে তিনিখন নাটক ৰচনা কৰিছিল কিন্তু এইবোৰ এতিয়া পোৱা নাযায় ।
শংকৰদেৱৰ দৰে মাধৱদেৱ ৰচিত গীতসমুহ দুই ভাগত ভগাব পাৰি - বৰগীত আৰু ভটিমা ।
মাধৱদেৱে ৰচিত বৰগীত আৰু ভটিমাসমূহ অসমীয়া সাহিত্যৰ অপুৰুগীয়া সম্পত্তি । শংকৰদেৱ ৰচিত গীতসমূহ কমলা বায়ন নামে এজন ভকতে আওৰাব নিওঁতে সেই পুথি বনপোৰা জুয়ে পোৰাত পোৰা গ'ল নিমিত্তে শংকৰদেৱ আৰু পুনৰাই ৰচনা নকৰোঁ বুলি মাধৱদেৱক ৰচিবলৈ দিছিল । মাধৱদেৱে শংকৰদেৱৰ চৌত্ৰিশটি আৰু নিজে ১৫৭ টা গীত ৰচনা কৰিছিল ।মাধৱদেৱৰ বৰগীতসমূহ ভক্তিপ্ৰাণৰ মৰ্মস্পৰ্শী । শ্ৰীকৃষ্ণ শিশু চৰিত্র বিভিন্ন কাৰ্যকলাপৰ মনোৰমা বৰ্ণনা কৰা আছে ।
 মাধৱদেৱৰ সাহিত্যক জীৱনৰ শ্ৰেষ্ঠ নামঘোষা। নামঘোষাত এহেজাৰ ঘোষা থকাৰ বাবে ইয়াক হেজাৰী ঘোষা বোলা হয়।নামঘোষা মাধৱদেৱৰ জীৱনৰ শেষ বয়ষত ৰচনা কৰিছিল । ডক্তৰ কাকতিদেৱৰ নামঘোষাকে মাধৱদেৱৰ মহাপ্ৰাস্থানিক গীত বুলি আখ্যা দিছিল । কাকতিদেৱে প্ৰসংগত লেখিছে যে -" নামঘোষাত তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে প্ৰৱাহমান হৈছে - পূণ্য শ্লোক শংকৰ স্মৃতি, মাধৱদেৱৰ আত্মলঘিমা আৰু কৃষ্ণভক্তি মাহাত্ম্য ।
মাধৱদেৱৰ সাহিত্য, ৰচনা, নাটকত বিশেষকৈ যশোদা আৰু শ্ৰীকৃষ্ণৰ চৰিত্রৰ যোগেদি নিভাঁজ বাস্তৱতাৰ চিত্ৰ, মানৱ শিশুৰ সকলো লক্ষণ সুন্দৰভাৱে প্ৰকাশ পোৱা দেখা যায়। তেওঁ সাহিত্যত অন্তৰৰ তীব্র অনুভূতি প্ৰকাশত মাধৱদেৱে অপূৰ্ব দক্ষতাৰ পৰিচয় বৰ্ণনা পোৱা যায়।
তেওঁৰ কোচবিহাৰত ১৫৯৬ চনত মহাপুৰুষ মাধৱদেৱৰ তিৰোধান হয়।

Comments

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

অসমীয়া লোক সাহিত্য -