আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান -
আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিছনেৰী সকলৰ অৱদান - আধুনিক অসমীয়া ভাষা সাহিত্যলৈ খ্ৰীষ্টান মিছনেৰী সকলৰ অৱদান আছিল অতি উল্লেখযোগ্য ।মিছনেৰীসকলে অসমীয়া ভাষা ভাষী লোকসকলৰ বাবে অসমীয়া অভিধান অনুবাদ ৰচনা কৰিছিল। ইংৰাজ ৰাজত্ব কালত ১৮২৬ খৃঃৰ সময়ত অসমৰ ৰাজনৈতিক পৰিৱর্তন ঘটিছিল আৰু অসমীয়া সাহিত্যৰো বিষয়বস্তু, ভাষা সাহিত্য এক গভীৰ সংকটত পৰিছিল । ইংৰাজ সকলে অসম দেশ শাসন কৰিবলৈ লোৱাৰ পাছৰেপৰা অসমৰ শাসন চলোৱাত তেওঁলোকক সহায় কৰিবলৈ বংগদেশৰ পৰা কিছুসংখ্যক বঙালী ভাষি লোক কৰ্মচাৰী হিচাপেলৈ আহিছিল।অসমত বঙালী চাকৰিয়াল বোৰে ইংৰাজ শাসন সকলকক বুজাই দিছিল যে অসমীয়া সুকীয়া ভাষা নহয়, বঙালী ভাষাৰে এটা গ্ৰাম্য ৰূপ মাথোন ৷ ইংৰাজ শাসকলকলে বঙালী ভাষা মতে অসমীয়া ভাষাৰ বিৰোধিতা কৰি ১৮৩৬ চনত অসমীয়া ভাষাটো অসমৰ পঢ়াশালি আৰু আদালতত মাতৃ ভাষা বহিষ্কাৰ কৰি সেই ঠাইত বঙলা ভাষাৰ প্ৰয়োগ কৰিছিল । ১৮৩৭ চনৰ আইন অনুসৰি ভাৰত সকলো স্থানীয় চৰকাৰে আন ভাষাৰ সলনি স্থানীয় মাতৃভাষা স্কুল, আদালতত চলাই কিন্তু অসমত এই আইনকে উলংঘা কৰা হৈছিল । যাৰ ফলত নিজ জন্মভূমিতেই অসমীয়া ভাষা হ'ল এলাগী আৰু বাহিৰৰ বঙলা ভাষা হ'ল সুৱাগী। ...






















Comments
Post a Comment