Posts

ড্রাগছ সেৱক কৰা মাৰাত্মক

ড্ৰাগছ সেৱন কৰা মাৰাত্মক - ইংৰাজী ভাষাৰ 'ড্রাগ্' শব্দৰ সাধাৰন অৰ্থ ঔষধ ।ড্রাগ্ বুলি কলে পিছে এতিয়া সাধাৰন ঔষধ নুবুজায় ।ড্রাগ্ বুলি কলে নিচা থকা কেইবিধমান ঔষধ বুলিহে মানুহে বুজে।নিচাযুক্ত ঔষধ ভিতৰত হেৰোইন্, হ্যাচ্চি, মাণ্ডাৰিণ, এল. এচ্. ডি, ব্ৰাউন চুগাৰ প্ৰধান ।নিচাৰ প্ৰতি মানুহৰ আসক্তি আছে ।যুগে যুগে দেশে দেশে কিছুমান মানুহে নিচালগা বস্তু খায়। ব্যক্তিগত সমস্যা আৰু হতাশাই সৃষ্টি কৰা মানসিক ব্যাধিয়েই ড্রাগ আসক্তিৰ প্ৰধান সমস্যা বা কাৰণ।এনে কাৰণত বয়স্ক ব্যক্তিৰ ক্ষেত্ৰতহে প্ৰয়োজ্য ।কোমলমতীয়া ছাত্র ছাত্রীয়ে আৰু ডেকা গাভৰুৱে ঘাইকৈ সংগ দোষত পৰিহে প্ৰথমে নিষিদ্ধ ড্রাগ্ খাবলৈ আৰম্ভ কৰে ।কোনো কোনোৱে আকৌ কৌতুহল বাবেও ড্রাগ্ খায়।ড্রাগ্ খোৱা পিছত নিচাত মতলীয়া হৈ একেবাৰে ৬ ঘন্টাজুৰি কোনো এক অলৌকিক জগতত বিচৰণ কৰাৰ আনন্দই প্ৰথমে বহুতক এনেকুৱা ড্রাগ্ খাবলৈ আকৃষ্ট কৰে । ড্রাগছ কেৱল দৰৱৰ নহয় বড়ি ৰূপতে নচলে।ধপাত চিগাৰেট ৰ দৰেও ' পট ' আদিৰ ধোঁৱা হুপি খোৱা হয়।ড্রাগছ ইন্জেকশ্যন ৰূৰত থাকে ।অন্যান্য ইন্জেকশ্যন লোৱা দি ড্রাগ্ ইন্জেকশ্যনো লোৱা হয়।ড্রাগ মুঠতে মুখেৰে গিলি খোৱাই হওক, চিগাৰেট ...

ভাগিনী নিবেদিতা

"ভগিনী নিবেদিতা" মাৰ্গাৰেট এলিজাবেথ নবেল আছিল এজনী তজ্ বজীয়া স্বভাৱৰ বুদ্ধিমতী ছোৱালী ।ঘৰ আছিল পশ্চিম ইউৰোপৰ আয়াৰলেণ্ডত।কলেজীয়া শিক্ষা সাং কৰাৰ পিছত শিক্ষকতাৰ চাকৰিত সোমাইছিল যদিও অন্তৰত পৰোপকাৰ আৰু মানৱসেৱাৰ প্ৰতি প্ৰৱল ধাউতি থকা ছোৱালীজনীৰ সেই চাকৰি সমূলি ভাল লগা নাছিল ।দুখীয়া নিছলা লোকৰ দুখ মোচনৰ বাবে কিবা কৰাৰ চিন্তাই অন্তৰত তোলপাৰ লগাইছিল ।সেই সময়তে আমেৰিকাৰ চিকাগো চহৰত ভাৰতীয় মনীষী স্বামী বিবেকানন্দই মানৱতাবোধৰ ওপৰত দিয়া ভাষণ শুনি তেওঁ আকৃষ্ট হৈছিল ।ভাৰতৰ প্ৰাকৃতিক সৌন্দৰ্য্য, তৃষাৰে ঢাকি ৰখা সুউচ্চ হিমালয়ৰ চূড়াই তেওঁক আহ্বান জনাইছিল ।     তেতিয়া ভাৰতৰ স্বাধীনতা আন্দোলন পূৰ্ণ গতিত চলিছিল ।সেই সময়তে মানৱসেৱাৰ ব্ৰত বুকুত বান্ধি সুদূৰ আয়াৰলেণ্ডৰ পৰা মাৰ্গাৰেট এলিজাবেথ নবেল আহি ভাৰতত উপস্থিত হৈছিল ।স্বামী বিবেকানন্দৰ লগত ভাৰতৰ বহুতো ঠাই ভ্ৰমণ কৰিছিল ।১৮৯৮ চনত তেওঁ ব্ৰহ্মচৰ্য ব্ৰত লৈ মানৱসেৱা আৰু সমাজসেৱাৰ কামত আত্মনিয়োগ কৰি "ভগিনী নিবেদিতা "নামে জনাজাত হৈছিল ।১৮৯৯ চনৰ কলকাতাৰ প্লেগ মহামাৰীৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কামত লাগিছিল, চিকিৎসাসেৱাৰ কাম কৰিছিল ।স্ত্...

মোৰ ধৰ্ম আৰু ঈশ্বৰ

প্ৰবন্ধ (অনুবাদ) * মোৰ ধৰ্ম আৰু ঈশ্বৰ *              মুল হিন্দী -মোহনদাস কৰমচান্দ গান্ধী বিভিন্ন ধৰ্মবোৰ একে ঠাইৰ হোৱাৰ বাবে বেলেগ পথ আছে ।একে ঠাইত গোট খোৱাৰ বাবে আমি সুকীয়া সুকীয়া পথেৰে যদি যাওঁ, সেইটো দুখৰ কথা হ'ব নোৱাৰে। পৃথিৱীত যিমান মানুহ আছে, সিমানটা ধৰ্ম আছে।     আমি সকলো ধৰ্মৰ প্ৰতি ভাল ভাব ৰাখিব লাগে ।ইয়াৰ মাজত নিজৰ ধৰ্মটোৰ প্ৰতি উদাসীনতা আহিব বুলি ভবাতো সঠিক নহয় । তাৰ ফলত নিজৰ ধৰ্মটোৰ প্ৰতি যি অন্ধবিশ্বাস আছে, সেইবোৰত আঁতৰ হয় । এনেকৈয়ে সেই প্ৰেম জ্ঞানময় আৰু বেছি সাত্বিক তথা নিৰ্মল কৰে।       পৃথিৱীৰ এটা ধৰ্ম হোৱাতো মই বিশ্বাস নকৰোঁ, সহমত হ'ব নোৱাৰোঁ ।গতিকে বিভিন্ন ধৰ্মবোৰত কোৱা মূলসূত্ৰ বিচৰাৰ চেষ্টা কৰোঁ আৰু এনে এক চিন্তা জন্ম দিবলৈ বিচাৰোঁ ।যাতে সকলোৱেই সকলো ধৰ্মকে শ্ৰদ্ধা কৰে, ভাল ভাব পোষণ কৰে, তাৰ বাবে চেষ্টা কৰোঁ ।         মোৰ বিচাৰ বুদ্ধি মতে পৃথিৱীৰ সকলোবোৰ ধৰ্মগ্ৰন্থ পঢ়িব লাগে ।চকুৰে নহয়, সহানুভুতিৰে পঢ়াতো প্ৰতিজন সভ্য পুৰুষ আৰু নাৰীৰ কৰ্তব্য ।এটা ধৰ্মৰ মানুহে অন্য এটা ধৰ্মৰ মানু...

দহোটা নিয়ম বা ধৰ্ম

দহোটা নিয়ম বা ধৰ্ম ✍ শ্ৰদ্ধা কোঁৱৰ ১।ধৃতি - ধৃতি মানে ধৈর্য,অৰ্থাৎ বিপদত পৰিলে বা শোক পাব লগা কাৰণ উপস্থিত হ'লেও ধীৰ স্থিৰ ভাবে থকা নাইবা সকলো অৱস্থাতে সন্তুষ্ট হৈ থকা ইয়াকে সন্তুোষ বুলিও কোৱা হয় ৷ ২।ক্ষমা-ক্ষমা মানে অন্যে মোক অপকাৰ কৰিলেও মই উলটি প্ৰত্যপকাৰ নকৰাকৈ থকাকে ক্ষমা বোলে। ৩।দম-দম মানে ইন্দ্ৰিয় বিলাকৰ নিজ নিজ বিষয়ৰ প্ৰতি যি হেপাহ স্বভাৱিকতে ওপজে তেনে বিকাৰ উপজিলে তাৰ বাবে মনত চঞ্চল্যতা উৎপন্ন হব পৰা কাৰণ বিদ্যমান থাকিলেও বৃদ্ধি বা বিচাৰ শক্তিৰে মন আৰু ইন্দ্ৰিয় সমূহক বশীভুত কৰি মনত বিকাৰ উপজিবলৈ নিদিয়াকৈ ৰখাটোকে দম বোলে । সনন্দন সিন্ধই কৈছে বোলে সকলো অৱস্থাতে মনক বশ কৰি ৰখাটোকে দম বোলে ।গোবিন্দ ৰাজ অভিধানৰ মতে যাৰ ঘাম, লাভ লোকচান, জয় পৰাজয়, সুখ দুখ, মান অপমান আদি দুটীয়া ভাব বিলাকত মনৰ গতি একে অৱস্থাত ৰাখিব পৰাটোকে দম বোলে । ৪।অস্তেয় - অস্তেয় মানে পৰৰ দ্ৰব্য চুৰ কৰা।গৃহস্থই গম নোপোৱাকৈ যি কোনো দ্ৰব্য বস্তু নিয়াকে চুৰ কৰা বোলে।ৰাতি হওক বা দিনত হওক, গোপনে পৰৰ বস্তু আত্মসাৎ কৰিব খুজিলেও চুৰ কৰা দোষ হব।একে সীমাৰ মাতিৰ সীমাটো এক আংগুল বা আধা আংগুলকৈ সিফালে ঠেলি দি মাট...