মোৰ ধৰ্ম আৰু ঈশ্বৰ
প্ৰবন্ধ (অনুবাদ) * মোৰ ধৰ্ম আৰু ঈশ্বৰ * মুল হিন্দী -মোহনদাস কৰমচান্দ গান্ধী বিভিন্ন ধৰ্মবোৰ একে ঠাইৰ হোৱাৰ বাবে বেলেগ পথ আছে ।একে ঠাইত গোট খোৱাৰ বাবে আমি সুকীয়া সুকীয়া পথেৰে যদি যাওঁ, সেইটো দুখৰ কথা হ'ব নোৱাৰে। পৃথিৱীত যিমান মানুহ আছে, সিমানটা ধৰ্ম আছে। আমি সকলো ধৰ্মৰ প্ৰতি ভাল ভাব ৰাখিব লাগে ।ইয়াৰ মাজত নিজৰ ধৰ্মটোৰ প্ৰতি উদাসীনতা আহিব বুলি ভবাতো সঠিক নহয় । তাৰ ফলত নিজৰ ধৰ্মটোৰ প্ৰতি যি অন্ধবিশ্বাস আছে, সেইবোৰত আঁতৰ হয় । এনেকৈয়ে সেই প্ৰেম জ্ঞানময় আৰু বেছি সাত্বিক তথা নিৰ্মল কৰে। পৃথিৱীৰ এটা ধৰ্ম হোৱাতো মই বিশ্বাস নকৰোঁ, সহমত হ'ব নোৱাৰোঁ ।গতিকে বিভিন্ন ধৰ্মবোৰত কোৱা মূলসূত্ৰ বিচৰাৰ চেষ্টা কৰোঁ আৰু এনে এক চিন্তা জন্ম দিবলৈ বিচাৰোঁ ।যাতে সকলোৱেই সকলো ধৰ্মকে শ্ৰদ্ধা কৰে, ভাল ভাব পোষণ কৰে, তাৰ বাবে চেষ্টা কৰোঁ । মোৰ বিচাৰ বুদ্ধি মতে পৃথিৱীৰ সকলোবোৰ ধৰ্মগ্ৰন্থ পঢ়িব লাগে ।চকুৰে নহয়, সহানুভুতিৰে পঢ়াতো প্ৰতিজন সভ্য পুৰুষ আৰু নাৰীৰ কৰ্তব্য ।এটা ধৰ্মৰ মানুহে অন্য এটা ধৰ্মৰ মানু...