কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা মহিম বৰাদেৱে ৰচিত কবিতা

 'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা মহিম বৰাদেৱে ১৯২৩ চনত দৰং জিলাৰ ঘোপসাধাৰু চাহবাগিছাত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতাক আছিল ৰামতামুলী বংশৰ গজেন নাথ বৰা আৰু মাক চন্দ্ৰকান্তি বৰা'। মহিম বৰা অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ পাছ কৰে আৰু নগাঁও মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ জীৱনৰ বেছি সময় নগাঁৱতে পাৰ কৰে। তেওঁক ১৯৮৯ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰা হয়।
৩ আগষ্ট ২০১৬ তাৰিখে আবেলি নগাঁও চহৰত থকা নিজা বাসভৱনত মহিম বৰা হৃদৰোগত আক্ৰান্ত হয়। প্ৰথমে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত উন্নত চিকিৎসাৰ অৰ্থে পিছদিনাখন গুৱাহাটীৰ জি.এন.আৰ.চি হাস্পাতাললৈ স্থানান্তৰ কৰা হয়। এইখন হাস্পাতালতে চিকিৎসাধীন অৱস্থাত ৬ আগষ্টত পুৱা ৯-৫০ বজাত তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৩ বছৰ।
মহিম বৰা কবিতা - - - - - - -

ৰঙা জিঞা (১৯৭৮)
  মহিম বৰাৰ
হঠাৎ খলকে বুকু তীব্ৰ বেদনাত—
অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত
তাহানিৰ জীয়নীয়া মাছ?

জ্বলিছিল সেই স্বপ্ন জানো
ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা
সেন্দূৰীয়া আমৰ থোপাত।

কেন্দুৰ ডালত বহি জেঠৰ দুপৰে
সুহুৰিত সুৰ তোলে ঝিয়াঁও ঝিয়াঁও,
ফেৰেঙণিটোত বহি বুঢ়া-ডাঙৰীয়া
লগে লগে তাল ধৰে মহা আয়মেৰে।

উজ্জ্বলিল সেই স্বপ্ন জানো
কলঙৰ নিজান ঘাটত,
জিয়াঁৰ পাখিয়ে তোলা
বৰশী-পুঙাৰ কঁপনিত?

সিপাৰৰ দোৰোণৰ নিৰ্মল শুভ্ৰতা
চৰহা-পোকৰ দৰে সোমাল চকুত,
নাকত চাবুক দিলে দূৰৰ বতাহে—
ক’ৰবাত কইনা নোওৱা।

হঠাৎ খলকে বুকু গভীৰ ব্যথাত
অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত
তাহানিৰ জীয়নীয়া মাছ?

দূৰণিৰ দিগন্তত জানোবা নামিছে সন্ধ্যা
চুচুক চামাক,
আজিও আমনি কৰে ৰঙা জিয়াঁটোৱে মোৰ
মনৰ পুঙাত,
উৰিবনে সিও বাৰু ধোঁৱাৰ লগতে
সেই সন্ধিয়াত?

(২)
মাছ – ১৯২৬-

সোণালী ৰূপালী মাছ, নীলা বেঙুনীয়া মাছ
উজ্জ্বল হীৰাৰ ছটা অয়ুত অৰ্ব্বুদ মাছ
কামনা-ৰঙীন
সাগৰ দুধাৰ কৰা গতি ক্ষুৰধাৰ,
হে দুৰ্ব্বাৰ৷
উৰন্ত ফিছাৰে ঢাকি সাগৰৰো বিৰাট বিস্তৃতি
পৰ্ব্বতৰ টিং চুমা ঢৌকা নেওচি
দুচকুত আদিগন্ত স্বপ্নৰ উজান
হে চিৰন্তন, কামনা-ৰঙীন
সৃষ্টিৰ প্ৰথম সস্তান৷
সোণালী ৰূপালী মাছ, নীলা বেঙুনীয়া মাছ,
জন্মেৰে ৰঙীন মাছ, ৰঙেৰে ৰঙীন আৰু
অজস্ৰ মৃত্যুৰ
চেপা, খোকা, পল, দলঙাত,
ঘাট-জাল, খেৱালিত, ঘিলাধাৰী নৈৰ বুকুত,
তথাপি অমৰ৷

হে মাছ, হে চিৰন্ত মাছ!
(৩)
"উভতি অহাৰ কথা"
কবি- মহিম বৰা

আমি উভতোঁ ব'লা,

উভতিল পোহাৰিৰ দল কাষত সামৰি লৈ
মূৰৰ পোহাৰ,
উভতিল গৰখীয়া গৰুজাক লৈ।
দলে দলে আকাশৰ বুকু
মুখৰিত নিনাদিত উভতনি গান,
ডাউকী বগলী কত শগুণ শৰালি,
কল্পোলিত হংসবলাকা
ডেউকাত চকামকা সন্ধিয়াৰ শান্তিৰ ধোঁৱা।

দুচকুত জিলমিল পলৰীয়া স্মৃতি
চননিৰ, ধাননিৰ,
হাড় মূৰ মৰিশালি, হাবি বননিৰ;
সিহঁতৰ ডেউকাত নেমাতে তৰাই আৰু চকু টিপিয়াই।

আকৌ আহিব যাত্ৰা নতুন দল
এইদৰে উভতিব বাৰে বাৰে ঘৰমুৱা হৈ
পুখুৰীৰ কেঁচা দল-ঘাঁহৰে আগুৰা
শৰালিযুৰিৰ সেই শান্তিৰ বাহলৈ।

শৰালিৰ নীড় যেন তোমাৰ এযুৰি চকু
দল-ঘাঁহ এড়ালিৰ স্নিগ্ধতাৰে ধোৱাঁ
উদভ্ৰান্ত মনক মোৰ টানে তাৰ
অদৃষ্ট আহ্বানে;
ক্লান্ত দুটি ডেউকাত এৰালৰ এনাজৰী বান্ধ।

এইবাৰ উভতিলোঁ মই;
উভতিছোঁ যুগে যুগে ঘৰমুৱা হৈ
আমি যত তীর্থযাত্ৰী, চিৰকাল
মইনামতী, তোমাৰ প্ৰেমৰ।

Comments

Popular posts from this blog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ

আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -

অসমীয়া লোক সাহিত্য -