Posts

Showing posts from June, 2019

নাৰী

নাৰী নিৰ্যাতন আৰু ইয়াৰ ভয়াবহতা ✍ শ্ৰদ্ধা কোঁৱৰ দেউৰী জ্ঞানবিজ্ঞান আৰু প্রযুক্তিৰ দিশেৰে বিশ্বই অভূতপূৰ্ব উন্নতি সাধন কৰিলেও এতিয়াও কিছু কিছু নৈতিক আৰু মনস্তাত্ত্বিক সমস্যা মানৱ সমাজক পীড়া দিয়ে । তাৰে এটা হৈছে নাৰী নিৰ্যাতন। বিশ্বৰ মূঠ জনসংখ্যাৰ প্রায় অৰ্ধেক নাৰী আৰু সমাজৰ উন্নয়নত তেওঁলোকৰ অৱদান অনস্বীকাৰ্য। কিন্তু তাৰপিছতো সাধাৰণভাৱে তেওঁলোকে শান্তি, নিৰাপত্তা আৰু অধিকাৰৰ দিশেৰে এতিয়াও পুৰষৰ সমকক্ষ নহয়। জাতিসংঘ মানবাধিকাৰ কমিচনৰ সাম্প্রতিক ৰিপোৰ্টত ( ৪ এপ্রিল ) কোৱা হৈছে যে বিশ্বৰ দৰিদ্র জনগণৰ ৭০ শতাংশই নাৰী আৰু মাত্র এক শতাংশ নাৰীৰ নিজস্ব মালিকানাত সম্পত্তি আছে। এই প্রতিবেদনটিয়ে প্রমাণ কৰে যে, নাৰীসকল কোনোভাৱেই পুৰুষৰ সমান অধিকাৰ পোৱা নাই। ইয়াৰ ওপৰিও দুখজনকভাৱে বিশ্বৰ অধিকাংশ দেশত বিভিন্ন প্রক্রিয়াত নাৰীসকল নিৰ্যতিত হৈছে। জাতিসংঘ মহাসচিব বেন কি মুনে কেইদিনমানৰ আগত নাৰী নিৰ্যাতন বিৰোধী দিৱসত প্রতিশ্রুতি দিছিলি যে, ২০১৫ চনত এই ধৰণৰ নিৰ্যাতনৰ বিৰুদ্ধে জাতিসংঘ সংগ্রাম জোৰদাৰ কৰিব আৰু নাৰীসকলৰ ওপৰত যৌন নিপীড়নৰ বিৰুদ্ধেও তীব্র প্রতিৰোধ গড়ি তোলা হ'ব। বিগত ২৫ ফেব্রুৱাৰীত জাতিসংঘত অ