অসমীয়া লোক সাহিত্য -
অসমীয়া লোক সাহিত্য - সাহিত্য বুলিলে পোনেই কবিতা, নাটক গল্প উপন্যাস আদি লিখিত গ্ৰন্থৰ বিষয়ে মনলৈ আহে যদিও এনে গ্ৰন্থ সৃষ্টি হোৱাৰ বহুকালৰ পূৰ্বে অৰ্থাৎ লিপিৰ উদ্ভৱ হোৱাৰ বহু আগৰেপৰা জনসাধাৰণৰ মাজত প্ৰচলিত এক প্ৰকাৰ সাহিত্য চলিছিল সেয়া হ'ল লোক সাহিত্য । কেতিয়া পৰা অসমত লোক সাহিত্যৰ প্ৰচলন আৰম্ভ হৈছিল, কোনেও কব নোৱাৰে । লোক সাহিত্য আদিম যুগৰে পৰা নিৰক্ষৰ লোকৰ দ্বাৰা মুখে মুখে ৰচিত আৰু প্ৰচলিত হৈ আহিছে । বিশ্বৰ আন আন দেশৰ লোক সাহিত্যৰ দৰে অসমীয়া লোক সাহিত্য অতি প্ৰাচীন কালৰে পৰা নিৰক্ষৰ জনজাতি মাজত ৰচিত আৰু প্ৰচলিত হৈ আহিছে । ভাব অনুভূতিৰ আৰু ৰচনা প্ৰণালীৰ সৰলতাই লোক সাহিত্যৰ ঘাই বৈশিষ্ট্য । লোক সাহিত্যৰ গীত মাতবোৰৰ লগতে সভ্যতাৰ ভীষণ শত্ৰুতা । আধুনিক কাব্য ৰ লগত সহজতা সৰলতাৰ বৈশিষ্ট্যৰ বাবেই গীত সাহিত্যৰ অমিল দেখিবলৈ পোৱা যায় । লোক সাহিত্যৰ মানৱ জীৱনৰ সুখ দুখ, আশা আকাংক্ষা, ঘৃণা প্ৰশংসা, হা হুতাশা আদি বিভিন্ন অনুভূতি,হৃদয়ৰ প্ৰতি স্পন্দন, দেহ ভংগীমাৰ প্ৰকাশ, কৰুণতা, মনৰ চঞ্চলতা, সামাজিক চিত্ৰ, প্ৰকৃতিৰ বিচিত্র ৰূপ আদি প্ৰকাশ পাইছে । যুগ যুগ ধৰি অসমীয়া জনসাধাৰণৰ স্মৃতিৰ ওপৰ...