ড্রাগছ সেৱক কৰা মাৰাত্মক

ড্ৰাগছ সেৱন কৰা মাৰাত্মক -
ইংৰাজী ভাষাৰ 'ড্রাগ্' শব্দৰ সাধাৰন অৰ্থ ঔষধ ।ড্রাগ্ বুলি কলে পিছে এতিয়া সাধাৰন ঔষধ নুবুজায় ।ড্রাগ্ বুলি কলে নিচা থকা কেইবিধমান ঔষধ বুলিহে মানুহে বুজে।নিচাযুক্ত ঔষধ ভিতৰত হেৰোইন্, হ্যাচ্চি, মাণ্ডাৰিণ, এল. এচ্. ডি, ব্ৰাউন চুগাৰ প্ৰধান ।নিচাৰ প্ৰতি মানুহৰ আসক্তি আছে ।যুগে যুগে দেশে দেশে কিছুমান মানুহে নিচালগা বস্তু খায়। ব্যক্তিগত সমস্যা আৰু হতাশাই সৃষ্টি কৰা মানসিক ব্যাধিয়েই ড্রাগ আসক্তিৰ প্ৰধান সমস্যা বা কাৰণ।এনে কাৰণত বয়স্ক ব্যক্তিৰ ক্ষেত্ৰতহে প্ৰয়োজ্য ।কোমলমতীয়া ছাত্র ছাত্রীয়ে আৰু ডেকা গাভৰুৱে ঘাইকৈ সংগ দোষত পৰিহে প্ৰথমে নিষিদ্ধ ড্রাগ্ খাবলৈ আৰম্ভ কৰে ।কোনো কোনোৱে আকৌ কৌতুহল বাবেও ড্রাগ্ খায়।ড্রাগ্ খোৱা পিছত নিচাত মতলীয়া হৈ একেবাৰে ৬ ঘন্টাজুৰি কোনো এক অলৌকিক জগতত বিচৰণ কৰাৰ আনন্দই প্ৰথমে বহুতক এনেকুৱা ড্রাগ্ খাবলৈ আকৃষ্ট কৰে ।
ড্রাগছ কেৱল দৰৱৰ নহয় বড়ি ৰূপতে নচলে।ধপাত চিগাৰেট
ৰ দৰেও ' পট ' আদিৰ ধোঁৱা হুপি খোৱা হয়।ড্রাগছ ইন্জেকশ্যন ৰূৰত থাকে ।অন্যান্য ইন্জেকশ্যন লোৱা দি ড্রাগ্ ইন্জেকশ্যনো লোৱা হয়।ড্রাগ মুঠতে মুখেৰে গিলি খোৱাই হওক, চিগাৰেট খোৱা দি ধোঁৱা খোৱাই হওক বা শৰীৰৰ ভিতৰলৈ তেজৰ পিৰপিৰণি উঠিবলৈ ইন্জেকশ্যন্ লোৱাই হওক সকলো প্ৰকাৰে ড্রাগছ ব্যৱহাৰ মাৰাত্মক।
ড্রাগছ সেৱনৰ ফলত অতি ভয়ানক ।কাৰণ এনে আসক্তিৰ ফলশ্রুতিত এজন লোক তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়ে।বিশেষকৈ বেজিৰে ড্রাগ্ লোৱাৰ বাবে এইডৰ লগতে বিভিন্ন ৰোগৰ বীজাণুৰ সংক্রমণ ঘটে।তাৰ ফলত দুৰ্বলতা পেট বিষ, ক্ষয় ৰোগ, হেপাটাইটিছ, শৰীৰৰ কঁপনি, অস্বাভাৱিক ৰক্তচাপ, যকৃতৰ বিভিন্ন ৰোগ, দৃষ্টিহীনতা, নিদ্রাহীনতা, আভোক আদি বিভিন্ন ৰোগৰ কাৰকে দেহৰ ঠাই লয়।কেন্সাৰ ৰোগৰ কাৰনেও কেতিয়াবা ড্ৰাগছ সেৱনকাৰীৰ দেহত দেখা দিব পাৰে ।ড্ৰাগছ সেৱনৰ ফলত মানসিক দিশতো যথেষ্ট প্ৰভাৱ পৰে।মানসিক দিশত সাধাৰনতে আত্মহত্যাৰ প্ৰৱণতা, অকাৰণতে উত্তেজিত হোৱা, হতাশাত ভোগা, উদাসীনতা, অসংযত আচৰণ প্ৰভৃতি কাৰকে দেখা দিব পাৰে।
 সুস্থ চিন্তা অবিহণে সুস্থ সমাজ এখন কল্পনা কৰিব নোৱাৰি ।পিতৃ মাতৃ, সমাজৰ অগ্ৰণী লোক, শিক্ষক তথা চৰকাৰখনো সদায় সচেষ্ট হ'ব লাগিব ।ঠিক তেনেদৰে আনুষ্ঠানিক শিক্ষাৰ উপৰি সুকুমাৰ কলা, দয়াশীল মনোভাৱ গঢ় ল'বৰ বাবে যুৱসমাজক উদগনি যোগাব লাগিব লগতে আৱেগক ভাৱে সংযত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব ।
      সুস্বাস্থ্য বজাই ৰাখিবলৈ হলে এই নিচাযুক্ত দ্ৰব্যৰ পৰা আতৰি থকা উচিত ।
-শ্ৰদ্ধা কোঁৱৰ দেউৰী /Shraddha konwar Deuri @

Comments

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

অসমীয়া লোক সাহিত্য -