কেইবিধমান ঔষধি গছৰ পাতৰ উপকাৰিতা

কেইবিধমান ঔষধি গছৰ পাতৰ উপকাৰিতা -
১। শেৱালি ফুলৰ পাত - শেৱালি গছৰ ফুল পাত দুয়োবিধেই উপকাৰী ।ইয়াৰ কোমল পাত তেলত ভাজি নাইবা তপত খোলাত ভাজি ভাতৰ লগত খাব পাৰি। কুমলীয়া পাত চোবাই খাব পাৰি। পেটৰ কাৰনে ই বেছ উপকাৰী।
শেৱালি ফুলৰ শুকাই ৰাখি মাছ লগত খাৰৰ আঞ্জা খাব পাৰি ।

২। মৰাপাট-মৰাপাট কোমল পাত মানুহে আঞ্জা কৰি খায়। ই পেটৰ কাৰনে বিশেষকৈ পেলুৰ কাৰণে ভাল। মৰাপাট পুৰঠ পাতবোৰ শুকাই অসমীয়া মানুহে শুকুতা তৈয়াৰ কৰে।
বেছি জ্বৰ উঠিলে বা জ্বৰ মূৰত উঠিলে মূৰত বা কপালত শুকুতা পানীত তিয়াই মোহাৰি ভৰণ বা পটি লগাই দিব লাগে।
পানীত তিয়াই চেপি লৈ তেল নিমখ সানি চাটনি হিচাপেও খায়।
ই পেলু দমনৰ কাম কৰে।

৩।নিমপাত (মহানিম পাত) - মহানিম পাত এবিধ উপকাৰী ঔষধ।পেট ঠাণ্ডা কৰি ৰখাৰ বাবে আৰু পেলু দমন কৰাৰ বাবে ই উপকাৰী। তেল বা তপৰ খোলাত ভাজি ভাতৰ লগত খাব পাৰি ।
চুলি আৰু ছালৰ বাবেও নিমপাত উপকাৰী। নিমপাতৰ ৰসেৰে মূৰ চুলি ধূলে চুলি ক'লা হয়।
তদুপৰি ই ওকণি মৰা ঔষধ। নিমপাতৰ ৰসেৰে গা ধুলে চৰ্মৰোগ ভাল হয়।নিমৰ ডালেৰে দাঁত মাজিলে দাঁতৰ আলু ভাল থাকে। নিমপাত শুকাই কাপোৰৰ মাজত আৰু শুকান খোৱা বস্তুত থ'লে পোক পৰুৱাই নষ্ট কৰিব নোৱাৰে।

৪।বাহক পাত বা বাহকা পাত- বাহকা পাত পানীত উতলাই দুচামুচ কৈ খালে কাঁহ বেমাৰ ভাল হয়। ঔষধি হিচাপে অইন ৰোগতো বাহকা পাত ব্যৱহাৰ কৰা হয়।

৫।চজিনা গছৰ পাত - চজিনা গছৰ পাতৰ ভাল আঞ্জা হয়। অইন পাচলিৰ লগত নাইবা দাইলত দিও খাব পাৰি। ই টনচিল ৰোগৰ ঔষধ।

ইয়াৰ বাহিৰেও ডালিমৰ পাত, পচতীয়া গছৰ পাত, ৰহৰ মাহৰ গছৰ পাত, তুলসীৰ পাত, মানিমুনি, নৰসিংহ পাত আদি ঔষধ জাতীয় পাত আছে।
✍ শ্ৰদ্ধা কোঁৱৰ দেউৰী



Comments

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

অসমীয়া লোক সাহিত্য -