ভাগিনী নিবেদিতা

"ভগিনী নিবেদিতা"
মাৰ্গাৰেট এলিজাবেথ নবেল আছিল এজনী তজ্ বজীয়া স্বভাৱৰ বুদ্ধিমতী ছোৱালী ।ঘৰ আছিল পশ্চিম ইউৰোপৰ আয়াৰলেণ্ডত।কলেজীয়া শিক্ষা সাং কৰাৰ পিছত শিক্ষকতাৰ চাকৰিত সোমাইছিল যদিও অন্তৰত পৰোপকাৰ আৰু মানৱসেৱাৰ প্ৰতি প্ৰৱল ধাউতি থকা ছোৱালীজনীৰ সেই চাকৰি সমূলি ভাল লগা নাছিল ।দুখীয়া নিছলা লোকৰ দুখ মোচনৰ বাবে কিবা কৰাৰ চিন্তাই অন্তৰত তোলপাৰ লগাইছিল ।সেই সময়তে আমেৰিকাৰ চিকাগো চহৰত ভাৰতীয় মনীষী স্বামী বিবেকানন্দই মানৱতাবোধৰ ওপৰত দিয়া ভাষণ শুনি তেওঁ আকৃষ্ট হৈছিল ।ভাৰতৰ প্ৰাকৃতিক সৌন্দৰ্য্য, তৃষাৰে ঢাকি ৰখা সুউচ্চ হিমালয়ৰ চূড়াই তেওঁক আহ্বান জনাইছিল ।
    তেতিয়া ভাৰতৰ স্বাধীনতা আন্দোলন পূৰ্ণ গতিত চলিছিল ।সেই সময়তে মানৱসেৱাৰ ব্ৰত বুকুত বান্ধি সুদূৰ আয়াৰলেণ্ডৰ পৰা মাৰ্গাৰেট এলিজাবেথ নবেল আহি ভাৰতত উপস্থিত হৈছিল ।স্বামী বিবেকানন্দৰ লগত ভাৰতৰ বহুতো ঠাই ভ্ৰমণ কৰিছিল ।১৮৯৮ চনত তেওঁ ব্ৰহ্মচৰ্য ব্ৰত লৈ মানৱসেৱা আৰু সমাজসেৱাৰ কামত আত্মনিয়োগ কৰি "ভগিনী নিবেদিতা "নামে জনাজাত হৈছিল ।১৮৯৯ চনৰ কলকাতাৰ প্লেগ মহামাৰীৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কামত লাগিছিল, চিকিৎসাসেৱাৰ কাম কৰিছিল ।স্ত্রী শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে স্কুল প্ৰতিষ্ঠা কৰিছিল ।স্ত্রী শিক্ষাৰ কামত খৰচ কৰিবলৈ তেওঁ ইচ্ছা-পত্র লিখি থৈ গৈছিল ।
ভাৰতৰ স্বাধীনতা আন্দোলনতো নিবেদিতাই অংশগ্রহণ কৰিছিল ।জন্মভূমি আয়াৰলেণ্ডৰ প্ৰতিও তেওঁ শ্ৰদ্ধাশীল আছিল ।১৯১১ চনত ১৩ অক্টোবৰত এই মহীয়সী ৰমণীগৰাকীৰ মৃত্যু ঘটিছিল ।

*নিবেদিতাৰ জন্ম-- ১৮৬৭ চনত অক্টোবৰত, আয়াৰলেণ্ডত।
*পূৰ্বৰ নাদ--মাৰ্গাৰেট এলিজাবেথ নবেল ।
*পিতৃ--ৰেভাৰেণ্ড ছেমুৱেল নবেল, ধৰ্মযাজক ।
*মাতৃ--মেৰী হেমিন্টন।
*পঢ়াশালি --হ'লিফক্স স্কুল, আয়াৰলেণ্ড ।
*চাকৰি - শিক্ষকতা।
*মৃত্যু -- ১৯১১ চনত ১৩ অক্টোবৰ।
*ধৰ্মগুৰু --স্বামী বিবেকানন্দ ।
*ব্ৰহ্মচৰ্য -- ইন্দ্রিয় নিয়ন্ত্রণৰ বাবে পালন কৰা ব্ৰত।
*আয়াৰলেণ্ড --পশ্চিম ইউৰোপৰ গ্ৰেট বৃটেইনৰ পশ্চিমৰ এখন দ্বীপৰাষ্ট।এই দেশৰ মানুহৰ আইৰিচ বোলে ।ভগিনী নিবেদিতাৰ জন্মভূমি ।
*মাতৃ সাৰদা দেৱী-- শ্ৰীৰামকৃষ্ণ পৰমহংস দেৱৰ পত্নী ।নিবেদিতা এখেতৰ আশ্ৰয়ত আছিল ।
*ইচ্ছা-পত্র --নিবেদিতাই নিজে নিজৰ সম্পত্তি ভোগৰ উত্তৰাধিকাৰী পাতি কাৰোবাৰ নামত সম্পাদন কৰা আইনসংগত লেখা।
সংগ্রাহিকা-শ্ৰদ্ধা কোঁৱৰ দেউৰী

Comments

  1. Thanks for help me in time of lock down. I am a class 10 student thanks...

    ReplyDelete
  2. Thanks for help me in time of lock down.lam a class 10 student thanks..

    ReplyDelete

Post a Comment

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

অসমীয়া লোক সাহিত্য -