মোৰ ধৰ্ম আৰু ঈশ্বৰ
প্ৰবন্ধ (অনুবাদ)
* মোৰ ধৰ্ম আৰু ঈশ্বৰ *
মুল হিন্দী -মোহনদাস কৰমচান্দ গান্ধী
বিভিন্ন ধৰ্মবোৰ একে ঠাইৰ হোৱাৰ বাবে বেলেগ পথ আছে ।একে ঠাইত গোট খোৱাৰ বাবে আমি সুকীয়া সুকীয়া পথেৰে যদি যাওঁ, সেইটো দুখৰ কথা হ'ব নোৱাৰে। পৃথিৱীত যিমান মানুহ আছে, সিমানটা ধৰ্ম আছে।
আমি সকলো ধৰ্মৰ প্ৰতি ভাল ভাব ৰাখিব লাগে ।ইয়াৰ মাজত নিজৰ ধৰ্মটোৰ প্ৰতি উদাসীনতা আহিব বুলি ভবাতো সঠিক নহয় ।
তাৰ ফলত নিজৰ ধৰ্মটোৰ প্ৰতি যি অন্ধবিশ্বাস আছে, সেইবোৰত আঁতৰ হয় ।
এনেকৈয়ে সেই প্ৰেম জ্ঞানময় আৰু বেছি সাত্বিক তথা নিৰ্মল কৰে।
পৃথিৱীৰ এটা ধৰ্ম হোৱাতো মই বিশ্বাস নকৰোঁ, সহমত হ'ব নোৱাৰোঁ ।গতিকে বিভিন্ন ধৰ্মবোৰত কোৱা মূলসূত্ৰ বিচৰাৰ চেষ্টা কৰোঁ আৰু এনে এক চিন্তা জন্ম দিবলৈ বিচাৰোঁ ।যাতে সকলোৱেই সকলো ধৰ্মকে শ্ৰদ্ধা কৰে, ভাল ভাব পোষণ কৰে, তাৰ বাবে চেষ্টা কৰোঁ ।
মোৰ বিচাৰ বুদ্ধি মতে পৃথিৱীৰ সকলোবোৰ ধৰ্মগ্ৰন্থ পঢ়িব লাগে ।চকুৰে নহয়, সহানুভুতিৰে পঢ়াতো প্ৰতিজন সভ্য পুৰুষ আৰু নাৰীৰ কৰ্তব্য ।এটা ধৰ্মৰ মানুহে অন্য এটা ধৰ্মৰ মানুহক সমানে শ্ৰদ্ধা কৰিব লাগে, আমি তেওঁৰ ধৰ্মটোক যিদৰে চাওঁ, তেৱোঁ আমাৰ ধৰ্মক সেইদৰে চাব লাগিব ।
সংসাৰৰ সকলো ধৰ্মৰ সন্মানজনক ভাৱে অধ্যয়ন কৰোতে আমাৰ পৱিত্র ধৰ্ম হ'ব।অন্য ধৰ্মৰ ধৰ্মপুথিবোৰ আন্তৰিকতাৰে অধ্যয়ন কৰাৰ পিছত মোৰ ধৰ্মৰ প্ৰতি থকা শ্ৰদ্ধা কমি নাযায় ।
সঁচা কথা ক'বলৈ গ'লে হিন্দু শাস্ত্ৰৰ প্ৰতি মোৰ গম্ভীৰ শ্ৰদ্ধা বাঢ়িছেহে । গভীৰ প্ৰভাৱ পৰিছে সেইবোৰ গ্ৰন্থই মোৰ জীৱনৰ দৃষ্টি বিশাল কৰি তুলিছে ।
সত্যৰ ৰুপ অনেক ।সেয়ে মই এইটো বৰ ভাল পাওঁ ।এই সিন্ধান্তটোৱে মোক মুচলমান এজনক মুছলিম দৃষ্টিকোণেৰে আৰু খ্ৰীষ্টীয়ান দৃষ্টিকোণেৰে বুজিবলৈ শিকাইছে ।অন্ধসকলৰ হাতী দৰ্শনৰ দৰে, সকলোৰে নিজৰ নিজৰ দৃষ্টিৰে একেই।এজনৰ দৃষ্টিকোণ আন এজনৰ লগত নিমিলিব পাৰে, যিদৰে অন্ধৰ হাতী দৰ্শনৰ য'ত এজনৰ লগত আনজনৰ নিমিলে।তেওঁলোকৰ এজনৰ কথা সত্য বা অন্য এজনৰ কথা অসত্য ভুল কাৰো নহয় আৰু সত্যও কাৰো নহয়।
যেতিয়ালৈকে বেলেগ বেলেগ থাকিব; তেতিয়ালৈকে প্ৰতিটো ধৰ্মৰ বিশেষ বাহিৰা চিন একোটাৰ প্ৰয়োজন থাকিব পাৰে ।কিন্তু বাহ্যিক চিনটো একমাত্র আড়ম্বৰ হৈ থাকে বা নিজৰ ধৰ্মৰ পৰা সুকীয়া ৰূপ প্ৰতিফলন ঘটিব, তেতিয়া সেইটো ত্যাগ কৰা হয় ।ধৰ্মৰ সহাগিসকলৰ এইটো উদ্দেশ্য হ'ব লাগে যাতে এজন হিন্দুক অতি হিন্দু, এজন মুছলমানক অতি ভাল মুছলমান আৰু এজন খ্ৰীষ্টীয়ানক ভাল খ্ৰীষ্টান হোৱাত সহায় কৰে।আমাৰ ইচ্ছা এনেকুৱা হোৱা উচিত নহয়, হে ভগৱান, তুমি তেওঁক তেনেকুৱা জ্ঞান দিয়া, মোক যিটো তেওঁৰ সৰ্ব্বোচ্চ বিকাশ হোৱাৰ বাবে আৱশ্যক ।
ঈশ্বৰ এনে এটা ৰহস্যময়ী শক্তি, যিটো সকলোতে ব্যাপ্ত হৈ আছে ।মই মাত্ৰ অনুভৱহে কৰিব পাৰোঁ, কিন্তু দেখা নাই ।এইটো অদৃশ্য শক্তিয়ে মাত্ৰ অনুভৱহে কৰায়, যিটো কোনো প্ৰকাৰেই প্ৰমাণ কৰি দেখুৱাব নোৱাৰি; কিয়নো যি বস্তুৰ দ্বাৰা মোৰ ইন্দ্ৰিয়ৰ দ্বাৰা জ্ঞাত হয়, সেইবোৰতকৈ এইটো বহুত তফাৎ ।সেইটো ইন্দ্ৰিয়ৰ দ্বাৰা ঢুকি পোৱাৰ বহুত নিলগত ।মই এইটো অনুভৱ কৰোঁ যে যেতিয়া মোৰ চাৰিওফালে প্ৰতিটো বস্তু সদায় সলনি হৈ থাকে, নষ্ট হৈ গৈ থাকে, তেতিয়া বুজো যে এই পৰিৱৰ্তনৰ পিছত কোনো এটা চেতনশক্তি নিশ্চয় আছে, যিটোৰ সলনি কেতিয়াও নহয় । যিটোৱে সদায় সকলোকে ধাৰণ কৰিছে,যিটোৱে সৃষ্টি আৰু সংহাৰ কৰে আৰু পুনৰ নতুনৰ সৃষ্টি কৰি আহিছে ।সেই জীৱনদায়ী শক্তি ঈশ্বৰ ।আমি ইন্দ্ৰিয় দ্বাৰা, অৰ্থাৎ চকুৰে দেখা বস্তুবোৰৰ কোনো স্থায়ী নহয় আৰু হ'বও নোৱাৰে ।গতিকে একমাত্র ঈশ্বৰেই শেষ অস্তিত্ব ।
এই শক্তিটো মংগলময় নে অমংগলময়? কিন্তু মই দেখি আহিছোঁ এই শক্তি সদায় কল্যাণকামী ।কাৰণ মই দেখিছোঁ মৃত্যুৰ মাজতে জীৱন স্থিত হৈ থাকে ।অসতাৰ ভিতৰত সত্য প্ৰতিষ্ঠিত হৈ থাকে আৰু যেনেকৈ অন্ধাকাৰৰ মাজত পোহৰ স্থিৰ ৰূপত থাকে ।ইয়াৰ দ্বাৰাই মই বুজিব পাৰিছোঁ যে জীৱনেই ঈশ্বৰ, সত্য আৰু পোহৰ ।সেয়ে প্ৰেম ।সেয়ে পৰম মংগলময় ।
✍ শ্ৰদ্ধা কোঁৱৰ দেউৰী

Comments
Post a Comment