নাৰী

নাৰী নিৰ্যাতন আৰু ইয়াৰ ভয়াবহতা

✍ শ্ৰদ্ধা কোঁৱৰ দেউৰী

জ্ঞানবিজ্ঞান আৰু প্রযুক্তিৰ দিশেৰে বিশ্বই অভূতপূৰ্ব উন্নতি সাধন কৰিলেও এতিয়াও কিছু কিছু নৈতিক আৰু মনস্তাত্ত্বিক সমস্যা মানৱ সমাজক পীড়া দিয়ে । তাৰে এটা হৈছে নাৰী নিৰ্যাতন। বিশ্বৰ মূঠ জনসংখ্যাৰ প্রায় অৰ্ধেক নাৰী আৰু সমাজৰ উন্নয়নত তেওঁলোকৰ অৱদান অনস্বীকাৰ্য। কিন্তু তাৰপিছতো সাধাৰণভাৱে তেওঁলোকে শান্তি, নিৰাপত্তা আৰু অধিকাৰৰ দিশেৰে এতিয়াও পুৰষৰ সমকক্ষ নহয়। জাতিসংঘ মানবাধিকাৰ কমিচনৰ সাম্প্রতিক ৰিপোৰ্টত ( ৪ এপ্রিল ) কোৱা হৈছে যে বিশ্বৰ দৰিদ্র জনগণৰ ৭০ শতাংশই নাৰী আৰু মাত্র এক শতাংশ নাৰীৰ নিজস্ব মালিকানাত সম্পত্তি আছে। এই প্রতিবেদনটিয়ে প্রমাণ কৰে যে, নাৰীসকল কোনোভাৱেই পুৰুষৰ সমান অধিকাৰ পোৱা নাই। ইয়াৰ ওপৰিও দুখজনকভাৱে বিশ্বৰ অধিকাংশ দেশত বিভিন্ন প্রক্রিয়াত নাৰীসকল নিৰ্যতিত হৈছে।
জাতিসংঘ মহাসচিব বেন কি মুনে কেইদিনমানৰ আগত নাৰী নিৰ্যাতন বিৰোধী দিৱসত প্রতিশ্রুতি দিছিলি যে, ২০১৫ চনত এই ধৰণৰ নিৰ্যাতনৰ বিৰুদ্ধে জাতিসংঘ সংগ্রাম জোৰদাৰ কৰিব আৰু নাৰীসকলৰ ওপৰত যৌন নিপীড়নৰ বিৰুদ্ধেও তীব্র প্রতিৰোধ গড়ি তোলা হ'ব। বিগত ২৫ ফেব্রুৱাৰীত জাতিসংঘত অনুষ্ঠিত এখন সন্মিলনত নাৰীৰ অধিকাৰ আৰু তাৰ দায়িত্ব কৰ্তব্যক লৈ আলোচনা কৰা হয়। সন্মিলনত জাতিসংঘ মহাসচিবে নাৰী নিৰ্যাতনক অগ্রহনযোগ্য বুলি উল্লেখ কৰি ক'লে, নাৰী নিৰ্যাতনৰ কোনো ব্যাখ্যা থাকিব নোৱাৰে আৰু এয়া কোনো পধ্যেই সহনীয় নহয়। বেন কি মুনে কয়, বিশ্বৰ কমপক্ষে এক তৃতীয়াংশ নাৰী তাৰ জীৱনৰ কোনোবা নহয় কোনোবা সময়ত শাৰিৰীক নিৰ্যাতন কিম্বা যৌন নিপীড়নৰ চিকাৰ হৈছে । ইয়াৰ ওপৰিও গৰ্ভাবস্থাত ভ্রুনৰ লিঙ্গ চিনাক্তকৰণৰ পিছত বহু ছোৱালী পৃথিৱীৰ পোহৰ দেখাৰ আগতেই নিৰ্মম হত্যাকাণ্ডৰ চিকাৰ হৈছে। বিভিন্ন পৰিসংখ্যানত দেখা গৈছে, বিশ্বৰ মুঠ নাৰীৰ শতকৰা ৭০ ভাগ কম বেছি নিৰ্যাতনৰ চিকাৰ হয়। এই পৰিসংখ্যানৰ পৰাই বিশ্বব্যাপী নাৰী নিৰ্যাতন যে কিমান অমানৱিক অৱস্থা পাইছে তাক অনুধাৱন কৰা যায়। তেতিয়া নাৰী নিৰ্যাতনৰ ধৰণ এখন এখন সমাজত বিভিন্ন ধৰণৰ আৰু কৰবাত কৰবাত নাৰীসকলৰ হত্যা কৰাৰ মাধ্যমত নিৰ্যাতনৰ পৰিসমাপ্তি ঘটে।

নাৰী নিৰ্যাতনৰ সকলোতকৈ উল্লেখযোগ্য ৰূপ হৈছে -স্বামীৰ হাতত স্ত্রী নিৰ্যাতন। প্রতি তিনিগৰাকী নাৰীৰে এগৰাকী তাইৰ স্বামীৰ হাতত নিৰ্যাতিত হয়। যি নাৰী আৰু পুৰুষৰ জীৱনত সুখী হোৱাৰ বাবে সংসাৰ জীৱন গঢ়ি তুলিছে, তাৰ ওচৰতে এই পৰিসংখ্যান অত্যন্ত দুখজনক।

পৰিসংখ্যানত আৰু দেখা গৈছে , যিবোৰ নাৰী হত্যাকাণ্ডৰ চিকাৰ হয়, তাৰ শতকৰা ৪০ ভাগ নিহত হয় সিহঁতৰ স্বামীৰ হাতত। নাৰী নিৰ্যাতনৰ ঘটনা কেৱল, তৃতীয় বিশ্বৰ দেশবোৰতেই হয়, তাৰ ওপৰিও, পশ্চিমীয়া দেশবোৰত ব্যাপক মাত্রাত নাৰী নিৰ্যাতন হোৱা চকুত পৰে । মাৰ্কিন ফেডাৰেল পুলিচে কৈছে যে যুক্তৰাষ্ট্রৰ শতকৰা ৭০ ভাগ পুৰুষে তেওঁলোকৰ স্ত্রীৰ ওপৰত নিৰ্যাতন চলায়। ইয়াৰ মাজত শতকৰা ১৭ ৰ পৰা ত্রিশ ভাগ নাৰীৰ ওপৰত ইমান বেছি শাৰিৰীক অত্যাচাৰ চলোৱা হয় যে, তেওঁলোক হস্পিতালত ভর্তি হ'ব লগীয়া হয়। জাতিসংঘ মহাসচিব বেন কি মুনে কৈছে, যুক্তৰাষ্ট্রত প্রতি বছৰে ২০ ৰ পৰা ৪০ লাখ নাৰী পাৰিবাৰিক নিৰ্যাতনৰ চিকাৰ হয়। জাৰ্মানীত পথ দুৰ্ঘটনাসহ অন্যান্য দুৰ্ঘটনাত যিমান মানুহ হতাহত হয়, তাতকৈ বেছি সংখ্যক নাৰী স্বামীৰ হাতত আহত কিম্বা নিহত হয়। ফ্রান্সৰ পুলিচে কৈছে যে , ৰাতিৰ বেলাত তেওঁলোকৰ ওচৰত সাহায্যৰ আবেদন জনাই যিমান ফোন আহে তাৰ শতকৰা ৬০ ভাগ আহে নিৰ্যাতিত স্ত্রীৰ পৰা । তেওঁলোকে তেওঁলোকৰ স্বামীৰ হাতৰ পৰা ৰক্ষা পাবলৈ পুলিচৰ স্মৰণাপন্ন হয় । এই পৰিসংখ্যানটি আৰু ভয়াবহ যেন লাগিব তেতিয়া ,যেতিয়া জনা যাব যে সকলো নাৰী নিৰ্যাতনৰ চিকাৰ হয় তেওঁলোকৰ তিনি জনৰ মাজত মাত্র এজনে পুলিচক ফোন কৰি থাকে।

নাৰী নিয্যাতনৰ যি ভয়াবহ ৰূপটো ব্যক্তিগত আৰু সমাজ জীৱনৰ ওপৰত মাৰাত্মক ধ্বংসাত্মক প্রভাৱ পেলাই সেয়া হৈছে শ্লীলতাহানী। দুখজনকভাৱে বিগত কেইবাটাও দশকত এই বিষয়টো পশ্চিমীয়া দেশবোৰত ভয়াবহভাৱে বাঢ়ি গৈছে। পাশ্চাত্যত প্রতি ৫ গৰাকী নাৰীৰে এগৰাকীৰ জীৱনত কোনোবা নহয় কোনোবা সময়ত ধৰ্ষণ বা ধৰ্ষণৰ ভাবুকিৰ চিকাৰ হৈছে। যুক্তৰাষ্ট্ৰত প্রতি বছৰ গড়ে ১ লাখ ৩২ হাজাৰ বলাৎকাৰৰ ঘটনা ৰেকৰ্ড কৰা হয়। ব্যক্তিগত আৰু সামাজিক সন্মান হেৰুৱাৰ ভয়ত যিয়ে ধৰ্ষণৰ খবৰ প্রকাশ নকৰে , তাক হিচাপ কৰিলে ইয়াৰ পৰিমাণ বহু গুণ বাঢ়ি যাব। এফালে ধৰ্ষণৰ যি মাৰাত্মক ক্ষতিকৰ দিশটো তৃতীয় বিশ্বৰ দেশবোৰত দেখা যায়, সেয়া হৈছে কথিত সন্মান ৰক্ষাৰ বাবে নাৰী হত্যা। কেতিয়াবা কেতিয়াবা ধৰ্ষিত নাৰীৰ পিতৃ,ভাই,স্বামী বা অন্যান্য নিকটাত্মীয় পাৰিবাৰীক সন্মান ৰক্ষাৰ বাবে ধৰ্ষিতাক হত্যা কৰে। এই ক্ষেত্রত নাৰী দুই বাৰ নিৰ্যাতনৰ চিকাৰ হয়। এবাৰ অপৰিচিতজনৰ ওচৰত নিজৰ সম্ভ্রম হেৰুৱায়। ইয়াৰ পিছত পৰিচিত জনৰ হাতত জীৱন বিসৰ্জন দিয়ে। জাতিসংঘ এক হিচাপ অনুযায়ী, বিশ্বব্যাপী প্রতি বছৰে এই ধৰণৰ কথিত সন্মান ৰক্ষাৰ বলিৰ চিকাৰ হয় প্রায় ৫ হাজাৰ নাৰী।

দেহ ব্যৱসায়ত নাৰীক বাধ্য কৰোৱা হৈছে নাৰী নির্যাতনৰ আন এটা ভয়াবহ ৰূপ । যি কমবেছি সকলো দেশতেই দেখা যায়। অধিকাংশ ক্ষেত্রত দাৰিদ্রৰ সুযোগ লৈ একশ্রেনীৰ মানুহৰূপী পশুৱে ছোৱালীবোৰক এই কামত বাধ্য কৰায় । ইয়াৰ ওপৰিও অবৈধ সম্পৰ্কৰ পৰিণতিতো বহু সময়ত ছোৱালীবোৰে দেহ ব্যৱসায়ত নামিবলৈ বাধ্য হয়। অৰ্থাৎ দেখা গৈছে সুসংগঠিতভাৱে এটা গোষ্ঠিয়ে নাৰীক দেহ ব্যৱসায়ত নামিবলৈ বাধ্য কৰায় । দুখজনকভাৱে ধৰ্ষণৰ দৰে অমানবিক আৰু অনৈতিক কাম দিনে দিনে বাঢ়ি গৈছে। সাম্প্রতিক সময়ত পত্রপত্রিকাত পশ্চিমীয়া দেশবোৰত নাৰী আৰু শিশু ঘটনা অধিক হাৰত লক্ষ্য কৰা যায়। গোপনে অপসাৰণ হৈ যোৱা নাৰী আৰু শিশুবোৰক ক্রীতদাসৰ দৰে কেনাবেচা কৰা হয় আৰু কিছুমান লম্পট পুৰুষে এইবোৰ অসহায় নাৰী আৰু শিশুৰ ওপৰত নিৰ্যাতন চলায়। দুখজনকভাৱে নাৰী আৰু শিশু গোপন অপসাৰণ কৰা বৰ্তমানত ব্যাপক লাভজনক ব্যৱসায়ত পৰিণত হৈছে। এই ব্যৱসায়ৰ ফলত একদিশত অপসাৰণকাৰী দালালে মোটা অংকৰ টকা লুটি নিছে,আৰু অন্যদিশত হাজাৰ হাজাৰ নাৰী আৰু শিশুৰ জীৱনলৈ নামি আহিছে চৰম দুৰ্ভোগ আৰু দুৰ্বিসহ জীৱন।

নাৰী নিৰ্যাতনৰ আৰু এটা উদাহৰণ হৈছে, শিশু ভূমিষ্ঠ হোৱাৰ আগতেই তাৰ লিঙ্গ নিৰ্ধাৰণ। দুখজনকভাৱে এই একবিংশ শতাব্দিত এনে অসংখ্য মানুহ আছে, যিয়ে গৰভস্থ সন্তান ছোৱালী হ'লে তাক মাতৃৰ পেটতে হত্যা কৰিবলৈও কুণ্ঠিত নহয় । ইয়াক জন্মৰ আগতেই হত্যা বুলি অভিহিত কৰা বুলি ক'ব পাৰি। কেতিয়াবা কেতিয়াবা জন্মৰ আগত শিশুৰ লিঙ্গ নিৰ্ধাৰণ নকৰিলে জন্মৰ লগে লগে শিশুকন্যাক হত্যা কৰা হয়। সাম্প্রতিক কালত ভাৰতত এই প্রৱণতা ব্যাপকভাৱে লক্ষ্য কৰা যায়, যাৰ কাৰণে ভাৰতৰ কোনো কোনো ৰাজ্যেত নাৰী আৰু পুৰুষৰ আনুপাতিক হাৰত সামঞ্জস্যহীনতা লক্ষ্য কৰা গৈছে। উদাহৰণ স্বৰূপে-অসম ৰাজ্য । বিগত ২০১৭-১৮ চনত ধৰ্ষণ,হত্যাণ্ডৰ ঘটনা বৃদ্ধি পাইছে । ল'ৰাৰ তুলনাত ছোৱালীৰ সংখ্যা ব্যাপকভাৱে কমি গৈছে। ইয়াৰ ওপৰিও যৌতুক বা পনপ্রথাৰ কাৰণেও ভাৰতত ব্যাপক হাৰত নাৰী নিয্যাতনৰ ঘটনা ঘটে । দেশখনত প্রতি বছৰে ১২ হাজাৰতকৈও বেছি ছোৱালীক যৌতুক বা পণ দিব নোৱাৰাৰ কাৰণে হত্যা কৰা হয়।

নাৰী নিৰ্যাতনৰ এইবোৰ ঘটনাৰ পৰা বুজা যায়, বিশ্বৰ বিশেষ কোনো এখন দেশত নাৰীৰ ওপৰত যেনেকুৱা নিৰ্যাতন চলোৱা নহয়, তেনেকৈ এই নিৰ্যাতনৰ ধৰণও একো একোখন ঠাইত বেলেগ বেলেগ ধৰণৰ । যেনেকৈ নাৰীৰ সম্ভ্ৰমহানী আৰু তেওঁলোকৰ যৌন ব্যৱসায়ত বাধ্য কৰাৰ ঘটনা পশ্চিমীয়া দেশবোৰত বেছি দেখা যায়। কিন্তু তৃতীয় বিশ্বৰ দেশবোৰত অজ্ঞতা, কুসংস্কাৰ আৰু অন্যায় সামাজিক প্রথাৰ কাৰণে নাৰীসকল বেছি নিয্যাতনৰ চিকাৰ হয়। ইয়াৰ ওপৰিও নাৰীসকল বহু সময় সহিংস আক্ৰমণত চিকাৰ হৈছে। যুক্তৰাষ্ট্রৰ আগ্নেয়াস্ত্র বহনত অনুমতি থকা নাৰীবোৰক যতে ততে হত্যা কৰা হৈছে। ৰাচিয়া আৰু ইউৰোপীয় দেশবোৰত অতিৰিক্ত মাত্রাত মদ্যপান কৰীৰ কাৰণে মাতাল স্বামীসকলে স্ত্রীৰ ওপৰত নিৰ্যাতন চলাইছে। বিশেষজ্ঞসকলে কৈছে, নাৰীসকলৰ অধিকাৰ সচেতনতাৰ অভাৱ, স্ত্রী আৰু পৰিয়ালৰ প্রতি পুৰুষসকলৰ দায়িত্বজ্ঞানহীতা আৰু নাৰীসকলে নীৰৱে নিৰ্যাতন সহ্য কৰাৰ প্ৰৱণতা তেওঁলেকৰ ওপৰত নিৰ্যাতনৰ প্রধান তিনিটা কাৰণ।

বিশেষজ্ঞসকলে কৈছে, নাৰী শিক্ষা আৰু তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ বিষয়ত বিভিন্ন সংস্থা আৰু সংগঠন গঢ়ি তোলাৰ মাধ্যমত নাৰী নিৰ্যাাতন উল্লেখযোগ্য মাত্রাত কমাই না সম্ভৱ। তেতিয়া সকলোৰে আগত সমাজৰ প্রচলিত ভুল ৰীতিনীতিবোৰ পৰিৱৰ্তন কৰিব লাগিব আৰু নাৰীসকলৰ প্রতি পুৰুষৰ দৃষ্টিভঙ্গিও সকলনি কৰিব লাগিব । সমাজত নাৰীক মানুহ হিচাপে আৰু সংসাৰত নাৰীক সম অংশিদাৰৰ মৰ্যাদা দিব লাগিব ।


Comments

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

অসমীয়া লোক সাহিত্য -