দহোটা নিয়ম বা ধৰ্ম

দহোটা নিয়ম বা ধৰ্ম
✍ শ্ৰদ্ধা কোঁৱৰ
১।ধৃতি - ধৃতি মানে ধৈর্য,অৰ্থাৎ বিপদত পৰিলে বা শোক পাব লগা কাৰণ উপস্থিত হ'লেও ধীৰ স্থিৰ ভাবে থকা নাইবা সকলো অৱস্থাতে সন্তুষ্ট হৈ থকা ইয়াকে সন্তুোষ বুলিও কোৱা হয় ৷

২।ক্ষমা-ক্ষমা মানে অন্যে মোক অপকাৰ কৰিলেও মই উলটি প্ৰত্যপকাৰ নকৰাকৈ থকাকে ক্ষমা বোলে।

৩।দম-দম মানে ইন্দ্ৰিয় বিলাকৰ নিজ নিজ বিষয়ৰ প্ৰতি যি হেপাহ স্বভাৱিকতে ওপজে তেনে বিকাৰ উপজিলে তাৰ বাবে মনত চঞ্চল্যতা উৎপন্ন হব পৰা কাৰণ বিদ্যমান থাকিলেও বৃদ্ধি বা বিচাৰ শক্তিৰে মন আৰু ইন্দ্ৰিয় সমূহক বশীভুত কৰি মনত বিকাৰ উপজিবলৈ নিদিয়াকৈ ৰখাটোকে দম বোলে ।
সনন্দন সিন্ধই কৈছে বোলে সকলো অৱস্থাতে মনক বশ কৰি ৰখাটোকে দম বোলে ।গোবিন্দ ৰাজ অভিধানৰ মতে যাৰ ঘাম, লাভ লোকচান, জয় পৰাজয়, সুখ দুখ, মান অপমান আদি দুটীয়া ভাব বিলাকত মনৰ গতি একে অৱস্থাত ৰাখিব পৰাটোকে দম বোলে ।

৪।অস্তেয় - অস্তেয় মানে পৰৰ দ্ৰব্য চুৰ কৰা।গৃহস্থই গম নোপোৱাকৈ যি কোনো দ্ৰব্য বস্তু নিয়াকে চুৰ কৰা বোলে।ৰাতি হওক বা দিনত হওক, গোপনে পৰৰ বস্তু আত্মসাৎ কৰিব খুজিলেও চুৰ কৰা দোষ হব।একে সীমাৰ মাতিৰ সীমাটো এক আংগুল বা আধা আংগুলকৈ সিফালে ঠেলি দি মাটিকন মোৰ ফালে সুমাই অনাটোও চুৰ কৰাৰ লেখত পৰে।তেনে নকৰাকৈ থকাকে অস্তেয় বোলে ।

৫।ইন্দ্ৰিয় নিগ্ৰহ - ইন্দ্ৰিয় নিগ্ৰহ মানে জ্ঞানেন্দ্ৰিয় আৰু কৰ্ম্মেন্দ্ৰেিয় সকলৰ বিষয় সমূহৰ প্রতি মনৰ হেপাহতো বাঢ়ি যায়।তেনেদৰে মনৰ হেপাহ বাঢ়ি গ'লে ইন্দ্ৰিয়ৰ ভোগ লালসাৰ মনৰ বেগটো ওভোটাই আনিব পৰাটোকে ইন্দ্ৰিয় নিগ্ৰহ বোলে ।
৬।শৌচ -শৌচ মানে গুচি হৈ পবিত্ৰ হৈ থকাকে শৌচ বোলে ।অগুচি বস্তু দেহত লাগিলে মাতি আৰু পানী ঘহি ধূলে শৰীৰ গুচি হয়।ভাগৱত শাস্ত্ৰই আৰু অন্য অনেক শাস্ত্ৰই শৌচ দুবিধ বুলিছে ।এবিধ বাহিৰ শৌচ আৰু আন বিধ ভিতৰ শৌচ ।বাহিৰৰ দেহত অগুচি বস্তু লাগিলে তাক পানী আৰু মাটিৰে ধূলে গুচি হয়।ভিতৰখন পবিত্র হোৱা মানে অন্তৰত লোকৰ প্ৰতি কোনো কপট ব্যৱহাৰ নকৰাকৈ বাজে ভিতৰে একে ব্যৱহাৰ কৰি সৰলৰূপে থকাকে অন্তৰৰ শৌচ বা পবিত্রতা বোলে ।

৭।ধী-ধী মানে বুদ্ধি ।বুদ্ধিটো এই দেহাৰ লগতে উৎপন্ন হোৱা ভাৱমূলক এটা বস্তু ।এই বুদ্ধি প্ৰায়েই ভোটা হৈ ওপজে ।কোনোটো ভাগ্যবান মানুহৰ বুদ্ধি তিক্ষ্ণ প্ৰকাৰৰ হব পাৰে।কিন্তু সৰ্ব্বসাধাৰণ লোকৰ বুদ্ধি ভোটা হৈ ওপজে ।ভোটা বুদ্ধি বিশেষ যত্ন কৰিলে ভোটা গুচি তিক্ষ্ণ হব পাৰে।জ্ঞানীজনৰ উপদেশ ললে আৰু বহুদৰ্শী পণ্ডিতৰ ওচৰত যুক্তি তৰ্ক আৰু অনুসন্ধান কৰা নীতিমূলক ভাব থকা শাস্ত্ৰ অধ্যয়ণ কৰিলে ভোটা বুদ্ধিও চোকা হয়।মনুৱে কৈছে যে প্ৰত্যক মানুহে নিজৰ বুদ্ধি পৰিমাৰ্জ্জিত কৰি বিস্তাৰিত কৰা কামটো ধৰ্ম্মৰ এটা প্ৰধান কাৰ্য্য।সকলো লোকে এই বিলাক কথা চিন্তা কৰি চাই যেন।

৮।বিদ্যা অভ্যাস কৰা-বিদ্যা মানে জ্ঞান, সেই জ্ঞান দুবিধ।এবিধ আধ্যাত্মিক জ্ঞান আৰু আন বিধ সাংসাৰিক জ্ঞান ।সংসাৰৰ জ্ঞান মানুহৰ অন্তৰত আপোনা আপুনি ওপজে।পৰমেশ্বৰ সম্পৰ্কীয় জ্ঞান লভিবলৈ হলে মানুহৰ অন্তৰত থকা সত্ব-ৰজ-তম এই তিনিগুণীয়া ভাব বিলাকৰ ভিতৰত তমোগুণীয়া ভাৱ সমূহৰ কামবোৰ একেবাৰে গুচাই পেলাব লাগিব।ৰজোগুণীয়া ভাব বিলাকো ক্ৰমে কম কৰিবলৈ যত্ন কৰি থাকিব লাগিব।তেতিয়াহে মানুহৰ অন্তৰত ঈশ্বৰ সম্পৰ্কীয় জ্ঞান ক্ৰমে বিকাশ পাব পাৰে।

৯।অক্ৰোধ-অক্ৰোধ মানে খং উঠিবলৈ নিদিয়া।খং উঠিব লগা কাৰণ আহি উপস্থিত হ'লেও মনক বশ কৰি অন্তৰৰ খং দমন কৰিব ৰাখিব পাৰিলে মানুহৰ অশেষ উপকাৰ হয়।খং উঠিলে মানুহৰ বিচাৰ বুদ্ধি লুপ্ত হৈ মানুহজন পশুতকৈও অধম পৰে।প্ৰাচীন কালত ভাৰতৰ লোকসকল অত্যন্ত সংষমী আৰু ত্যাগী আছিল।কিন্তু দেশৰ পৰাধীন হোৱাৰ পৰা পূৰ্ব্বৰ ধৈর্য্য, বিবেক, সাহস আদি কমি গ'ল আৰু খং ৰাগ আদি বৃদ্ধি হ'ল।

১০।সত্য- সত্য মানে সঁচা কথা কোৱা আৰু সঁচা ব্যৱহাৰত চলা।যিটো কথা মিছা নহয় সেইটো কথা কোৱা আৰু তেনে ব্যবহাৰত চলাকে সত্যত প্ৰৰ্বত্তা বোলে ।সত্যপথত প্ৰবৰ্ত্তাটো মহা ধৰ্ম্ম, কিন্তু অতি পৰিতাপৰ কথা যে এনেহেন মহান ধৰ্ম্ম -সত্যত প্ৰবৰ্ত্তিত লগা বিষয়টো জোৰেৰে বল দি সত্যক তললৈ দি, অসত্যক ওপৰলৈ তোলা যেন হৈছে -সেইটো অন্যায় হৈছে ।
যি জনে সত্য বিচাৰত মিছা কথাৰ তৰ্ক জাল সৃষ্টি কৰি দিন দুপৰত শত সহস্ৰ জনেও প্ৰত্যক্ষে দেখা সত্য ঘটনাও মিছা বুলি প্ৰতিপন্ন কৰি বিচাৰকৰ বিচাৰ শক্তিক বিপৰ্য্যস্ত কৰি দেখুৱাব পাৰে তেনেজন লোকৰ সুখ্যাতি দেশত ব্যাপক হোৱা নীতি প্ৰবৰ্ত্তিছে। সেই বাবে দেশত সত্য লোপ হৈ অসত্য আগ বাঢ়িছে ।

বিঃদ্রঃ সনাতন ধৰ্ম্মৰ মুখপত্র পৰা সংগ্ৰহ।


Comments

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

অসমীয়া লোক সাহিত্য -