সম্প্ৰীতিৰ এনাজৰী
ৰচনা - হিৰণ দাস (সহঃ শিক্ষয়িত্ৰী)
ৰোহিনী কুমাৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয়
সংগ্ৰাহিকা - শ্ৰদ্ধা কোঁৱৰ দেউৰী

নৈখনৰ নাম সোণাই। খৰালিকালত লাৱনি নৈ খনে ধীৰ স্থিৰ গতিত বৈ থাকে। আকৌ বাৰিষা কালত নৈ খনে ভৰ যৌৱন হৈ চঞ্চলা ৰূপ ধাৰণ কৰি তীব্ৰ বেগেৰে গতি কৰে। যেন কালৈকো ৰ'বলৈ সময় নাই। কিন্তু এই তীব্ৰ বেগী সোণায়ে দুয়োপাৰে খেতি পথাৰ বোৰত আজলি ভৰাই চতিয়াই থৈ যায় পলসৰ চেকুৰা। এই নৈখনৰপৰা কিছু নিলগত সংখ্যা লঘু মুছলমান অধ্যুষিত এখন কৃষিজীৱী গাঁও । গাওঁ খনৰ নাম ডবকা। আকৌ আনটো পাৰত খেতি পথাৰৰ পৰা কিছু দূৰত শাল গছেৰে ভৰি থকা এটা অঞ্চল। তাৰ কাষেৰে অকাই পকাই যোৱা সৰু ঠেক ৰাস্তাটোৰে গ'লে হিন্দু বসতি প্ৰধান দেওশাল গাওঁ খন পায়। নৈৰ ওপৰত থকা সাঁকোখনেই হ'ল দুয়োখন গাঁৱৰ সংযোগ স্থল।
  দেওশল গাঁৱৰ বাস কৰা গৰীৱ পৰিয়ালৰ ল'ৰা
সনত। সনতৰ বয়স ছয় বছৰ হওতে দেউতাকে সনত আৰু ঘৈনীয়েকক এৰি এই পৃথিৱীৰ পৰা চিৰবিদায় লয়। মাকে গাঁৱৰে ইঘৰ সিঘৰত কাম কৰি দুয়োৰে ভাত মুঠি কোনোমতে যোগাৰ কৰে। এদিন সনতক ওচৰৰ প্ৰথমিক বিদ্যালয়ত নাম লগাই দিলে। মাকে গাঁৱৰে মধ্যবিত্ত ঘৰৰ ল' ৰাৰ পুৰণি কাপোৰ খুজি আনি তাক পিন্ধিবলৈ দিয়ে। তাকে পিন্ধি সি বিদ্যালয়লৈ যায়।
   দিনবোৰ বাগৰিল। সনতে এদিন প্ৰাইমাৰী দেওনা পাৰ হৈ হাইস্কুলৰ শিক্ষা ল' বলৈ আগবাঢ়িল। তাত ওচৰৰ গাওঁবোৰৰ পৰা অহা বিভিন্ন ল'ৰা ছোৱালীৰ লগত চা চিনাকি হ'ল।
ৰং তামচা, খেল ধেমালি আদিৰ মাজেৰে বন্ধুত্বৰ আদান প্ৰদান হ' ল। কিন্তু ডবকা গাঁৱৰপৰা অহা আকিবুৰ ৰহমানৰ সৈতে হোৱা বন্ধুত্ব নিবিড় হৈ পৰিল। পঢাত মধ্যমীয়া, বিদ্যালয়ৰ যিকোনো কামত আগভাগ লোৱা, শিক্ষকৰ আজ্ঞা সুচাৰুৰূপে পালন কৰা বিনয়ী স্বভাৱৰ সনত আৰু আকিবুৰ শিক্ষকৰ প্ৰিয় হৈ পৰিল।
সনতে যিমানে ওপৰ শ্ৰেণীলৈ গ' ল সিমানে তাৰ অভাৱ বাঢ়ি গল। সেয়ে সি মাজে সময়ে বন্ধৰ দিনত চাহৰ দোকানত চেলছমেনৰ কাম কৰি কিছু টকা গোটাই কিতাপ পত্ৰ, সাজপাৰ আদি লাগতিয়াল সামগ্ৰীবোৰ কিনি লয়। এতিয়াৰ দৰে সেই সময়ত বিদ্যালয় বোৰত সৰ্বশিক্ষা মিছনৰ আগমন নঘটা বাবে গৰীৱ পৰিয়ালৰ ল' ৰা ছোৱালী বোৰে বিদ্যা শিক্ষা অৰ্জন কৰাটো বৰ কষ্টসাধ্য আছিল।
সনতে অষ্টম শ্ৰেণীত ভৰি দিলে। সেই সময়ত অসমৰ বিদেশী খেদা আন্দোলনৰ আৰম্ভণি হয়। তিনিটা বছৰ অতিক্ৰম কৰি সনতে মেট্ৰিকৰ দেওনা পাৰ হৈ পঢ়া জীৱনৰ সমাপ্তি ঘটালে।
দুৰ্ভগীয়া মাকজনীয়ে আনৰ ঘৰত কাম কৰি তাক খুটি খাব পৰা কৰিলে। এতিয়া মাকৰ কষ্ট আঁতৰাবলৈ সি কামৰ কথা চিন্তা কৰিবলৈ ধৰিলে।
 আকিবুৰৰ ঘৰুৱা অৱস্থাও সিমান ভাল নাছিল।দিন হাজিৰা কৰি দেউতাকে কোনোমতে পৰিয়ালটোক পোহ পাল দিছিল। পঢ়া শুনাত ৰাপ নথকা সৰু ভায়েকে আনৰ ঘৰত গৰু চৰাইছিল। গতিকে আকিবুৰৰ এটাই চিন্তা যে অভাৱী ঘৰখনক কেনেদৰে তুলি ধৰিব পাৰে।
সেইবাবে সিও মেট্ৰিকৰ দেওনা পাৰ হৈ উচ্চ শিক্ষাৰ আশা বাদ দিলে।
দুয়ো বন্ধুৱে এদিন চিন্তা কৰি উলিয়ালে যে সিহঁতে সোণাইপৰীয়া মাটি কিছু আধি লৈ খেতি আৰম্ভ কৰিব। কথামতে কাম। বেংকৰপৰা কৃষিঋণ লৈ প্ৰথমে এহাল গৰু কিনিলে। তাৰপাছত খেতিৰ সাঁ সঁজুলিবোৰ যোগাৰ কৰি দেওশাল গাঁৱৰে আৰ্দশ খেতিয়ক হৰিধনৰ পৰামৰ্শ লৈ কৃষি পথাৰত সোণ গুটি গাজাবলৈ কঁকালত টঙালি বান্ধিলে।
চ'তৰ বিহুৰ আগমন ঘটিল। অসমীয়াই এই বিহু ৰং ধেমালিৰে পাতিবপৰা নাই। কাৰণ বিদেশী বহিস্কাৰ আন্দোলনৰ বা মাৰলিয়ে অসমখন কঁপাই তুলিছে। ইফালে ব' হাগৰ আগমনত ধৰাৰ বুকুলৈ দুই এজাক বৰষুণৰ আগমন ঘটিল। পথাৰ বোৰ জীপাল হল। লগে লগে আকিবুৰ আৰু সনতে তীক্ষ্ণ নাঙলৰ ফালেৰে আধি লোৱা মাটিবোৰ এফালৰ পৰা সীৰাজ দি গল। যেন ধৰাৰ বুকু বিদাৰি দুহাতেৰে সোণ গুটি আঁজুৰি আনিব আৰু সিহঁতৰ লগত সহবাস কৰা দৰিদ্ৰতাক বহুদূৰলৈ আঁতৰাই পঠিয়াব। আহাৰমহীয়া পথাৰ। খেতিয়ক গাত তৰণি নাই। ইঁহতেও কঠীয়া সিঁচা মৌচুমীয়ে জীপাল কৰা মাটিবোৰ এডৰা এডৰাকৈ বোকাময় কৰা, বন নিৰোৱা আদি কামবোৰ সময়তে কৰি গল। দুপৰীয়া ভাত পানী খাই জিৰণিৰ উম নোলোৱা সনত আৰু আকিবুৰে কোৰেৰে মৃতপ্ৰায় আলিবোৰত বোকা উঠাই ভৰিৰে ঠেকেচি আলিবোৰ জীৱন্ত কৰি তুলিলে। পথাৰৰ কেঁচা গোন্ধে যেনিবা সোণ বৰণীয়া আঘোণক সম্ভাষণ জনাইছে। কলীয়া ডাৱৰৰ মাজৰপৰা সৰসৰকৈ নামি অহা দবাপিটা বৰষুণ জাকত পিছত যেতিয়া লাজকুৰীয়া বেলিটোৰ বিপৰীতে সাতোৰঙী ৰামধেনুৱে ভুমুকি মাৰে তেতিয়া আকিবুৰে আনন্দত কোৰানৰ বাণী উচ্চাৰণ কৰে। ঘৰমুৱা হোৱা বেলিটোৰ ৰাঙলী আভা নৈখনে বুকুত সাৱটি লৈ ঢৌৰ লহৰে চিক্ মিকাই যেন বহু দূৰলৈ বৈ যায়।
ভাগৰ অনুভৱ নকৰা আকিবুৰে ভাৰ বান্ধি অনা কঠীয়াৰ আটিবোৰনি ৰোৱনীৰ কাষত কলাফুললৈ পোত যোৱা বোকাত থপচ থপচকৈ এফালৰপৰা দি যায়। ৰোৱনীৰ কঠীয়াৰ গোটবোৰেৰে পুৰাই পেলোৱা ডবল কেইটালৈ লক্ষ্য কৰি দুয়ো ভৱিষ্যতৰ সপোন ৰচে। এনেদৰে শাওণৰ শ্যামলীয়ে সোনগুটি ধাৰন কৰি আঘোণত ভৰি দিয়ে। লখিমী চপোৱাৰ পিছত ঋণৰ টকা খিনি সোধাই পিছৰ বছৰ নিজৰ ওপৰত খোপনি পুতি দুগুন উৎসাহেৰে খেতিত লাগিল। কিন্তু দাতাই দিলেও বিধাতাই নিদিয়ে বুলি এষাৰ কথা আছে। সেই সময়ত অসমৰ আকাশ বতাহ আন্দোলনৰ জুয়ে ছানি পেলালে। ঠায়ে ঠায়ে হিন্দু মুছলমানৰ মাজত বিভেদ আহিল, যদিও আকিবুৰ আৰু সনতক কৃষিকাৰ্যৰ এনাজৰীডালে বান্ধি ৰাখিলে।
   সনতৰ মাক বৰ মৰমিয়াল আৰু ভক্তি-পৰায়ণা তিৰোতা। কেতিয়াবা সন্ধিয়া পৰত আকিবুৰ সনতৰ ঘৰলৈ আহিলে মাকে নামঘৰত চাকি জ্বলাই ঘোষা প্ৰাৰ্থনা গোৱা শুনিবলৈ পায় -
" কৃষ্ণ একদেৱ দুখ হাৰী কাল মায়াদিৰো অধিকাৰী
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।
সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ
জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ।।
(নামঘোষা)
এই ঘোষা প্ৰাৰ্থনাৰ সুৰ শুনি ভক্তিভৰা আৱেগেৰে আকিবুৰৰ অন্তৰখন ভৰি পৰে। পুত্ৰ চেনেহেৰে ওপচাই পেলোৱা এই মা গৰাকীয়ে আকিবুৰৰ পৰাও মাতৃত্বৰ স্থান দখল কৰে।
সিদিনা আছিল অসম আন্দোলনে কলংকিত অধ্যায়ন সূচনা কৰা সেই বছৰটোৰ কোনোবা এটা দিন। দুপৰীয়া ভাত পানী খাই জিৰণি লোৱা সময়। তেনে কুক্ষণতে চুবুৰীয়া গাওঁবাসীৰ লগতে পাহাৰীয়া আদিবাসীসকলে হাতত ধেনু কাঁড় তৰোৱাল যাঠি জোং লৈ অতৰ্কিতে জপিয়াই পৰিল সংখ্যালঘু মুছলমানসকলৰ ওপৰত। এফালৰপৰা যাকে য'তে পালে আঘাত কৰি গ' ল। মুছলমান সকলেও হাতত অস্ত্ৰ লৈ ওলাই আহিল। দুয়োপক্ষৰ মাজত হোৱা তুমুল ৰণখনে সোনাই নৈ পাৰৰ কিছু অঞ্চল ৰক্তাক্ত কৰিলে। নৈখনৰ পানী তেজেৰে ৰাঙলী হ ল।অসংখ্য মৃতদেহ অ'ত ত'ত সিঁচৰতি হৈ পৰিল। অংগক্ষত সকলক দৌৰাদৌৰিকৈ চিকিৎসাৰ বাবে লৈ যোৱা হ ল। কোনোবাই হেৰুৱালে পিতৃক, কোনোবাই মাতৃক, কোনোবাই হয়টো পুত্ৰক আৰু কোনোবাজনে নিজৰ শৰীৰৰ অংগ চিৰজীৱনৰ বাবে হেৰুৱাই পেলালে। চাৰিওফালে কান্দোনৰ ৰোল উঠিল।
আৰু আকিবুৰ....? আকিবুৰে নিজৰ ভাইজান আৰু আব্বাজানক হেৰোৱাৰ লগতে নিজৰ ভৰি এখনো হেৰুৱালে। হাতত পেং লোৱাৰ বাহিৰে আন একো উপায় নাই। আম্মাজানে হিয়া ভুকুৱাই কান্দি কান্দি গছৰ পাত সৰালে। অকণমান পোহৰৰ ৰেঙণি পৰা ঘৰখনলৈ অমানিশা নামি আহিল। ইফালে সনতে দৌৰি দৌৰি আকিবুৰ থকা চিকিৎসা কক্ষলৈ গল যদিও সাম্প্ৰদায়িকতাৰ জেওৰাখন আকিবুৰ ৰ কাষত বেছিপৰ থাকিবলৈ নিদিলে। আবেগভৰা অন্তৰেৰে কান্দি কান্দি তাৰপৰা ওলাই আহিল।
এ.. ৰা! আকিবুৰ আৰু সনতৰ সেউজ সপোন বোৰ সাম্প্ৰদায়িকতাই চূৰমাৰ কৰি কৃষিকৰ্মৰ এনাজৰীডাল ছিঙি পেলালে। দুয়োখন গাঁৱৰ মাজত আদান প্ৰদান নোহোৱা হ'ল। লাহে লাহে দুয়োখন গাঁৱৰ সংযোগী সাঁকোখনো জহি খহি যাবলৈ ধৰিলে।
দিনবোৰ বা... গ.. ৰি... ল । অসম চুক্তি ৰূপায়ণ হ' ল। নতুন চৰকাৰ আহিল। লাহে লাহে মানুহৰ মনৰপৰা সাম্প্ৰদায়িকতাৰ আৱৰ্জনা বোৰ আঁতৰিব ধৰিলে। ডবকা আৰু দেওশাল গাঁৱৰ মানুহবোৰেও এই নাৰকীয় ঘটনা পাহৰিবলৈ যত্ন কৰিলে। কিন্তু আকিবুৰৰ দৰে দেহৰ অংগ হেৰোৱাবোৰে জানো পাহৰিব পাৰিব? নোৱাৰে। কাৰণ তেওঁলোকৰ নাৰকীয় ঘটনাৰ নিৰ্মম ছবিখন দেহটোৰ লগতে কঢিয়াই লৈ ফুৰিছে। তথাপি শংকৰ আজানৰ দেশত আল্লাৰ দোৱা শিৰত লৈ মিলনৰ সেতু গঢ়িবলৈ আকিবুৰ আগবাঢ়িল। সিফালৰপৰা সনতেও সোনাই নৈৰ ওপৰৰ সাঁকোখন মজবুত কৰি সাজিবলৈ আগভাগ ললে।
এদিন এটা নিৰ্দিষ্ট দিনত দুয়োখন মানুহ গাঁৱৰ মিলিত হৈ সাঁকো খন নিৰ্মাণ কৰিলে। এঠেঙীয়া আকিবুৰ পেঙৰ ওপৰত ভৰ দি আগবাঢ়ি গ ল। আকৌ সনতেও আহি আকিবুৰ আঁকোৱালি ধৰিলে। লগে লগে সন্ধিয়াৰ সংকেত বাজি উঠিল। দেওশাল গাঁৱৰ নামঘৰৰপৰা এটি নামঘোষাৰ সুৰ ভাঁহি আহিল আৰু ডবকা গাঁৱৰ মছজিদত আজানৰ ধ্বনি শুনা গল। দুয়োটা ধ্বনি মিলিত হৈ এটি নতুন সুৰ সোণাই নৈৰ বুকুত প্ৰতিধ্বনি হল । বোৱঁতী নৈখনে এই সম্প্ৰীতিৰ ধ্বনি দেশৰ ইমুৰৰপৰা সিমুৰলৈ বোৱাই লৈ গ ল।






Comments

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

অসমীয়া লোক সাহিত্য -