Posts

Showing posts from May, 2020
সম্প্ৰীতিৰ এনাজৰী ৰচনা - হিৰণ দাস (সহঃ শিক্ষয়িত্ৰী) ৰোহিনী কুমাৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয় সংগ্ৰাহিকা - শ্ৰদ্ধা কোঁৱৰ দেউৰী নৈখনৰ নাম সোণাই। খৰালিকালত লাৱনি নৈ খনে ধীৰ স্থিৰ গতিত বৈ থাকে। আকৌ বাৰিষা কালত নৈ খনে ভৰ যৌৱন হৈ চঞ্চলা ৰূপ ধাৰণ কৰি তীব্ৰ বেগেৰে গতি কৰে। যেন কালৈকো ৰ'বলৈ সময় নাই। কিন্তু এই তীব্ৰ বেগী সোণায়ে দুয়োপাৰে খেতি পথাৰ বোৰত আজলি ভৰাই চতিয়াই থৈ যায় পলসৰ চেকুৰা। এই নৈখনৰপৰা কিছু নিলগত সংখ্যা লঘু মুছলমান অধ্যুষিত এখন কৃষিজীৱী গাঁও । গাওঁ খনৰ নাম ডবকা। আকৌ আনটো পাৰত খেতি পথাৰৰ পৰা কিছু দূৰত শাল গছেৰে ভৰি থকা এটা অঞ্চল। তাৰ কাষেৰে অকাই পকাই যোৱা সৰু ঠেক ৰাস্তাটোৰে গ'লে হিন্দু বসতি প্ৰধান দেওশাল গাওঁ খন পায়। নৈৰ ওপৰত থকা সাঁকোখনেই হ'ল দুয়োখন গাঁৱৰ সংযোগ স্থল।   দেওশল গাঁৱৰ বাস কৰা গৰীৱ পৰিয়ালৰ ল'ৰা সনত। সনতৰ বয়স ছয় বছৰ হওতে দেউতাকে সনত আৰু ঘৈনীয়েকক এৰি এই পৃথিৱীৰ পৰা চিৰবিদায় লয়। মাকে গাঁৱৰে ইঘৰ সিঘৰত কাম কৰি দুয়োৰে ভাত মুঠি কোনোমতে যোগাৰ কৰে। এদিন সনতক ওচৰৰ প্ৰথমিক বিদ্যালয়ত নাম লগাই দিলে। মাকে গাঁৱৰে মধ্যবিত্ত ঘৰৰ ল' ৰাৰ পুৰণি কাপোৰ খুজ